Logo
image

নলবাৰীৰ ৰাসত পিঠা-লাৰু বেচি দুই কোটি টকা পালে মহিলা আত্মসহায়ক গোটে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ ডিচেম্বৰ : ১৪ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত নলবাৰী ৰাস মহোৎসৱত স্থানীয় আত্মসহায়ক গোটৰ মহিলাই বিক্ৰী কৰিলে প্ৰায় ২ কোটি টকা মূল্যৰ পিঠা-লাৰু৷–এই তথ্য সদৰি কৰিছে নলবাৰীৰ বিধায়ক তথা পৰ্যটন উন্নয়ন দপ্তৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই৷ অসমৰ সাংস্কৃতিক সমন্বয়ৰ নৱ-মিলন ভূমি হৈ উঠা নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে৷ ৯১ বছৰ গৰকা ৰাস মহোৎসৱত বিগত বৰ্ষৰ দৰে এইবাৰো মূৰ্তি ৰাসৰ লগতে বাণিজ্য মেলা, নলবেইৰা হাট, মীনা বজাৰ, গ্ৰন্থমেলা, থিয়েটাৰ আৰু জীৱন্ত ৰাসৰ প্ৰদৰ্শন কৰা হয়৷ নলবাৰীৰ ৰাস মহোৎসৱলৈ ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা লক্ষাধিক ভক্তৰ আগমণ ঘটে৷ এইবাৰৰ ৰাসৰ ১৪ দিনীয়া কাৰ্যসূচীত নলবাৰীৰ স্থানীয় আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰায় ২ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয়৷ এই তথ্য ৰাজহুৱা কৰি শনিবাৰে গুৱাহাটীত এটা অনুষ্ঠানত নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়–‘গুৱাহাটীত এটা অনুষ্ঠান পাতি অসমৰ সকলো জিলাৰ পৰা মানুহ অনাটো পৰ্যটন নহয়৷


পৰ্যটন ইয়াক কোৱা হয়, অসমৰ যি ঠাইতেই অনুষ্ঠান নাপাতক লাগে অসমৰ বাহিৰৰ বা ভাৰতবৰ্ষৰ বাহিৰৰ পৰা কিমান মানুহ আহিছে৷ মই নলবাৰীত ৰাস পাতিছো, নলবাৰীৰ আৰ্থিক উন্নতি হৈছে৷ নলবাৰী ৰাসত আত্মসহায়ক গোটে পিঠা-লাৰুকে ধৰি বিভিন্ন সামগ্ৰী বিক্ৰী কৰি ২ কোটি টকাৰ ব্যৱসায় কৰিছে৷ কিন্তু ইয়াৰ ফলত অসমৰ অৰ্থনীতিত কোনো লাভ হোৱা নাই৷ আত্মসহায়ক গোটৰ মহিলাসকলে ১৩ দিনত বিক্ৰী কৰা সামগ্ৰীৰ দ্বাৰ ১ কোটি ৮৯ লাখ টকাৰ ব্যৱসায়ৰ হিচাপ দিছে৷ লাৰু-পিঠা, গামোচা ইত্যাদি বিক্ৰী কৰি ১ কোটি ৮৯ লাখ টকাৰ ব্যৱসায় কৰাটো ডাঙৰ কথা৷ কিন্তু ইয়াৰ দ্বাৰা স্থানীয় অৰ্থনীতিৰহে উন্নয়ন হৈছে৷ নলবাৰীত ৰাস চাবলৈ বুলি গুৱাহাটী, বৰপেটা, শদিয়াৰ পৰা যোৱা মানুহখিনিহে এই সা-সামগ্ৰীবোৰ কিনিছে৷ কিন্তু, যদি দ্বাৰকাৰ পৰা কৃষ্ণ ভক্ত আহি ২-৩ দিন হোটেলত থাকি ৰাস চাইছে, তেতিয়াহ’লেহে ৰাজ্যৰ পৰ্যটনৰ উন্নয়ন হোৱা বুলি কোৱা হয়৷’ উল্লেখ্য, এইবাৰৰ নলবাৰীৰ ৰাস মহোৎসৱত গ্ৰন্থমেলাত ২৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰীৰে আন এক অভিলেখ ৰচনা কৰে৷ বিগত ১৫ নৱেম্বৰত নলবাৰী ৰাসৰ উদ্বোধনী অনুষ্ঠানত দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক ‘ৰামায়ণ’ত ৰামৰ চৰিত্ৰত অভিনয় কৰা শিল্পী অৰুণ গোভিল আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী দীপিকা চিখলিয়াই অংশগ্ৰহণ কৰিছিল৷

তেজপুৰৰ ৰাসত তিনি গোপীলৈ স্বৰ্ণ অলংকাৰ-পাটৰ কাপোৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ : তেজপুৰৰ লগতে শোণিতপুৰৰ বিভিন্ন অঞ্চলত বৰ্তমানেও অব্যাহত আছে ৰাস মহোৎসৱ৷ তেজপুৰৰ বিহগুৰি কলিতাগাঁও, গটঙা, নিকামূল আমতলি আদিৰ উপৰি বেবেজীয়া তিনিআলিত দুদিনীয়াকৈ উদযাপন কৰা হয় ৰাস উৎসৱৰ৷ তদুপৰি আৰু একাধিক স্থানত ৰাসৰ আয়োজন চলিছে৷ যোৱা নিশা অন্তপৰা তেজপুৰৰ তিনিআলি ৰাস উৎসৱত সহস্ৰাধিক দৰ্শকৰ আগমন ঘটে৷ উল্লেখ্য, তেজপুৰৰ এখন পুৰণা ৰাস হিচাপে পৰিচিত তেজপুৰৰ তিনিআলি আঞ্চলিক ৰাস এইবাৰ উদযাপন কৰা হয় ৬৮সংখ্যক ৰাসউৎসৱ হিচাপে৷ অঞ্চলটোৰ বিষ্ণুজ্যোতি বিদ্যালয় প্ৰাংগনত দুটা নিশা প্ৰদৰ্শন কৰা হয় শ্ৰীকৃষ্ণৰ কেলিগোপাল নাট৷ সুন্দৰ দৃশ্যসজ্জা আৰু আলোক সজ্জাৰে ৰভাথলী সজাই তোলা এইখন ৰাস উদযাপন সমিতিয়ে নিয়াৰিকৈ অনুষ্ঠিত কৰে ৰাসউৎসৱ৷ দুয়োটা নিশা শ্ৰীকৃষ্ণ আৰু ৰাধাৰ অভিনয়ে দৰ্শকক আপ্লুত কৰে৷ উল্লেখ্য, এইখন ৰাসত দুয়োটা নিশা গোপী নৃত্য কৰা গোপীসকলৰ মাজত এক প্ৰতিযোগিতাও অনুষ্ঠিত হয় আৰু সেই অনুসৰি, প্ৰথম শ্ৰেষ্ঠ গোপীক সোণৰ চেইন, এযোৰ পাতৰ কাপোৰ, এখন শৰাই আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়৷ ৰাসখনত শতাধিক গোপীৰ মাজৰ পৰা প্ৰথম স্থান অৰ্জন কৰে জয়শ্ৰী শইকীয়াই৷ আনহাতে, দ্বিতীয় স্থান লাভ কৰা স্বপ্না বৰাই লাভ কৰে এটা সোণৰ আঙঠি, এযোৰ পাতৰ কাপোৰ, শৰাই আৰু মানপত্ৰ লাভ কৰাৰ লগতে তৃতীয় স্থান অৰ্জন কৰা নিলাংগনা বৰাই লাভ কৰে  এযোৰ সোণৰ খাৰু, পাতৰ কাপোৰ আৰু মান-পত্ৰ৷ তদুপৰি এইখন ৰাসৰ আন ১১ গৰাকী গোপীক এযোৰকৈ কাপোৰ আৰু অভিনন্দন পত্ৰৰে সন্মানিত কৰা হয়৷ এই উপহাৰ অৰ্জন কৰিবলৈ সক্ষম হয় নবশ্ৰী কলিতা, কাব্যশ্ৰী মহন্ত, ৰজি দাস, ৰিয়া শইকীয়া, টিনা কলিতা, প্লাবিতা শইকীয়া, জিনানছিনি শইকীয়া, দীপশিখা শইকীয়া, নিকিতা পটংগীয়াই৷ তদুপৰি বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ৰুবী দাসে৷ প্ৰণিধানযোগ্য যে, প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্ব পালন কৰে তেজপুৰৰ অভিজ্ঞ সত্ৰীয়া নৃত্য শিল্পী মিতালী বৰঠাকুৰ, নিলাক্ষী বৰুৱা আৰু যোগেন দত্তই৷ তিনিআলি আঞ্চলিক ৰাসত প্ৰদৰ্শিত কেলিগোপাল নাটখন পৰিচালনা কৰে দিব্যজ্যোতি মহন্তই৷