শপতগ্ৰহণৰ দিন চমু চাপিছে, ‘মৌন’ সিন্দেৰ পুত্ৰক উপ-মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ ডিচেম্বৰ : মহাৰাষ্ট্ৰৰ নতুন চৰকাৰৰ শপতগ্ৰহণলৈ মাজত ৪ দিন বাকী থকা অৱস্থাত মুখ্যমন্ত্ৰী কোন হ’ব সেয়া নিৰ্ধাৰণ নহ’লেও সম্ভাব্য উপ-মুখ্যমন্ত্ৰীৰ নাম চৰ্চালৈ আহিছে৷ মুম্বাইৰ ক্ষমতাৰ অলিন্দত এতিয়া উপ-মুখ্যমন্ত্ৰী হিচাপে চৰ্চালৈ আহিছে একনাথ সিন্দেৰ পুত্ৰ শ্ৰীকান্তৰ নাম৷ মুখ্যমন্ত্ৰী হ’বলৈ নাপাই অসন্তুষ্ট হৈ থকা একনাথ সিন্দেয়ে দেওবাৰে দিয়া মন্তব্যই এই চৰ্চাত ইন্ধন যোগাইছে৷ যোৱা ৪ দিন ধৰি একনাথ সিন্দে ‘মৌন’, সোমাই আছিল সাতাৰাৰ ডাৰেৰ গাঁৱৰ ঘৰত৷ সাংবাদিক, সতীৰ্থ ৰাজনীতিক আৰু সহযোগী দল বিজেপি-এনচিপিৰ সৈতেও যোগাযোগ বিছিন্ন৷ দেওবাৰে বিয়লি তেওঁ মুম্বাইলৈ উভতি আহি মৌনতা ভংগ কৰিছে৷ তেওঁ কৈছে, চৰকাৰ গঠন-মুখ্যমন্ত্ৰী সন্দৰ্ভত বিজেপিয়ে যি সিদ্ধান্ত লয়, তাত তেওঁৰ সন্মতি থকা বুলি বুধবাৰেই জনাই দিছে৷ তাৰ পাছত আৰু এই সন্দৰ্ভত ক’বলৈ কি আছে৷ আনহাতে পুত্ৰ শ্ৰীকান্ত উপ-মুখ্যমন্ত্ৰী হ’ব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ স্পষ্টকৈ নক’লেও জনায় যে, চৰকাৰ গঠন অৰ্থাৎ মন্ত্ৰীপদ সন্দৰ্ভত তেওঁ দেৱেন্দ্ৰ ফাড়নবীশ, অজিত পাৱাৰৰ সৈতে আলোচনা কৰিব, তাতে উপ-মুখ্যমন্ত্ৰী তেওঁৰ দলৰ পৰা কোন হ’ব সেয়া চূড়ান্ত হ’ব৷ উল্লেখ্য, একনাথ সিন্দেৰ পুত্ৰ শ্ৰীকান্ত সিন্দে বৰ্তমান কল্যাণৰ সাংসদ৷ মুখ্যমন্ত্ৰীৰ পদ এৰিবলগীয়া একনাথ সিন্দেই নিজে উপ-মুখ্যমন্ত্ৰীৰ পদ ল’বলৈ বিচৰা নাই৷ তেওঁ সেই পদ দিবলৈ বিচাৰিছে পুত্ৰ শ্ৰীকান্তক৷
উল্লেখ্য যে বিজেপিয়ে কৰা ঘোষণা অনুসৰি অহা ৫ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ মহাযুটি চৰকাৰে শপতগ্ৰহণ কৰিব৷ আজাদ ময়দানত হ’বলগীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ শীৰ্ষনেতা উপস্থিত থাকিব৷ অৱশ্যে বিজেপিয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী কোন হ’ব, সেয়া দেওবাৰেও ঘোষণা কৰা নাই৷ ইমানদিনে বিজেপিয়ে মহাযুটিৰ মাজত ঐক্যমত্য থকা বুলি ঘোষণা কৰি থাকিলেও এতিয়া মহাযুটিৰ মাজত, বিশেষকৈ বিজেপি আৰু শিৱসেনাৰ মাজত যে বিভেদৰ প্ৰাচীৰ থিয় হৈছে, সেয়া তৰ্কাতীতভাৱে সত্য বুলি প্ৰকাশ পাইছে৷ তদুপৰি এই বিভেদ যে মুখ্যমন্ত্ৰী পদক লৈয়েই সৃষ্টি হৈছে, সেয়াও জলজল পটপট৷ যোৱা শনিবাৰে মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাইছিল৷ সেই হিচাপত আজি নৱম দিনতো মহাৰাষ্ট্ৰৰ মহাযুটিয়ে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব নোৱাৰাটো বাস্তবিকতে উদ্বেগজনক পৰিস্থিতি৷ যোৱা বৃহস্পতিবাৰে দিল্লীৰ পৰা উভতি আহি মহাযুটিৰ তিনিও নেতা একনাথ সিন্দে, এনচিপিৰ অজিত পাৱাৰ আৰু বিজেপিৰ দেৱেন্দ্ৰ ফাড়নবীশে বৈঠক অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী তথা চৰকাৰ গঠনৰ সকলো চূড়ান্ত কৰাৰ কথা আছিল৷ কিয়নো আগদিনা তিনিজনেই সাক্ষাৎ কৰিছিল নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক৷ একনাথ সিন্দেই কৈছিল– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি ক’ব, তাকেই তেওঁলোকে পালন কৰিব৷ কিয়নো, মোদী তেওঁলোকৰ অভিভাৱক৷ কিন্তু মুম্বাইত উপস্থিত হোৱাৰ পাছত হোৱাৰ পাছত সিন্দে হঠাতে গাঁৱলৈ গুচি যায়৷ সেই ত্ৰিদলীয় বৈঠক আৰু অনুষ্ঠিত নহ’ল৷
মুখ্যমন্ত্ৰীৰ আসন এৰিবলৈ অনিচ্ছুক একনাথ সিন্দেহ চৰকাৰত নাথাকিব বুলি ঘোষণা কৰাৰ আশংকাৰ সৃষ্টি হ’লেও তেওঁ অৱশ্যে দেওবাৰে তেনে ইংগিত দিয়া নাই৷ শক্তিশালী স্থিতি লৈ ১৩২খন আসন লাভ কৰা বিজেপিক চৰকাৰ গঠনৰ বাবে মাথোঁ ১৩খন আসনৰ প্ৰয়োজন৷ অজিত পাৱাৰৰ ৪১জন বিধায়ক থকা এনচিপি মহাযুটিৰ অংশীদাৰ হিচাপে লগত আছেই৷ গতিকে সিন্দেৰ ৫৭ বিধায়ক কোনো পৰিস্থিতিত আঁতৰি গ’লেও বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিব৷ ২০১৯তো একেই পৰিস্থিতিত পৰিছিল বিজেপি৷ মুখ্যমন্ত্ৰীৰ আসন দাবী কৰিছিল শিৱেসনাৰ উদ্ধৱ থাক্ৰেই৷ বিজেপিয়ে সেই দাবী মানি লোৱা নাছিল৷ ফলত হিন্দুত্বৰ আদৰ্শ ত্যাগ কৰি মুখ্যমন্ত্ৰী পদৰ বাবে উদ্ধৱ থাকৰেই বিজেপিৰ সংগ ত্যাগ কৰি কংগ্ৰেছ আৰু এনচিপিৰ সৈতে চৰকাৰ গঠন কৰে৷ দুবছৰ পাছত একনাথ সিন্দেই উদ্ধৱ থাক্ৰেৰ বিৰুদ্ধে হিন্দুত্বৰ আদৰ্শ ত্যাগ কৰাৰ অভিযোগ তুলি শিৱসেনাৰ পৰা ৫০জনমান বিধায়কক ফালি আনি বিজেপিৰ সমৰ্থনত চৰকাৰ গঠন কৰে৷ পাছত সিন্দেৰ চৰকাৰত যোগ দিয়ে ৰাজনৈতিক মত পাৰ্থক্য থকা এনচিপিৰ পৰা দল ফালি অহা অজিত পাৱাৰেও৷ পিছে এইবাৰ এটা কথা নিশ্চিত কংগ্ৰেছ-এনচিপি-শিৱসেনাৰ সৈতে লগ লাগিলেও একনাথ সিন্দেই চৰকাৰ গঠন কৰিব নোৱাৰে৷ সিন্দেৰ ৫৭খন আসন থাকিলেও বাকী এটা দলৰ এইবাৰ মুঠ আসন ৪৫খনহে৷ মহাৰাষ্ট্ৰত চৰকাৰ গঠন— কৰিবলৈ ১৪৫জন বিধায়কৰ প্ৰয়োজন৷