অসম দিৱসত চ্যুকাফাক স্মৰণ
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৩ ডিচেম্বৰ : গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, তেজপুৰকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে দেশৰ ভিন্ন প্ৰান্তত সোমবাৰে বৰঅসমৰ ভেটি গঢোঁতা চাওলুং চ্যুকাফাক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়৷ সোমবাৰৰ চ্যুকাফা দিৱসৰ দিনটোত চৰকাৰী আৰু বেচৰকাৰী পৰ্যায়ত বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে স্বৰ্গদেউ চ্যুকাফাৰ বৰ্ণময় জীৱন আৰু কৰ্মৰাজিক স্মৰণ কৰা হয়৷ ৬০০ বছৰীয়া আহোম ৰাজত্বৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ স্মৃতিত সোমবাৰে পালন কৰা হয় চ্যুকাফা দিৱস বা অসম দিৱস৷ উল্লেখ্য, ১২২৮ খৃষ্টাব্দৰ এই দিনটোতেই স্বৰ্গদেউ চাওলুং চ্যুকাফাই পাটকাই পৰ্বত হৈ সৌমাৰপীঠত প্ৰৱেশ কৰিছিল৷ ইয়াৰ পিছতে অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি ১২৫৩ খৃষ্টাব্দত চৰাইদেউত আহোমশাসিত অসমৰ প্ৰথম ৰাজধানী প্ৰতিষ্ঠা কৰে৷ ৬০০ বছৰ শাসন কৰা আহোম ৰাজত্বই এই সুদীৰ্ঘ সময়ছোৱাত বিভিন্ন জাতি-উপজাতিক একত্ৰিত কৰি ৰখাত তেওঁৰ অৱদান উল্লেখযোগ্য৷ ১৯৮৭ চনৰ পৰা অসম চৰকাৰে বৰ অসমৰ ভেটি গঢ়োঁতা চাওলুং চ্যুকাফাৰ পৱিত্ৰ স্মৃতিত ২ ডিচেম্বৰত অসম দিৱস হিচাবে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, চৰাইদেউ জিলা প্ৰশাসন, স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতি, বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ মৈদাম উন্নয়ন আৰু সংৰক্ষণ সমিতি, সদৌ তাই আহোম ছাত্ৰ সন্থা, চ্যুকাফা আঞ্চলিক সমিতি, চ্যুকাফা চকিয়াল যুৱ সমাজ, মহিলা গোট আৰু স্থানীয় ৰাইজৰ সহযোগত বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম থলীত বিস্তৃত কাৰ্যসূচীৰে ‘অসম দিৱস’ (চ্যু-কা-ফা- দিৱস) উদ্যাপন কৰা হয়৷
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই তেওঁৰ বক্তব্যত চৰাইদেউৰ মৈদামসমূহ কেৱল জিলাখনৰ বা ৰাজ্যখনৰে নহয়, সমগ্ৰ দেশৰ বাবে এক অনুপম সম্পদ বুলি উল্লেখ কৰে৷ নীল আৰ্মষ্ট্ৰঙৰ চন্দ্ৰপৃষ্ঠত ৰখা প্ৰথম খোজৰ দৰেই চাওলুং চ্যুকাফাই সৌমাৰপীঠত দিয়া প্ৰথমটি খোজক তেওঁ যুগান্তকাৰী খোজ বুলি অভিহিত কৰে৷ আহোম কীৰ্তিচিহ্ন, মৈদামসমূহ আদিয়ে সেই যুগৰ স্বৰ্ণিল ইতিহাসৰ স্বাক্ষৰ আজিও বহন কৰি আছে বুলি তেওঁ উল্লেখ কৰে৷ নৱ প্ৰজন্মই স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ আদৰ্শ সৰোগত কৰি দেশ আৰু দহৰ উন্নতিৰ হকে কামত আত্মনিয়োগ কৰিলেহে প্ৰকৃতাৰ্থত স্বৰ্গদেউ গৰাকীক সন্মান প্ৰদান কৰা হ’ব বুলিও তেওঁ মত পোষণ কৰে৷ অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি প্ৰদান কৰা বক্তব্যত অসম দিৱসৰ দিনটো এক সমন্বয়ৰ দিন বুলি উল্লেখ কৰে৷ তেওঁ স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এখন উন্নত তথা আধুনিক অসম গঢ়াৰ বাবে সকলোকে অংগীকাৰবদ্ধ হ’বলৈ আহ্বান জনায়৷ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে তেওঁৰ ভাষণত স্বৰ্গদেউ চাওলুং চুকাফাই ১২৫৩ চনত চৰাইদেউত আহোম সাম্ৰাজ্যৰ স্থায়ী ৰাজধানী স্থাপন কৰি বৰ অসম নিৰ্মাণৰ পাতনি মেলিছিল বুলি উল্লেখ কৰে৷ বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি স্বৰ্গদেউ গৰাকীয়ে বৃহৎ অসমীয়া জাতি কৰি থৈ গৈছে বুলিও কয়৷ নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই তেওঁৰ বক্তব্যত স্বৰ্গদেউ চাওলুং চুকাফাক শ্ৰদ্ধাৰে সুঁৱৰি আহোম সকলৰ সৰ্বাংগীণ উন্নয়নৰ হ’কে নিৰন্তৰ পদক্ষেপ গ্ৰহণ কৰি যাবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়৷ মৈদাম ক্ষেত্ৰক আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান কৰাৰ বাবে তেওঁ সংশ্লিষ্ট সকলোৰে প্ৰচেষ্টাক শলাগ লয়৷ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসে৷ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ সৌমাৰজ্যোতি মহন্তই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি তত্ত্বগধুৰ বক্তৃতা প্ৰদান কৰে৷ তেওঁ বৃহৎ অসমীয়া জাতি গঠনত স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ অৱদান, আহোম সাম্ৰাজ্য বিস্তাৰ আৰু শক্তিশালীকৰণত তেওঁৰ ভূমিকা, ৰাজনৈতিক নীতি-দৰ্শন, প্ৰশাসনিক পাৰদৰ্শিতা তথা বিচক্ষণতা আদি দিশসমূহৰ বিষয়ে বিশ্লেষণাত্মক অৱলোকন আগবঢ়ায়৷
এই অনুষ্ঠানত আৰম্ভণিতে আমন্ত্ৰিত অতিথিসকলে পৰম্পৰাগত পূজাত অংশগ্ৰহণ কৰাৰ লগতে স্বৰ্গদেউ চাওলুং চু্য-কা-ফাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পন কৰে৷ অনুষ্ঠানৰ অংশস্বৰূপে ভালেকেইগৰাকী আমন্ত্ৰিত শিল্পী, সাহিত্যিক, গৱেষক, সমাজকৰ্মী, আদৰ্শ খেতিয়ক আৰু দল-সংগঠনক সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠান অন্যতম আকৰ্ষণ হিচাপে বিভিন্ন সাংস্কৃতিক দলৰ দ্বাৰা বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰা হয়৷ নুৰচেং মহনৰ দলৰ দ্বাৰা পৰিবেশিত লাই লুং খাম নৃত্য, বেঙেনাবাৰী বড়ো সাংস্কৃতিক দলৰ দ্বাৰা পৰিবেশিত দাউশ্ৰীদেলাই নৃত্য, আইদেউ বাৰী হাবি মহিলা সাংস্কৃতিক দলৰ দ্বাৰা পৰিবেশিত নেপালী লোক নৃত্য, তপন তাঁতীৰ নেতৃত্বত চৰাইদেউ ঝুমুৰ দলৰ দ্বাৰা পৰিবেশিত ঝুমুৰ নৃত্য, মানৱ জ্যোতি টায়েৰ দলৰ দ্বাৰা পৰিবেশিত মিচিং লোক নৃত্য, শিৱ বেজবৰুৱাৰ দলৰ দ্বাৰা পৰিবেশিত বিহু নৃত্য, প্ৰীতি সন্দিকৈৰ দলৰ দ্বাৰা পৰিবেশিত আই চিং লাও নৃত্য আৰু প্ৰবীণ মহনৰ দলৰ দ্বাৰা পৰিবেশিত সমবেত সংগীত কাৰ্যসূচীয়ে অনুষ্ঠানটি জীপাল কৰি তোলে৷ এই অনুষ্ঠানত চৰাইদেউ জিলাৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, আৰক্ষী অধীক্ষক সুৰজীৎ সিং পানেছৰ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই প্ৰমুখ্যে জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে৷ কাজিৰঙাত অনুষ্ঠিত হোৱা চ্যুকাফা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ পতাকা উত্তোলন বাবে সদৌ অসম তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈয়ে৷ গুৱাহাটী মহানগৰীৰো বিভিন্ন ঠাইত চাওলুং চ্যুকাফাক স্মৰণ কৰা হয়৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন দিল্লীত অসম দিৱস উপলক্ষে চাওলুং চ্যুকাফালৈ গভীৰ শ্ৰদ্ধা নিৱেদন কৰে৷ দিল্লী আৰু পঞ্জাবৰ ৰাজ্যপালেও অসম দিৱসৰ দিনটোত স্বৰ্গদেউ চ্যুকাফাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিৱেদন কৰে৷ নতুন দিল্লী, মুম্বাই আৰু বেংগালুৰুৰ উপৰি বিশ্বৰ বিভিন্ন প্ৰান্তত থকা প্ৰৱাসী অসমীয়াৰ উদ্যোগতো চ্যুকাফা দিৱসৰ দিনটোত চাওলুং চ্যুকাফাক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়৷
কাজিৰঙাত আটাছুৰ চ্যুকাফা দিৱস
‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক : ‘চাওলুং চ্যুকাফা অসমৰ ইতিহাসৰ এক অমূল্য ৰত্ন৷ বৰ অসমৰ স্বপ্নদ্ৰষ্টা হিচাপে খ্যাত, সাংস্কৃতিক পুনৰ্জাগৰণৰ পথিকৃৎ আৰু অসমীয়া সমাজৰ বিকাশৰ এক দিশপালিকা হিচাপে পৰিগণিত চাওলুং চ্যুকাফাৰ চিন্তা, আদৰ্শ তথা প্ৰাসংগিকতা সাম্প্ৰতিক সময়ৰ অসমৰ পৰিৱেশ-পৰিস্থিতিতো অক্ষুণ্ণ হৈ আছে’– আজি কাজিৰঙাত অনুষ্ঠিত চ্যুকাফা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ পতাকা উত্তোলন কৰি এইদৰে কয় সদৌ অসম তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈয়ে৷ কাজিৰঙা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত চ্যুকাফা দিৱসৰ পতাকা তুলি বসন্ত গগৈয়ে লগতে কয় যে জাতি-ভেদ্যতাৰ অজুহাতৰ বিপৰীতে স্বৰ্গদেউ চ্যুকাফাই বৰ অসম গঢ়াৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত অসমৰ সুস্থিৰ অৱস্থাৰ সকলো পক্ষ একত্ৰিত হৈ থাকিবৰ বাবেও গগৈয়ে আহ্বান জনায়৷ উল্লেখ্য, এদিনীয়া কাৰ্যসূচীৰে আজি কাজিৰঙাত অনুষ্ঠিত হয় কেন্দ্ৰীয়ভিত্তিত চ্যুকাফা তথা অসম দিৱস৷ এই দিৱসৰ লগত সংগতি ৰাখি অসমভিত্তিত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ ইয়াৰ পাছতেই আটাছুৰ পতাকা উত্তোলন কৰা হয় আৰু কাজিৰঙা তাই আহোম মহিলা দলৰ নেতৃত্বত তাই আহোমৰ জাতীয় সংগীত পৰিৱেশন কৰা হয়৷ ইয়াৰ পাছতেই আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনোজ গগৈয়ে মৈদাম তৰ্পণ কৰাৰ সমান্তৰালভাৱে বন্তি প্ৰজ্বলন কৰে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদকদ্বয় অচু্যত বৰগোহাঁই আৰু দিগন্ত চাংমাই আৰু সহকাৰী সম্পাদক ধ্ৰৱজ্যোতি শইকীয়াই৷ ইয়াৰ পাছতেই স্থানীয় কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্বত থাকে ভাস্কৰ্য শিল্পী পাপু ঘোষ৷ ইয়াৰ পাছতেই দিৱসৰ লগত সংগতি ৰাখি ‘চাওলুং চু্যকাফা নাছিল দিগ্বীজয়ী বীৰ, আছিল সমন্বয়ৰ প্ৰতীক’ শীৰ্ষক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে৷ কেন্দ্ৰীয় কাৰ্যসূচীৰ উদ্যাপনথলীত গুৱাহাটীৰ দাপোণ প্ৰকাশনৰ দ্বাৰা স্থাপন কৰা গ্ৰন্থ বিপণীয়ে এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে৷ ইপিনে, অসম দিৱসৰ প্ৰথমটো কাৰ্যসূচী হিচাপে পুৱা অনুষ্ঠিত হোৱা অসমভিত্তিত মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে খুমটাইৰ তিক্ষেশ্বৰ কুৰ্মীয়ে৷ আনহাতে, গুৱাহাটীৰ বিজয় ডেকাই দ্বিতীয় আৰু কাৰ্বি আংলঙৰ বিকাশ ঠেঙালে তৃতীয় স্থান লাভ কৰে৷ তদুপৰি, অনলাইন মাধ্যমেৰে অসমভিত্তিত আয়োজন কৰা ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান নগাঁৱৰ ৰূপজ্যোতি অধিকাৰীয়ে লাভ কৰাৰ বিপৰীতে লখিমপুৰৰ আকাংক্ষা তামুলীয়ে দ্বিতীয় আৰু কাজিৰঙাৰ অজানিতা হাজৰিকাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷ আজি সন্ধিয়া অনুষ্ঠিত মুকলি সভাত বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰপ্ৰাপ্তসকলক বঁটা প্ৰদান কৰা হয়৷ নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী অনুষ্ঠিত হয়৷
মাৰ্ঘেৰিটা-হাচাকত চাওলুং চ্যুকাফাক স্মৰণ
‘আমাৰ অসম’ৰ লিডুৰ প্ৰতিবেদক : ৰাজ্য অন্যান্য প্ৰান্তৰৰ দৰে আজি মাৰ্ঘেৰিটাতো বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চ্যুকাফাক স্মৰণ কৰা হয়৷ পুৱাৰ মাৰ্ঘেৰিটা ই’ক পাৰ্কস্থিত চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি পৰিচালনা সমিতিৰ উদ্যোগত চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ ইয়াৰ পাছতে প্ৰণৱ গগৈৰ সভাপতিত্বত এক আলোচনা-চক্ৰ অনুষ্ঠিত কৰা হয়৷ উক্ত অনুষ্ঠানত মাৰ্ঘেৰিটা ভিন্ন প্ৰান্তৰ বহুসংখ্যক গণ্য-মান্য ব্যক্তি তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে৷ সন্ধিয়া চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিস্থিত স্থানত বন্তি প্ৰজ্বলন কৰে৷ মাৰ্ঘেৰিটা সমজিলাৰ হাচাকতো চ্যুকাফা দিৱস উদ্যাপন কৰা হয়৷ মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লেখাপানীৰ হাচাক ৰাজহুৱা খেলপথাৰত আজি বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চ্যুকাফাক স্মৰণ কৰা হয়৷ সদৌ অসম তাই আহোম ছাত্ৰ সন্থাৰ পাটকাই আঞ্চলিক আৰু লাচিত কুমচাই শাখাৰ উদ্যোগত বৃহত্তৰ কুমচাই অঞ্চলৰ ৰাইজৰ সহযোগত আয়োজন কৰা হয় চ্যুকাফা দিৱস৷ পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ পাতনি মেলে বিমল গগৈয়ে৷ স্মৃতি তৰ্পণ কৰে গোপাল গগৈয়ে৷ মৈদাম তৰ্পণ কৰে ৰমা মহনে৷ চ্যুকাফা দিৱসৰ লগত সংগতি ৰাখি কুমচাই অঞ্চলত নিৰ্মাণ কৰা ৰাজহুৱা পুথিভঁৰালটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়৷ আনুষ্ঠানিকভাৱে পুথিভঁৰালটো উদ্বোধন কৰে মাৰ্ঘেৰিটা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক উৎপল কোঁৱৰে৷ চ্যুকাফা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় চিত্ৰাংকন, টাই লিপি লিখা আৰু কুইজ প্ৰতিযোগিতা৷