অসমৰ জলবায়ু পৰিৱৰ্তনক লৈ গভীৰ উদ্বেগ ইছৰোৰ অধ্যক্ষৰ
‘আমাৰ অসম’ৰ আমিনগাঁৱৰ প্ৰতিনিধি, ৩ ডিচেম্বৰ : অসমৰ জলবায়ু পৰিৱৰ্তনক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ইছৰোৰ অধ্যক্ষ ড॰ এছ পি সোমনাথে৷ এই সন্দৰ্ভত বিশেষ পৰ্যবেক্ষণৰ দিহা কৰাৰ কথাও উল্লেখ কৰে প্ৰখ্যাত বিজ্ঞানীজনে৷ উল্লেখ্য, আই আই টি গুৱাহাটীত অনুষ্ঠিত হৈ থকা ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ আজি তৃতীয় দিন৷ আজি তৃতীয় দিনা আই আই টি গুৱাহাটীত অনুষ্ঠিত ভাৰত আন্তৰ্জাতিক বিজ্ঞান মহোৎসৱত অংশগ্ৰহণ কৰে ইছৰোৰ অধ্যক্ষ ড॰ এছ পি সোমনাথে৷ ইছৰোৰ অধ্যক্ষজনে ছাত্ৰ-ছাত্ৰীসকলৰ লগত এক অন্তৰংগ মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ ভাৰতৰ বিশিষ্ট বিজ্ঞানীজনে ছাত্ৰ-ছাত্ৰীসকলৰ অনুসন্ধান আৰু অনুসন্ধিৎসু মূলক প্ৰশ্নত অভিভূত হৈ পৰে৷
ভাৰতবৰ্ষই চান্দ্ৰযান ৩১ জৰিয়তে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলভাৱে অৱতৰণ কৰাৰ লগতে কিদৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ভাৰতে উন্নতিসাধন কৰিছে বিজ্ঞানীজনে এফালৰ ছাত্ৰ-ছাত্ৰীসকলক কৈ যায় আৰু ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞানীজনৰ কথাবোৰ মনোযোগেৰে শুনে৷ বিজ্ঞানীজনে লগতে এজন সফল বিজ্ঞানী হ’বলৈ অধ্যৱসায়, একানপতীয়া আৰু নেৰানেপেৰা প্ৰচেষ্টাৰ যে প্ৰয়োজন এই বিষয়েও ছাত্ৰ-ছাত্ৰীসকলক বিশদভাৱে কয়৷ তদুপৰি, কৃত্ৰিম বুদ্ধিমত্তা, আন্তৰ্জাতিক স্পেচ ষ্টেচন, এলিয়েন্ত আদিৰ বিষয়েও বৰ্ণনা কৰে বিজ্ঞানীজনে৷ বিজ্ঞানীজনে ছাত্ৰ-ছাত্ৰীসকলৰ লগত এক মনোগ্ৰাহী আৰু বন্ধুত্বমূলক কথোপকথনত মিলিত হৈ আনন্দ প্ৰকাশ কৰে৷ সংবাদ মাধ্যমৰ লগত মুখামুখি হৈ ইচৰোৰ অধ্যক্ষজনে অসমৰ সম্প্ৰতিক জলবায়ু পৰিৱৰ্তনৰ বিষয়ে গভীৰ উদ্ৰেগ প্ৰকাশ কৰে৷ এই সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰাৰ বাবে বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ লগতে উল্লেখ কৰে৷ এইক্ষেত্ৰত নৰ্থ ইষ্ট স্পেচ এজেন্সিয়ে বিশেষভাৱে কম কৰি থকা কথা জনায় বিজ্ঞানীজনে৷ বিজ্ঞানীজনে ইচৰোই ইতিমধ্যে gaganyaanৰ কাম পূৰ্ণগতিত চলাই থকাৰ লগতে ২০২৮ চনৰ ভিতৰত ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ প্ৰথমটো ষ্টেচন স্থাপন কৰা হ’ব বুলিও সংবাদ মাধ্যমৰ আগত সদৰি কৰে৷ চান্দ্ৰযান ৪১ পৰিকল্পনা বৰ্তমান ইচৰোৰ ফালৰ পৰা চলাই থকাৰ কথা জনায় বিজ্ঞানীজনে৷ উল্লেখ্য, ৩ডিচেম্বৰত বিজ্ঞান মহোৎসৱৰ সামৰণি পৰিব৷