বিয়াত বহিবলৈ সাজু বেডমিণ্টন সম্ৰাজ্ঞী সিন্ধু
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ ডিচেম্বৰ : অলিম্পিকৰ ৰূপ আৰ ব্ৰঞ্জৰ পদকে শোভিত কৰা গ্ৰীবাত এইবাৰ বিয়াৰ মালা পৰিধান কৰিবলৈ সাজু হৈছে দেশৰ সবাটোকৈ সফল শ্বাটলাৰ পি ভি সিন্ধু৷ অহা ২২ ডিচেম্বৰত পি ভি সিন্ধুৱে বৰমালা পিন্ধাব হায়দৰাবাদৰ ব্যৱসায়ী ভেংকট দত্তা ছাইক আৰু ‘ডেষ্টিনেচন ৱেডিঙ’ত নিজেও বৰৰ পিন্ধিব বিয়াৰ মালা৷ দুটাকৈ অলিম্পিক পদকৰ অধিকাৰী পি ভি সিন্ধুৰ জীৱনৰ দ্বিতীয়টো অধ্যায় এই ডিচেম্বৰতে সূচনা কৰিব দেশৰ চেলেব্ৰিটীৰ ‘ডেষ্টিনেচন ৱেডিঙ’ৰ বাবে প্ৰখ্যাত ৰাজস্থানৰ উদয়পুৰত৷ পঞ্চতাৰকা হোটেল আৰু ৰাজপুত ৰাজপৰিয়ালৰ ৰাজমহলেৰে জলমল কৰি থকা দেশৰ ‘চিটী অৱ লেক’ হিচাপে খ্যাত উদয়পুৰ বিগত কেইবাবছৰ ধৰি বলীউডৰ নক্ষত্ৰ আৰু অন্যান্য ধনকুবেৰৰ বাবেও বিবাহবাহৰ হিচাপে জনপ্ৰিয় হৈ উঠিছে৷
২২ ডিচেম্বৰত মাংলগিক কামেৰে শুভ পৰিণয় হোৱাৰ পাছত ২৪ ডিচেম্বৰত হায়দৰাবাদতো অভ্যৰ্থনাৰ আয়োজন কৰিব সিন্ধু আৰু ভেংকট ছাইৰ পৰিয়ালে৷ এই বিয়াত দেশৰ ক্ৰীড়াক্ষেত্ৰ আৰু সাংস্কৃতিক ক্ষেত্ৰৰ অনেক চেলেব্ৰিটী সমবেত হোৱাৰ কথা৷ মাথোঁ যোৱা দেওবাৰে লক্ষ্ণৌত ছৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খিতাপ অৰ্জন কৰা পি ভি সিন্ধুৱে তেওঁৰ ‘অন ক’ৰ্ট আৰু ‘অফ ক’ৰ্ট’ দুয়োটা জীৱনেই মুক্ত কৰি ৰাখি বছৰৰ শেষত বিবাহৰ দিন চূড়ান্ত কৰিছে, যাতে ২০২৫ত তেঁ পূৰ্ণশক্তিৰে ক’ৰ্টত নামিব পাৰে৷ প্ৰসংগতঃ, ছৈয়দ মোদী খিতাপ সিন্ধুৰ বাবে দুবছৰৰ বিৰতিত অহা আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ৷ এসময়ত আইপিএলৰ এটা দল পৰিচালনা কৰা ভেংকট ছাই ২০১৯ চনৰ পৰা ‘ছ’ৰ এপ’ল এছেট মেনেজমেণ্ট’ৰ পৰিচালন সঞ্চলক৷






