Logo
image

৩ বছৰত ৰাজ্যত ৩৫,৭৪৭ কোটি টকা জিএছটি সংগ্ৰহ, ৩৩,৫৪৫ কোটি কেন্দ্ৰলৈ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ ডিচেম্বৰ : নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱন ধাৰণৰ প্ৰতিটো ক্ষেত্ৰতে চৰকাৰৰ কৰৰ ওপৰত কৰ আৰু মূল্য বৃদ্ধিয়ে ৰাজ্যৰ জনতাক এতিয়া কোঙা কৰি তুলিছে৷ মূল্য বৃদ্ধিৰ মাজতে শাসকীয় বিজেপি-মিত্ৰজোঁটৰ চৰকাৰখনে আৰ্থিক সাহাৰ্য আগবঢ়াই হিতাধিকাৰীক সন্তুষ্ট কৰাৰ বাবে মাহে মাহে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ ধাৰৰ সমষ্ট বোজা জনতাৰ মূৰৰ ওপৰত জাপি দিছে৷ ৰাজ্য চৰকাৰে বিভিন্ন শিতানত ৰাজ্যিক কৰৰ পৰিমাণ বৃদ্ধি কৰাৰ সময়তে পণ্য আৰু সেৱা কৰ অৰ্থাৎ জি এছ টিৰ নামত অসমবাসীৰ পৰা কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰা কৰৰ হিচাপ শুনিলে আপোনাৰো চকু কপালত উঠিব৷ কেন্দ্ৰীয় চৰকাৰে বছৰি হাজাৰ হাজাৰ কোটি টকা জি এছ টি সংগ্ৰহ কৰাৰ বিপৰীতে অসমক দিছে সামান্য ধনৰ ক্ষতিপূৰণ৷ তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষলৈ তিনিটা বছৰত কেন্দ্ৰই অসমৰ পৰা জি এছ টি সংগ্ৰহ কৰিলে ৩৫,৭৪৭ কোটি টকা৷ এই বৃহৎ অংকৰ জি এছ টি সংগ্ৰহৰ বিপৰীতে কেন্দ্ৰই অসম চৰকাৰক জি এছ টি ক্ষতি পূৰণ হিচাপে আদায় দিলে মাত্ৰ ২,২০২ কোটি টকা৷ অৰ্থাৎ জি এছ টিৰ নামত বিগত ৩টা বছৰত সংগ্ৰহ কৰাৰ কৰৰ ৩৩,৫৪৫ কোটি টকাই নতুন দিল্লীয়ে হস্তগত কৰিলে৷


জি এছ টিৰে চহকী হোৱাৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে বিগত সময়ছোৱাত কেন্দ্ৰৰ পৰা সাহায্য বিচাৰি দিল্লীলৈ তাঁত বাতি কাঢ়িবলগীয়া হৈ আহিছে৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০-২১ বৰ্ষত অসমত জি এছ টি সংগ্ৰহৰ পৰিমাণ আছিল ১০,০৩০ কোটি টকা৷ বিপৰীতে উক্ত বৰ্ষটোত কেন্দ্ৰই অসমক জি এছ টি ক্ষতিপূৰণ হিচাপে আদায় দিছিল ১,৬১২ কোটি টকা৷ আনহাতে ২০২১-২২ বৰ্ষত অসমত পণ্য আৰু সেৱা কৰ সংগ্ৰহ কৰা হৈছিল ১২,০০৭ কোটি টকা আৰু উক্ত বৰ্ষটোত নৰেন্দ্ৰ মোদী চৰকাৰে অসমক জি এছ টি ক্ষতিপূৰণৰ বাবদ আদায় দিছিল মাত্ৰ ২২ কোটি টকা৷ একেদৰে ২০২২-২৩ বিত্তীয় বৰ্ষতো অসমৰ পৰা জি এছ টি সংগ্ৰহ কৰে ১৩,৭১০ কোটি টকা৷ উক্ত বিত্তীয় বৰ্ষটোত কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে জি এছ টি ক্ষতিপূৰণ হিচাপে মাত্ৰ ৫৬৮ কোটি টকাহে মোকলাই দিয়ে৷ কেৱল ইমানেই নহয় কেন্দ্ৰীয় চৰকাৰে বিগত ২০২৩-২৪ বৰ্ষতো অসমৰ পৰা ১৫,৬০২ কোটি টকা জি এছ টি সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ এক কথাত অসমত প্ৰতিবছৰে জি এছ টি সংগ্ৰহৰ পৰিমাণ অভাৱনীয় হাৰত বৃদ্ধি পাই আহিছে৷ চলিত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অক্টোবৰ পৰ্যন্ত জ্জটা মাহতে অসমত ১০,০৫৯ কোটি টকা জি এছ টি সংগ্ৰহ কৰা হৈছে৷ ইফালে বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ নৱেম্বৰ মাহত অসমত জি এছ টি সংগ্ৰহৰ পৰিমাণ পূৰ্বৰ তুলনাত ১০ শতাংশ বৃদ্ধি পাইছে৷ বিগত ২০২৩ চনৰ নৱেম্বৰত অসমত ৰ,২৩২ কোটি টকা জি এছ টি সংগ্ৰহ কৰাৰ বিপৰীতে চলিত ২০২৪ বৰ্ষৰ নৱেম্বৰত ৰ,৩৫৮ কোটি টকা জি এছ টি সংগ্ৰহ কৰিছে৷ নকলেও হ’ব যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে ‘এক দেশ এক কৰ’ ব্যৱস্থাৰে জি এছ টি প্ৰৱৰ্তন কৰি সামগ্ৰী আৰু সেৱাৰ আৰোপ কৰা কৰৰ সিংহভাগেই এতিয়া হস্তগত কৰি নিছে৷ যাৰ বাবে অসমৰ দৰে ৰাজ্যই এতিয়া সাহায্য বিচাৰি মোদী চৰকাৰৰ ওচৰত হাত পাতিবলগীয়া হোৱাই নহয়, ৰাজ্যৰ ৰাজহ ঘাটি জোৰা মৰাৰ বাবে প্ৰতি মাহে ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’বলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে৷