Logo
image

হাস্পতাল, ঘৰ... সিন্দেৰ পিছে পিছে বিজেপি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ ডিচেম্বৰ : আগে আগে একনাথ সিন্দে, পিছে পিছে বিজেপি৷ এবাৰ গাঁৱৰ ঘৰত, তাৰ পাছত হাস্পতালত৷ অৱশেষত যোৱা বুধবাৰৰ পৰা লুকাভাকু খেলাৰ পাছত দেওবাৰে নিশা একনাথ সিন্দেৰ সাক্ষাৎ পালে বিজেপিৰ মুখ্যমন্ত্ৰিত্বপ্ৰত্যাশী দেৱেন্দ্ৰ ফাড়নবীশে৷ মুখ্যমন্ত্ৰীৰ বাসভৱন ‘বৰ্ষা’ত হোৱা  নিচেই কম সময়ৰ এই সাক্ষাতৰ অন্তত আশা কৰা হৈছে, বিজেপিয়ে ঘোষণা কৰাৰ দৰে অহা ৫ ডিচেম্বৰত মহাৰাষ্ট্ৰ মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠিত হ’ব৷ আশা কৰা হৈছে, দেৱেন্দ্ৰ ফাড়নবীশ মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ পাব আৰু একনাথ সিন্দেই উপ-মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰিব৷ অৱশ্যে এয়া এতিয়াও নিশ্চিত নহয় আৰু বুধবাৰে হ’বলগীয়া আলোচনাৰ অন্ততহে সকলো চূড়ান্ত হ’ব৷ বিগত বুধবাৰে একনাথ সিন্দে নতুন দিল্লীৰ পৰা উভতি অহাৰ পাছৰ পৰাই মহাৰাষ্ট্ৰৰ ৰাজনীতি ঘটনাবহুল আৰু নাটকীয়৷


কিয়নো, বৃহস্পতিবাৰে পুৱাই একনাথ সিন্দে সাতাৰা জিলাৰ ডাৰে গাঁৱত থকা নিজৰ ঘৰলৈ যায়গৈ৷ অথচ সেইদিনা দেৱেন্দ্ৰ ফাড়নবীশ, সিন্দে আৰু অজিত পাৱাৰৰ মাজত চৰকাৰ গঠনক লৈ বৈঠক হোৱাৰ কথা আছিল৷ সিন্দেৰ অনুপস্থিতিত সেই বৈঠক বাতিল হয়৷ তেওঁ নিৰ্বাচনী প্ৰচাৰৰ ভাগৰ মাৰিবলৈ গাঁৱৰ ঘৰত বিশ্ৰাম লৈ থকা বুলি জনালেও সিন্দেৰ সৈতে যোগাযোগ অসম্ভৱ আছিল৷ দেওবাৰে তেওঁ গাঁৱৰ ঘৰৰ পৰা উভতি আহিলেও মুম্বাইলৈ নগৈ থানেৰ নিজৰ ঘৰত থাকে৷ ইতিমধ্যে বিজেপিয়ে শপতগ্ৰহণৰ দিন ঘোষণা কৰে৷ সোমবাৰে নতুন দিল্লীলৈ ৰাওনা হয় অজিত পাৱাৰ৷ দুদিন মহাযুটিৰ ৩ নেতাৰ ৩ জনেই আছিল ৩ খন চহৰত৷ সোমবাৰে ডিঙিৰ সংক্ৰমণত একনাথ সিন্দে হাস্পতালত চিকিৎসাধীন হয়৷ বিজেপিয়ে সিন্দেৰ সৈতে প্ত দিনৰ পৰা চলাই থকা যোগাযোগৰ চেষ্টা সোমবাৰেও ব্যৰ্থ হয়৷ অৱশেষত মঙলবাৰে নিশা একনাথ সিন্দে গৈ মুখ্যমন্ত্ৰীৰ বাসভৱন ‘বৰ্ষা’ত উপস্থিত হয়৷ পিছে পিছে গৈ পায়গৈ দেৱেন্দ্ৰ ফাড়নবীশো৷ দুয়োৰে মাজত কম সময়ৰ বাবে বাৰ্তালাপ হয়৷ ধাৰণা কৰা অনুসৰি বুধবাৰে ফাড়নবীশ-সিন্দে-পাৱাৰ তিনিও চূড়ান্ত আলোচনাৰ বাবে মিলিত হ’ব, য’ত সিন্দেই ১৬টা আৰু অজিত পাৱাৰে ১০টা মন্ত্ৰীপদৰ বাবে দাবী জনাব৷