Logo
image

২৪ ঘণ্টাত আক্ৰান্ত ৬৮ হাজাৰ

আমাৰ অসম ৩০ মাৰ্চঃ ভয়ংকৰ গতিত আৰম্ভ হৈছে ক’ভিডৰ সংক্ৰমণ৷ ভাৰতক দ্বিতীয়টো ক’ভিডৰ ঢৌৱে বিধবস্ত কৰিবলৈ আগবঢ়াটো এতিয়া আৰু কাৰো পৰাই লুকাই থকা নাই৷ দেশৰ চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ নিৰ্বাচন সম্পন্ন হৈ যোৱাৰ পাছত ক’ভিডৰ দ্বিতীয় তৰংগই কেনেধৰণৰ সংহাৰ সৃষ্টি কৰিব সেয়া ভাবি ভাৰতৰ স্বাস্থ্য বিজ্ঞানীৰ পেটতে হাত-ভৰি লুকাইছে৷ অথচ চৰকাৰৰ পৰা আৰম্ভ কৰি প্ৰশাসন, মন্ত্ৰী, বিধায়ক, সাংসদ, ৰাজনৈতিক নেতা সকলো ক’ভিডৰ সংক্ৰমণক লৈ নিৰ্বিকাৰ৷ তেওঁলোকৰ চকু কেৱল বৃহৎ নিৰ্বাচনী সভা আয়োজনত৷ অথচ যোৱা ২৪ ঘণ্টাত সমগ্ৰ দেশত ৬৮,০২০ জন সংক্ৰমিত হৈছে আৰু ২৯১ জনৰ মৃত্যু হৈছে৷ সৰ্বাধিক সংক্ৰমণ হোৱা মহাৰাষ্ট্ৰত একেদিনাই ৪০,৪১৪ জন, কৰ্ণাটকত ৩,০৮২ জন, পঞ্জাৱত  ২৮৭০ জন, মধ্যপ্ৰদেশত ২২,৭০ জন, গুজৰাটত ২,২১৬ জন, কেৰালাত ২১৯৪ জন,  তামিলনাডুত ২১৫৩ জন সংক্ৰমিত হৈছে৷