Logo
image

বহিঃৰাজ্যৰ পৰা বিএড ডিগ্ৰী লোৱা শিক্ষকৰ তথ্য লাগে চিআইডিক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১১ ডিচেম্বৰ : বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা বি এড ডিগ্ৰী লৈ ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰি থকা শিক্ষকসকলৰ বাবে এটা বেয়া খবৰ৷ কিয়নো বহিঃৰাজ্যৰ বিশ্ববিদ্যালয়ৰ পৰা বি এড ডিগ্ৰীৰ প্ৰমাণপত্ৰ লোৱা শিক্ষকৰ তথ্য লাগে অসম  আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ চমুকৈ চিআইডিক৷ চিআইডিৰ নিৰ্দেশৰ ভিত্তিত শিক্ষা বিভাগে ৰাজ্যৰ প্ৰতিখন চৰকাৰী শিক্ষানুষ্ঠানৰ মুৰব্বীৰ পৰা নিজ নিজ বিদ্যালয়ত কৰ্মৰত শিক্ষকৰ বহিঃৰাজ্যৰ বিশ্ববিদ্যালয়ৰ বি এড ডিগ্ৰীৰ তথ্য পাতি বিচাৰি জাননী জাৰি কৰাৰ পাছতেই  এতিয়া বিদ্যালয়ে বিদ্যালয়ে হাহাকাৰ লাগিছে শিক্ষকসকলৰ৷ উল্লেখ্য, একাংশ টে’ট শিক্ষকে বহিঃৰাজ্যৰ একাংশ সন্দেহজনক শিক্ষা প্ৰতিষ্ঠানৰ পৰা বি এড ডিগ্ৰীৰ প্ৰমাণপত্ৰ লৈ অসমত শিক্ষকতাৰ চাকৰি কৰি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া৷ ৪-৫ লাখ টকাত বি এড ডিগ্ৰীৰ প্ৰমাণ-পত্ৰ ক্ৰয় কৰি অসম চৰকাৰক আভুৱাভাৰি আহিছে এনে একাংশ শিক্ষকে৷ বি এড ডিগ্ৰী অৰ্জনৰ দুবছৰীয়া পাঠ্যক্ৰম আছে৷ কৰ্মৰত শিক্ষকসকলে কতৃৰ্পক্ষৰ পৰা ছুটী লৈ বি এড ডিগ্ৰী অৰ্জনৰ বাবে শিক্ষা গ্ৰহণ কৰিব লাগে৷


নিয়মীয়া শিক্ষাৰ্থী নহ’লে কোনো শিক্ষানুষ্ঠানে বি এডৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিব নোৱাৰে৷ কিন্তু অসম মুলুকত একাংশ শিক্ষকে কৰ্মৰত বিদ্যালয়খনত প্ৰতিদিনে চাকৰি কৰি থাকিও বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানত নিয়মীয়া উপস্থিতি দেখুৱাই বি এড ডিগ্ৰীৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ কেৱল বি এড ডিগ্ৰী অৰ্জন কৰাই নহয়, প্ৰমাণ-পত্ৰত অভিলেখ সংখ্যক নম্বৰ লাভ কৰাও দেখা গৈছে৷ তদুপৰি একাংশই বহিঃৰাজ্যৰ সন্দেহজনক শিক্ষানুষ্ঠানৰ পৰা ভুৱা বি এড ডিগ্ৰীৰ প্ৰমাণ-পত্ৰ লৈ অসমত চাকৰি কৰাও অভিযোগ উঠিছে৷ এনে অভিযোগৰ পাছতেই বহিঃৰাজ্যৰ বিশ্ববিদ্যালয়ৰ পৰা সংগ্ৰহ কৰা বি এড ডিগ্ৰীৰ প্ৰমাণ-পত্ৰৰ তদন্তৰ বাবে শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে চিআইডিক নিৰ্দেশ দিছিল৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিত চিআইডিয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰি অসমত কৰ্মৰত শিক্ষকৰ বহিঃৰাজ্যৰ বি এড ডিগ্ৰীৰ প্ৰমাণ-পত্ৰসমূহৰ তথ্য দাখিল কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশ প্ৰদান কৰে৷ চিআইডিৰ এই নিৰ্দেশৰ পাছতেই জিলা বিদ্যালয় পৰিদৰ্শকসকলে হাইস্কুল, উচ্ছতৰ মাধ্যমিকৰ সকলো শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক তথা অধ্যক্ষলৈ সোমবাৰে এখন পত্ৰ প্ৰেৰণ কৰি ২৪ ঘণ্টাৰ ভিতৰত বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ বি এড ডিগ্ৰীধাৰী শিক্ষকৰ সবিশেষ তথ্য লিখিত আকাৰে দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে৷ ইয়াৰ অন্যথা বিদ্যালয়ৰ মুৰব্বীক চিআইডিৰ কাৰ্যালয়ত নিজাববীয়াকৈ তথ্য পাতি দাখিল কৰিব লাগিব বুলিও স্পষ্ট কৰি দিছে৷ চিআইডি তথা শিক্ষা বিভাগৰ এই নিৰ্দেশৰ পাছতেই বহিঃৰাজ্যৰ বিশ্ববিদ্যালয়ৰ বি এড ডিগ্ৰীধাৰী শিক্ষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে৷