Logo
image

আজিৰ পৰা ব্ৰীছবেনত ভাৰত অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট

ব্ৰীছবেন¸, ১৪ ডিচেম্বৰ : এডিলেইড টেষ্টত নিৰাশাজনক প্ৰদৰ্শনৰ পাছত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাত প্ৰত্যাৱৰ্তনৰ লক্ষ্য লৈয়েই শনিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয় টেষ্টত অৱতীৰ্ণ হ’ব ভাৰত৷ শৃংখলাটোৰ বৰ্তমানৰ ফলাফল ১-১৷ যোৱাবাৰৰ অষ্ট্ৰেলিয়া ভ্ৰমণত ব্ৰীছবেন টেষ্টত জয়ী হৈছিল ভাৰত৷ দৰ্প চূৰ্ণ হৈছিল অষ্ট্ৰেলিয়াৰ৷ এইবাৰো একেই লক্ষ্য আগত লৈ প্ৰতিদ্বন্দ্বিতাত নামিব বিচাৰে ৰোহিত শৰ্মা বাহিনী৷ কিন্তু পাৰ্থৰ প্ৰথম টেষ্টত দেখুওৱা প্ৰদৰ্শনৰ পুনৰাবৃত্তি ঘটাব পাৰিবনে? ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ মনত এতিয়া এয়াই প্ৰশ্ন৷ এডিলেইডৰ দ্বিতীয় টেষ্টত অভিজ্ঞ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক মূল একাদশত স্থান দিয়া হৈছিল যদিও তেওঁ  সফল হ’ব নোৱাৰিলে৷ হাতলৈ আহিছিল কেৱল এটা উইকেট৷ আনহাতে, বেটিঙতো বিশেষ অৰিহণা নাছিল৷ এনে স্থিতিত তৃতীয় টেষ্টত ভাৰতৰ মূল একাদশত এটা পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা দেখা গৈছে৷ দললৈ উভতি আহিব পাৰে ৱাশ্বিংটন সুন্দৰ৷ পাৰ্থ টেষ্টত তেওঁ টীম ইণ্ডিয়াৰ মূল একাদশত আছিল৷ ব্ৰীছবেন টেষ্টত ৰবীন্দ্ৰ জাদেজাকো সুযোগ দিয়াৰ সম্ভাৱনা আছে৷ অনুশীলনত যথেষ্ট পৰিশ্ৰম কৰা দেখা গৈছিল তেওঁক৷ 


জাদেজাৰ ওপৰত আস্থা ৰাখিব পাৰে প্ৰশিক্ষক গৌতম গম্ভীৰে৷ যদি তৃতীয় টেষ্টত জাদেজাক সুযোগ দিয়া হয়, তেন্তে তিনিখন টেষ্টত ভাৰতীয় দলত দেখা যাব তিনিজন বেলেগ স্পিনাৰক৷ টীম ইণ্ডিয়াৰ শুকুৰবাৰৰ অনুশীলন আছিল ঐচ্ছিক৷ সেইবাবে দলৰ সকলো সদস্য নাছিল অনুশীলনত৷ তাৰ মাজতে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে শুভমন গীল আৰু ঋষভ পণ্ট৷ যোৱাবাৰৰ অষ্ট্ৰেলিয়া ভ্ৰমণত ব্ৰীছবেন টেষ্টত গীল আৰু পণ্টৰ প্ৰদৰ্শন আছিল যথেষ্ট সন্তেষজনক৷ অনুশীলনত দীৰ্ঘ সময বেটিং কৰা দেখা গৈছিল যশস্বী জয়ছোৱালকো৷ পাৰ্থ টেষ্টত শতকীয় ইনিংছ খেলিলেও এডিলেইডত তেওঁ সফল হ’ব নোৱাৰিলে৷ মিচেল ষ্টাৰ্কৰ গতি আৰু বাউন্সৰ সন্মুখত তেওঁ আত্মসমৰ্পণ কৰিবলগীয়া হৈছিল৷ ব্ৰীছবেনৰ পিটচতো বাউন্স আৰু গতি থাকিব৷ ষ্টাৰ্ক আৰু পেট কামিন্‌ছৰ লগতে থাকিব আঘাত উপশম হোৱা জোছ হেডেলউড৷ অষ্ট্ৰেলিয়াৰ এই পেচ ত্ৰিমূৰ্তিক প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ’বনে ভাৰতীয় বেটাৰ–তাৰ ওপৰত থাকিব সকলোৰে নজৰ৷ভাৰতৰ বাবে চিন্তাৰ বিষয়টো হৈছে প্ৰথম ইনিংছত নিৰাশাজনক বেটিং৷  বিগত এটা বছৰত স্বদেশতে হওক অথবা বিদেশত, ছবাৰ ভাৰতৰ কোনো টেষ্টৰ প্ৰথম ইনিংছৰ স্ক’ৰ আছিল ১৫০ ৰানতকৈ কম৷ অধিনায়ক ৰোহিত শৰ্মাৰ ওপৰতো সকলোৰে নজৰ থাকিব৷ প্ৰথম টেষ্টত ২৯৫ ৰানত জয়ী হ’লেও দ্বিতীয় টেষ্টত অষ্টে˜লিয়াৰ পেচ আক্ৰমণৰ সন্মুখত বিপৰ্যস্ত হৈ পৰিছিল ভাৰতীয় বেটিং৷ দ্বিতীয় টেষ্টৰ ভুল-ত্ৰুটিবোৰ শুধৰাব নোৱাৰিলে অষ্টে˜লিয়াক তেওঁলোকৰ ভূমিত পৰাস্ত কৰাটো ভাৰতৰ বাবে সহজ নহ’ব৷