Logo
image

১ এপ্ৰিলৰ পৰা বাঢ়িব বিমানৰ টিকটৰ দাম

আমাৰ অসম, ৩১ মাৰ্চঃ ১ এপ্ৰিলৰ পৰা বিমানত ভ্ৰমণ কৰা লোকসকলে অধিক দাম ভৰি যাত্ৰা কৰিব লাগিব৷ ঘৰুৱা বিমান যাত্ৰীয়ে ৪০ টকা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰীয়ে ১১৪.৩৮ টকা অতিৰিক্তভাৱে ভৰিব লাগিব৷ ডি জি চি এই [ডাইৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েশ্বন] ১ এপ্ৰিলৰ পৰা বিমান বন্দৰ নিৰাপত্তা মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়৷ এই বৰ্ধিত মাচুলৰ ধন বিমান বন্দৰৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰিব৷ ফলত ১ এপ্ৰিলৰ পৰা ঘৰুৱা বিমান যাত্ৰীয়ে বিমান বন্দৰ নিৰাপত্তাৰ মাচুল পূৰ্বৰ ১৬০ টকাৰ সলনি ২০০ টকা দিব লাগিব৷ আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰীয়ে অতিৰিক্ত ১১৪.৩৮ টকা ভৰিব লাগিব৷ অৱশ্যে, দুবছৰৰ কম বয়সৰ শিশু, কূটনৈতিক পাৰ-পত্ৰ থকা বিষয়া, এয়াৰলাইন্‌ছৰ কৰ্তব্যৰত কৰ্মচাৰী, ২৪ ঘণ্টাৰ ভিতৰত কানেক্টিং ফ্লাইট বিমান ধৰিবলগীয়া যাত্ৰীয়ে এই অতিৰিক্ত ধন ভৰিব নালাগে৷