Logo
image

‘অবিবাহিত’ৰাহুলৰ পৰা কলেজীয়া ছাত্ৰীসকল সতৰ্ক হওক

ৰাহুল গান্ধীক লৈ কেৰালাৰ প্ৰাক্তন সাংসদ জয়ছ জৰ্জৰ বিতৰ্কিত মন্তব্য

আমাৰ অসম, ৩১ মাৰ্চঃ কেৰালাৰ বিধানসভা নিৰ্বাচনৰ বাবে বামপন্থী দলৰ মিত্ৰজোঁট ‘এল ডি এফ’ আৰু কংগ্ৰেছ নেতৃত্বাধীন ‘ইউ ডি এফ’ মিত্ৰজোঁটৰ মাজত ব্যাপক প্ৰচাৰ চলিছে৷ ইটোৱে সিটো মিত্ৰজোঁটক কঠোৰ সমালোচনা কৰিছে৷ এনে নিৰ্বাচনী প্ৰচাৰৰ মাজতে কেৰালাৰ ইডুক্কিৰ প্ৰাক্তন লোকসভাৰ সাংসদ জয়ছ জৰ্জে বামপন্থী মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলোৱাৰ সময়ত কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীক লৈ কৰা এটা মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে৷ কংগ্ৰেছে প্ৰাক্তন সাংসদজনক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ সোমবাৰে ইডুক্কি জিলাৰ ইৰাট্টায়াৰত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাহুল গান্ধীৰ বিৰুদ্ধে এই আপত্তিজনক মন্তব্য কৰে৷ ৰাহুল গান্ধীয়ে কেৰালা আৰু তামিলনাডুত কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অধিক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে৷ গতিকে জয়ছ জৰ্জে ৰাহুল গান্ধীৰ এই কাৰ্যক সমালোচনা কৰে আৰু ৰাহুলক ‘বিপদ ঘটাব পৰা অবিবাহিত’ ব্যক্তি বুলি অভিহিত কৰে৷ গতিকে কলেজীয়া ছাত্ৰীসকলে ৰাহুল গান্ধীৰ অধিক কাষ চাপি নাযাবলৈ তেওঁ আহ্বান জনায়৷ অবিবাহিত ৰাহুল গান্ধীৰ পৰা নিজকে বচাই ৰাখিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ তেওঁ কলেজীয়া ছাত্ৰীসকলক আহ্বান জনোৱাত এতিয়া বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া হৈছে আৰু কংগ্ৰেছে জৰ্জক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ অৱশ্যে, বামপন্থী দলসমূহে জৰ্জৰ এই মন্তব্যৰ পৰা নিজকে আঁতৰাই ৰাখিছে৷