Logo
image

ছ’চিয়েল মিডিয়া, নিউজ প’ৰ্টেল আৰু চৰকাৰৰ দায়বদ্ধতা

ছ’চিয়েল মিডিয়াৰ লগতে নিউজ প’ৰ্টেলসমূহক নিয়ন্ত্ৰণ কৰিবলৈ ইবিলাকৰ বাবে আচৰণবিধি প্ৰস্তুত কৰিব লাগে বুলি উচ্ছতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে আৱেদন জনাইছে৷ ছ’চিয়েল মিডিয়া আৰু নিউজ প’ৰ্টেলসমূহত কিছুমান চৰকাৰী কাম-কাজৰ লগতে বিভিন্ন নেতা-পালিনেতাৰ অপকৰ্মৰ ব্যাপক চৰ্চা আৰু সমালোচনা হোৱাৰ পৰিপ্ৰেক্ষিততে এনে এটা পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি কেন্দ্ৰই শীৰ্ষ আদালতক আহ্বান জনাইছে৷ কেন্দ্ৰীয় চৰকাৰে অভিযোগ কৰিছে যে ছ’চিয়েল মিডিয়াৰ লগতে নিউজ প’ৰ্টেলসমূহত বহু সময়ত কোনো ভিত্তি নোহোৱাকৈয়ে চৰকাৰী কাম-কাজৰ সমালোচনা কৰা হয়৷

কেন্দ্ৰীয় চৰকাৰৰ আৱেদন অনুসৰি যদি উচ্ছতম ন্যায়ালয়ে আচৰণবিধি নিৰ্ধাৰণ কৰি দিয়ে, তেতিয়া ছ’চিয়েল মিডিয়া আৰু নিউজ প’ৰ্টেলসমূহত চৰকাৰী কাম-কাজ আৰু নেতা-পালিনেতাৰ সমালোচনা নিশ্চিতভাৱে হ্ৰাস পাব, কিয়নো তেনেকুৱা হ’লে আইনৰ ৰোষত পৰাৰ আশংকাৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ অসন্তুষ্টি ব্যক্ত কৰিব বিচৰা বা সমালোচনা কৰিব বিচৰাসকলে উপযুক্ত ভিত্তি লাভ কৰিব লাগিব৷ অভিযোগ বা সমালোচনাৰ সপক্ষে উপযুক্ত ভিত্তি লাভ কৰাৰ প্ৰমাণো ছ’চিয়েল মিডিয়া বা নিউজ প’ৰ্টেল ব্যৱহাৰকাৰীয়ে লগত ৰাখিব লাগিব, যাতে যথাসময়ত আইনে বিচাৰিলে সেয়া উত্থাপন কৰিব পৰা যায়৷ এনে আইনী মেৰপেঁচত পৰাৰ আশংকাতে বহুতে অভিযোগ আৰু সমালোচনা কৰাটো নিশ্চয় বাদ দিব৷

ছ’চিয়েল মিডিয়া আৰু নিউজ প’ৰ্টেলসমূহৰ মাধ্যমেৰে বৰ্তমান বহু লোকে নিজ নিজ অঞ্চলৰ প্ৰতি জনপ্ৰতিনিধিয়ে কৰি অহা অৱহেলা আৰু শোষণ-বঞ্চনাৰ বিৰুদ্ধে মাত মাতি আহিছে৷ আইনৰ ৰোষত পৰাৰ আশংকাৰ সৃষ্টি হ’লে জনসাধাৰণৰ এই বাকস্বাধীনতা অলপ হ’লেও ৰুদ্ধ নহ’বনে? এই লৈ এতিয়া বিভিন্ন মহলত সৰৱ চৰ্চা হোৱা পৰিলক্ষিত হৈছে৷ যিবোৰ অভিযোগ আৰু সমালোচনা কতৃৰ্পক্ষই সততে আওকাণ কৰে বা নিজ অঞ্চলৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ যাওঁতে জনপ্ৰতিনিধি বা বিষয়া-ঠিকাদাৰে কৰা ভ্ৰষ্টাচাৰৰ সাক্ষ্য-প্ৰমাণ য’ত সহজসাধ্য নহয়, সেইবোৰ ক্ষেত্ৰত ভুক্তভোগী জনসাধাৰণৰ বাবে ছ’চিয়েল মিডিয়া বা নিউজ প’ৰ্টেলসমূহ এক শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈছে৷ জনসাধাৰণে যেনেকৈ এই মাধ্যমবোৰ ব্যৱহাৰ কৰিব পাৰে, তেনেকৈ জনপ্ৰতিনিধি বা চৰকাৰী যন্ত্ৰয়ো ইবিলাকক ব্যৱহাৰ কৰিব নোৱৰাকৈ নাথাকে৷ এফালে যেনেকৈ অভিযোগ আৰু সমালোচনাৰ সুযোগ আছে, তেনেকৈ ইয়াৰ স্পষ্টীকৰণ দাঙি ধৰাৰো সুযোগ নথকা নহয়৷ তদুপৰি চাইবাৰ অপৰাধ হিচাপে গণ্য হ’ব পৰা বিষয়বোৰৰ ক্ষেত্ৰত আইনী ব্যৱস্থা আছেই৷

ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে মোদী চৰকাৰৰ তৎপৰতা এয়াই প্ৰথম নহয়৷ দেশৰ তথ্য-প্ৰযুক্তি আইনত বহু-বিতৰ্কিত ধাৰা ৬৬-এৰ সংযোজন ঘটিছিল এন ডি এ চৰকাৰৰ পৃষ্ঠপোষকতাতে৷ এই ধাৰা অনুসৰি ইণ্টাৰনেট বা ছ’চিয়েল মিডিয়াত ‘অফেনছিভ’ [আক্ৰমণাত্মক] বা ‘ডেনজাৰাছ’ [বিপজ্জনক] মন্তব্য, বিচাৰ, ফটো বা ভিজুৱেল সংযোজন কৰাটো অপৰাধ বুলি গণ্য কৰা হৈছিল৷ কিন্তু ‘আক্ৰমণাত্মক’ আৰু ‘বিপজ্জনক’ শব্দ দুটাৰ পৰিভাষা স্পষ্ট কৰা হোৱা নাছিল বাবে কেনে মন্তব্য, বিচাৰ, ফটো বা ভিজুৱেলক আক্ৰমণাত্মক আৰু বিপজ্জনক বুলি গণ্য কৰা হ’ব, সেই কথা ধাৰাটোত স্পষ্ট ৰূপত বৰ্ণনা কৰা হোৱা নাছিল৷ সেইবাবেই তথ্য-প্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ আমোলত এই ধাৰাটো উচ্ছতম ন্যায়ালয়ে অপসাৰণ কৰে৷

এতিয়া প্ৰশ্ন উত্থাপন হয় যে তথ্য-প্ৰযুক্তি আইনৰ অধীনত ৬৬-এ ধাৰাৰ জৰিয়তে চৰকাৰৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত মতা লোকসকলৰ কণ্ঠ ৰোধ কৰিব বিচৰা হৈছিল বুলি উঠা সেই অভিযোগ এতিয়াও উত্থাপন কৰিব পাৰি নেকি?

ছ’চিয়েল মিডিয়া আৰু নিউজ প’ৰ্টেল ব্যৱহাৰ কৰোঁতাসকলে উত্থাপন কৰা অভিযোগ আৰু সমালোচনাৰ ভিত্তি আৰু সত্যনিষ্ঠতাৰ ওপৰত গুৰুত্ব দিব লাগিব৷ ভিত্তিহীন আৰু অসত্য অভিযোগ বা সমালোচনাই তেনে অভিযোগকাৰী বা সমালোচকৰ মৰ্যাদা লাঘৱ কৰে৷ সমান্তৰালভাৱে ছ’চিয়েল মিডিয়া আৰু নিউজ প’ৰ্টেলসমূহক শাসনৰ আওতাত ৰাখিব বিচৰা চৰকাৰে ইবিলাকৰ প্ৰতি থকা দায়বদ্ধতাও নিষ্ঠাৰে পালন কৰিব লাগিব৷ নিউজ প’ৰ্টেলসমূহক আজিপৰ্যন্ত চৰকাৰী ব্যৱস্থাপনাত সংবাদ মাধ্যম হিচাপে স্বীকৃতি দিয়া নহয় আৰু ইয়াত কাম কৰি থকা সাংবাদিকসকলকো চৰকাৰীভাৱে চিনাক্ত কৰাৰ ব্যৱস্থা কৰা হোৱা নাই৷ সেয়ে এইসকল সাংবাদিক চৰকাৰে আগবঢ়োৱা বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত৷ চৰকাৰ আৰু জনসাধাৰণে পৰস্পৰৰ প্ৰতি থকা দায়বদ্ধতা অটুট ৰাখিলেহে মাধ্যমসমূহ সথিক পথেৰে চলি থাকিব৷