Logo
image

ৰে’লত নতুন নিয়ম, ফোন লেপট’পৰ চাৰ্জত নিষেধাজ্ঞা

আমাৰ অসম, ১ এপ্ৰিলঃ ৰে’ল যাত্ৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা নতুন নিয়ম প্ৰযোজ্য হ’ব৷ সেই অনুসৰি ৰে’লত নৈশ যাত্ৰা কৰাৰ সময়ত এতিয়া আৰু কোনো যাত্ৰীয়ে ৰে’লত ম’বাইল ফোন বা লেপটপ চাৰ্জ কৰিব নোৱাৰিব৷ তদুপৰি কোনো যাত্ৰীয়ে ৰে’লত ধূমপান কৰিব নোৱাৰিব৷ এই নিয়ম উলংঘা কৰিলে যাত্ৰীয়ে ভৰিব লাগিব জৰিমনা৷ উল্লেখ্য যে শেহতীয়াকৈ দিল্লী-ডেৰাডুন অভিমুখী শতাব্দী এক্সপ্ৰেছত হোৱা অগ্নিকাণ্ডৰ পৰিপ্ৰেক্ষিতত ৰে’ল বিভাগে এই নতুন নিয়ম প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে৷