তৃতীয়বাৰলৈ ফ্ৰান্সত লকডাউন
আমাৰ অসম, ২ এপ্ৰিলঃ ভাৰতৰ লগতে বৰ্তমান ফ্ৰান্সতো কৰ’না ভাইৰাছে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ সেয়ে উপায়হীন হৈ ফ্ৰান্স চৰকাৰে তৃতীয়বাৰলৈ লকডাউন ঘোষণা কৰিবলৈ বাধ্য হ’ল৷ বুধবাৰে নিশা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁ’ৱে দেশত পুনৰ লকডাউন ঘোষণা কৰে৷ চাৰি সপ্তাহলৈ দেশখনত লকডাউন বলৱৎ থাকিব৷ ইয়াৰ ফলত শিক্ষানুষ্ঠানৰ লগতে সকলো ব্যৱসায়-বাণিজ্য বন্ধ থাকিব৷ ফ্ৰান্স চৰকাৰে লোৱা এই সিদ্ধান্তৰ পৰা এয়া নিশ্চিত হৈছে যে ইউৰোপত পুনৰ কৰ’নাই ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ লৈছে৷ বুধবাৰে নিশা দেশবাসীক উদ্দেশ্যি টিভি চেনেলৰ জৰিয়তে দিয়া ভাষণৰ সময়ত ৰাষ্ট্ৰপতি মেক্ৰঁ’ই পুনৰ লকডাউন ঘোষণা কৰে৷ লকডাউন নিদিবলৈ তেওঁৰ চৰকাৰে যথেষ্ট চেষ্টা কৰিছিল যদিও উপায়হীন হৈ অৱশেষত এয়া ঘোষণা কৰিবলৈ বাধ্য হ’ল৷ ইয়াৰ ফলত দেশৰ অৰ্থনীতিত আৰু বেয়া প্ৰভাৱ পৰিব বুলি মেক্ৰঁ’ৱে স্বীকাৰ কৰে৷ ফেব্ৰুৱাৰীৰ পিছৰে পৰা ফ্ৰান্সত দৈনিক কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পায়৷ জনতাই কৰ’না বিধি মানি নচলাৰ ফলতে পুনৰ আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে৷ সেয়ে চৰকাৰে পুনৰ লকডাউন দিবলৈ বাধ্য হয়৷ অত্যাৱশ্যকীয় কাম-কাজ আৰু সা-সামগ্ৰীৰ দোকান-বজাৰৰ বাহিৰে বাকীবোৰ বন্ধ থাকিব দেশখনত৷