Logo
image

ভয়ংকৰ গৃহযুদ্ধৰ দিশে ম্যানমাৰ! ৰাষ্ট্ৰসংঘৰ সকীয়নি

আমাৰ অসম, ২ এপ্ৰিলঃ ভয়ংকৰ গৃহযুদ্ধৰ দিশে আগবাঢ়িছে ম্যানমাৰ৷ এই কথা সকীয়াই দিছে ম্যানমাৰত থকা ৰাষ্ট্ৰসংঘৰ বিশেষ দূত ক্ৰিষ্টিন স্ক্ৰানাৰ বাৰ্জেনাৰে৷ গতিকে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক তেওঁ আহ্বান জনাইছে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ৷ যদিহে এতিয়াই কোনো সিদ্ধান্ত লোৱা নহয়, তেন্তে ম্যানমাৰৰ পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠিব আৰু গৃহযুদ্ধই শ শ লোকৰ প্ৰাণ ল’ব৷ ম্যানমাৰৰ সামৰিক শাসকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ সময় আহি পৰা বুলি তেওঁ নিৰাপত্তা পৰিষদৰ দৃষ্টিগোচৰ কৰিছে৷ উল্লেখ্য, বৰ্তমান ম্যানমাৰৰ সামৰিক শাসকৰ বিৰুদ্ধে জনতাই প্ৰতিবাদ ইমানেই বৃদ্ধি কৰিছে যে সেনাই নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ বাধ্য হৈছে৷ ইয়াৰ ফলত শ শ লোকে প্ৰাণ হেৰুৱাইছে৷ গতিকে এতিয়াই যদি ৰাষ্ট্ৰসংঘ আৰু নিৰাপত্তা পৰিষদে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অহা দিনবোৰত অধিক তেজৰ নৈ বব দেশখনত৷ জনতাৰ ভৱিষ্যত আৰু উন্নয়ন অন্ধকাৰ হৈ পৰিব বুলি ৰাষ্ট্ৰসংঘৰ বিশেষ দূতগৰাকীয়ে সকীয়াই দিয়ে৷