Logo
image

মহাৰাষ্ট্ৰত লকডাউনৰ সম্ভাৱনা, শচীন হাস্পতালত

আমাৰ অসম, ৩ এপ্ৰিলঃ কৰ’নাত আক্ৰান্ত হৈ মুম্বাইৰ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ শুকুৰবাৰে হাস্পতালত ভৰ্তি হৈছে আৰু নিশাৰ ভাগলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৰাজ্যত অচিৰেই লকডাউন ঘোষণা কৰিব বুলি মন্তব্য কৰিছে৷৷ আনহাতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট বঢৰা কৰ’নাত আক্ৰান্ত হোৱাৰ ফলত প্ৰিয়ংকা গান্ধীয়ে অসম, তামিলনাডু আৰু কেৰালাৰ নিৰ্বাচনী সভা বাতিল কৰিবলৈ বাধ্য হৈছে৷ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ ২৭ মাৰ্চত কৰ’না পজিটিভ হ’লেও তেওঁ শুকুৰবাৰে হাস্পতালত ভৰ্তি হয়৷ শাৰীৰিক জটিলতাৰ সৃষ্টি হোৱাৰ বাবেই তেওঁ চিকিৎসকৰ পৰামৰ্শমতে চিকিৎসাধীন হোৱা বুলি নিজেই জনাইছে৷ আনহাতে স্বামী ৰবাৰ্ট বঢৰা কৰ’না পজিটিভ হ’লেও পত্নী, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ৷ তথাপি চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ হ’ম আইছ’লেচনত আছে৷ ফলত বাদ দিবলগীয়া হৈছে ৩ ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰ৷

কৰ’না সংক্ৰমণৰ ফলত দেশৰ পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণহীন হৈ পৰিছে৷ বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশত কৰ’নাত আক্ৰান্ত হৈছে ৮১,৪৬৬জন৷ এই সময়ছোৱাত মৃত্যুৰ সংখ্যা ৪৬৯জন৷ কৰ’নাৰ দ্বিতীয় ঢৌৱে বিধবস্ত কৰিছে মহাৰাষ্ট্ৰক৷ যোৱা ২৪ ঘণ্টাত কেৱল মহাৰাষ্ট্ৰতে কৰ’নাত আক্ৰান্ত হৈছে ৪৩,১৮৬জন৷ এই সংখ্যা কৰ’না আৰম্ভ হোৱাৰ দিনৰ পৰা সৰ্বাধিক৷ মৃত্যুৰ সংখ্যাও মহাৰাষ্ট্ৰত  অধিক৷ নগৰ হিচাপে সৰ্বাধিক সংক্ৰমণৰ বলি হৈছে মুম্বাইবাসী, য’ত যোৱা ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা ৮,৬৪৬জন৷ এই সংখ্যাও কৰ’না অতিমাৰী কালৰ ভিতৰত সৰ্বোচ্ছ৷ বাণিজ্য নগৰীত ৮০টা এলেকাক কণ্টেইনমেণ্ট জ’ন হিচাপে চিহ্নিত কৰা হৈছে আৰু ৬৫০টা বহুমহলীয়া অট্টালিকা পৌৰ নিগমে ছীল কৰি দিছে৷ মহাৰাষ্ট্ৰৰ পুনেত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ কঠোৰভাৱে সান্ধ্য আইন বলবৎ কৰা হৈছে৷ অৱশ্যে ৰাজ্যখনত সামগ্ৰিকভাৱে লকডাউন বলবৎ কৰাৰ পৰিকল্পনা নাই বুলি দিনৰ ভাগত প্ৰশাসনে মন্তব্য কৰিলেও নিশা ৮-৩০ বজাত মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই শীৰ্ষ বিষয়াবৰ্গৰ সৈতে ৰাজ্যৰ ক’ভিড পৰিস্থিতি বিশ্লেষণ কৰি ৰাজ্যবাসীক উদ্দেশ্যি কয় যে, এনেদৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ থাকিলে মহাৰাষ্ট্ৰত লকডাউন দিয়াৰ বাহিৰে চৰকাৰৰ গত্যন্তৰ নাথাকিব৷ আজিৰ দিনটোতে মহাৰাষ্ট্ৰত ১৯ জন ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ ফলত চৰকাৰে সাম্প্ৰতিক পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ বাধ্য হয়৷ ৰাজ্যবাসীক উদ্দেশ্যি নিশা মুখ্যমন্ত্ৰী থাকৰেই ভাষণ প্ৰদান কৰে আৰু সেই ভাষণত তেওঁ স্পষ্টভাৱে কয় যে পৰিস্থিতিৰ যিদৰে মহাৰাষ্ট্ৰত অৱনতি ঘটিছে তালৈ চাই চৰকাৰ বহি থাকিব নোৱাৰে৷ সেয়ে যিকোনো মুহূৰ্ততে মহাৰাষ্ট্ৰত পুনৰ লকডাউন বলৱৎ কৰা হ’ব পাৰে৷ তাৰ বাবে ৰাজ্যবাসীক মানসিকভাৱে প্ৰস্তুত হ’বলৈ মুখ্যমন্ত্ৰী থাকৰে আহ্বান জনায়৷ সৌভাগ্যবশতঃ কৰ’নাৰ দ্বিতীয় ঢৌৱে দেশক বিধবস্ত কৰিলেও মৃত্যুৰ হাৰ পূৰ্বৰ তুলনাত কম৷ যি ষ্ট্ৰেনৰ দ্বাৰা এতিয়া দেশবাসী কৰ’না সংক্ৰমিত হৈছে সেই ষ্ট্ৰেন পূৰ্বতকৈ কম মাৰাত্মক৷ মহাৰাষ্ট্ৰৰ উপৰি কৰ্ণাটক, দিল্লী, পঞ্জাবত সংক্ৰমণ আৰু মৃত্যুৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাইছে৷ ৯-১০খন ৰাজ্যৰ সংক্ৰমণৰ আধিক্যই দেশৰ কৰ’না পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ লৈ গৈছে৷ একেদৰে বৃহস্পতিবাৰৰ তুলনাত দিল্লীত শুকুৰবাৰে ৫৩ শতাংশ অধিক সংক্ৰমণ হ’লেও লকডাউন বলবৎ নকৰে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷