Logo
image

হেকাৰৰ কবলত ৫৪ কোটি ফেচবুক ইউজাৰৰ ব্যক্তিগত তথ্য

আমাৰ অসম, ৫ এপ্ৰিলঃ ফেচবুক ব্যৱহাৰকাৰী সকলৰ বাবে বিপজ্জনক খবৰ৷ সমগ্ৰ বিশ্বৰ ৫৩ কোটি ৩০ লাখ ইউজাৰৰ ব্যক্তিগত তথ্য হেকাৰৰ কবলত পৰিছে৷ হাড্‌ছন ৰক ছাইবাৰ ক্ৰাইম ইণ্টেলিজেন্স নামৰ প্ৰতিষ্ঠান এটাই শনিবাৰে এই বিষয়ে সদৰি কৰিছে৷ উক্ত প্ৰতিষ্ঠানটোৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠানসমূহে প্ৰকাশ কৰা মতে হেকাৰৰ কবলত পৰা এই বৃহৎ সংখ্যক ফেচবুক ইউজাৰৰ মাজত আছে ভাৰতৰ প্ৰায় ৬০ লাখ ফেচবুক ব্যৱহাৰকাৰী৷ একেদৰে ব্ৰিটেইন আৰু বাংলাদেশৰ ফেচবুক ইউজাৰৰ তথ্যও হেকাৰে হেক কৰা হৈছে বুলি কোৱা হৈছে৷ প্ৰতিষ্ঠানটোৰ মতে ফেচবুক ইউজাৰকাৰীসকলৰ নাম, ফোন নম্বৰ, ই-মেইল আই ডি, জন্ম তাৰিখসহ বিভিন্ন ব্যক্তিগত তথ্য হেকিং কৰা হৈছে৷ ফলত এনে ইউজাৰসকল আৰ্থিক প্ৰতাৰণাৰ বলি হ’ব পাৰে বুলি বিশেষজ্ঞসকলে উল্লেখ কৰিছে৷