Logo
image

নক্সাল আক্ৰমণৰ নেপথ্যত কোন এই সুজাতা

আমাৰ অসম, ৬ এপ্ৰিলঃ যোৱা শনিবাৰে ছত্তীশগড়ৰ সুকমা আৰু বিজাপুৰ জিলাৰ সীমান্তৰ দক্ষিণ বাস্তাৰ অৰণ্যত চিআৰপিএফৰ দুহেজাৰৰো অধিক জোৱানৰ বিৰুদ্ধে চলোৱা মাওবাদীৰ সফল আৰু ভয়ংকৰ আক্ৰমণৰ নেতৃত্বত ৩০ বছৰীয়া মাওবাদী নেতা মাদভি হিদমা থাকিলেও এই সম্পূৰ্ণ আক্ৰমণটোৰ মাষ্টাৰমাইণ্ড আছিল তেওঁৰ সহযোগী মহিলা মাওবাদী নেত্ৰী সুজাতা৷ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা আৰু আক্ৰমণৰ বলি হোৱা চিআৰপিএফৰ চোৰাংচোৱা সূত্ৰ তথা ৰাজ্যিক চোৰাংচোৱা সূত্ৰই এই কথা নিশ্চিত কৰিছে৷ দেশৰ অন্যান্য অংশৰ সৈতে অপৰিচিত হ’লেও সুজাতা ওৰফে পি ৰূপা নামৰ এই তেনেই সাধাৰণ যেন লগা মাওবাদী নেত্ৰীগৰাকী ছত্তীশগড় আৰু তেলেংগনাত নিৰাপত্তা বাহিনী তথা সাধাৰণ লোকৰ বাবেও খুবেই পৰিচিত৷ মুঠেই চাৰিশ সদস্যক লৈ হিদমা আৰু সুজাতাই চিআৰপিএফৰ দুই সহস্ৰাধিক বাহিনীক অতি কৌশলৰে ছিন্নভিন্ন কৰিছিল৷ চিআৰপিএফৰ বাহিনীটোক ভুল তথ্যৰে বাস্তাৰ অৰণ্যৰ মাজলৈ প্ৰলোভন দি মাতি অনা আৰু ইংৰাজী ইউ আখৰৰ আকৃতিৰ এটা বেহু সাজি অৰণ্যৰ মাজত সম্পূৰ্ণ বেটেলিয়নটোক পৰাভূত কৰাৰ মূল ৰণকৌশল এই সুজাতাই কৰা বুলি প্ৰকাশ পাইছে৷ দেখাত তেনেই কাষৰ ঘৰৰ ছোৱালী যেন লগা অতি সাধাৰণ বেশভূষাৰ আৰু মিতভাষী সুজাতা হেনো অতি নিৰ্দয়৷ শত্ৰু অৰ্থাৎ যিকোনো নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে বিগত চাৰি-পাঁচ বছৰত মাদভি হিদমাকে সকলোতকৈ নিৰ্দয় আৰু নিষ্ঠুৰ মাওবাদী নেতা বুলি গণ্য কৰি অহা হৈছে৷ কিন্তু তেওঁৰ সৈতে থকা সুজাতা হিদমাতকৈও ভয়ংকৰ আৰু নিষ্ঠুৰ বুলি এই আক্ৰমণৰ পাছত প্ৰকাশ পাইছে৷ একে ছিৰিজৰ ৰাইফলৰ পৰা আৰম্ভ কৰি লাইট মেছিনগানলৈকে সকলো অস্ত্ৰ-শস্ত্ৰ চালনাত পাৰ্গত সুজাতাৰ হেণ্ড গ্ৰেণেডৰ লক্ষ্যও হেনো অব্যৰ্থ৷ ৩৪ বছৰ বয়সীয়া সুজাতাই যোৱা শনিবাৰৰ আক্ৰমণৰ সম্পূৰ্ণ পৰিকল্পনা কৰিছিল৷ সেই পৰিকল্পনা বাস্তৱায়িত কৰা যুদ্ধখনতো তেওঁ হিদমাৰ সৈতে সমুখৰ পৰা নেতৃত্ব দিছিল৷ ছত্তীশগড়ৰএজন আৰক্ষী বিষয়াই প্ৰকাশ কৰা অনুসৰি সাধাৰণতে মাওবাদীয়ে ফেব্ৰুৱাৰীৰ পৰা জুনৰ ভিতৰত নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে এনে আক্ৰমণ সংঘটিত কৰে৷ তেনে আক্ৰমণত মাওবাদী শীৰ্ষ নেতাসকলে নতুনকৈ সংগঠনত ভৰ্তি কৰোৱা সকলক ব্যৱহাৰ কৰি প্ৰকৃত যুদ্ধৰ প্ৰশিক্ষণ প্ৰদান কৰে৷ এই ঘটনাও তাৰ ব্যতিক্ৰম নাছিল বুলি ছত্তীশগড়ৰ শীৰ্ষ আৰক্ষী বিষয়াই ধাৰণা কৰিছে৷ কিয়নো আক্ৰমণৰ সময়ত প্ৰদৰ্শন কৰা ক্ৰুড়তা আৰু নিষ্ঠুৰতা এনে নতুনকৈ সংগঠনত যোগদান কৰা সদস্যইহে প্ৰদৰ্শন কৰে৷ শনিবাৰৰ আক্ৰমণত কেইবাজনো চিআৰপিএফৰ জোৱানক বন্দুকত গুলী ভৰাই থকা অৱস্থাত কাষলৈ আহি মাওবাদী সদস্যই চোকা অস্ত্ৰৰে ঘপিয়াই সোঁহাত দুটুকুৰাকৈ কাটি পেলাইছিল৷ সংগঠনৰ পুৰণি সদস্যই সাধাৰণতে এনে নিষ্ঠুৰতা প্ৰদৰ্শন নকৰে৷

৩৪ বছৰীয়া সুজাতাৰ প্ৰকৃত ঘৰ তেলেংগানাত৷ পূৰ্বে তেওঁৰ মূৰৰ দাম আছিল আঠ লাখ টকা৷ ২০১৮ চনত তেওঁ বিজাপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল৷ দুবছৰৰ পাছত তেওঁক মাওবাদী সতীৰ্থই জেলৰ পৰা পলুৱাই লৈ যাবলৈ সক্ষম হয়৷ বহুকেইটা ভয়ংকৰ অভিযানত অংশগ্ৰহণ কৰাৰ পাছত এতিয়া সুজাতাৰ মূৰৰ দাম ২০ লাখ টকা৷ প্ৰথমতে সুজাতাৰ দায়িত্ব আছিল দণ্ডকাৰণ্য অৰণ্যত৷ লাহে লাহে তেওঁক বাস্তাৰৰ সমগ্ৰ অঞ্চলৰ নেতৃত্ব প্ৰদান কৰা হয়৷ বিজাপুৰত ২০১৩ চনত আৰু ২০১৬ চনত দুটা ভয়ংকৰ আক্ৰমণত নেতৃত্ব দিয়াৰ পাছত সুজাতাৰ দায়িত্ব বৃদ্ধি পায়৷ সুজাতাৰ স্বামী মাওবাদী নেতা আজাদ আলীয়াছ কোয়ডা৷ কিন্তু সংগঠনে তেওঁক মাদভি হিদমাৰ সৈতে চলোৱা মাওবাদী আক্ৰমণত একেলগে নেতৃত্ব লোৱাৰ বাবে দায়িত্ব প্ৰদান কৰে৷ এনে আক্ৰমণৰ পৰিকল্পনা কেইবামাহো ধৰি চলোৱা হয় আৰু সেই সময়ছোৱাত তেওঁ হিদমাৰ সোঁহাত হিচাপে সেই অঞ্চলতে বাস কৰে৷ সুজাতাই বাস্তাৰৰ সম্পূৰ্ণ অৰণ্য নিজৰ হাতৰ তলুৱাৰ দৰে চিনি পায়৷ সেয়েহে দুৰ্ভাগ্যজনক ঘটনা নঘটিলে তেওঁক নিৰাপত্তা বাহিনীয়ে বন্দী অথবা হত্যা কৰাটো সহজ নহয়৷ কিয়নো আক্ৰমণৰ আগে-পিছে দুই-তিনি মাহ ধৰি তেওঁ একেৰাহে অৰণ্যত বাস কৰিলেও বাকী সময়ছোৱাত ছত্তীশগড়ৰ গাঁও আৰু তেলেংগানাৰ নিজৰ পৰিচিত অঞ্চলত আন আন লোক আৰু গাঁওবাসীৰ সৈতে সাধাৰণ এগৰাকী মহিলা হিচাপে বাস কৰে৷