Logo
image

গুৱাহাটীত ব্যাপক সংক্ৰমণ, আক্ৰান্তৰে পূৰ্ণ ক’ভিড হাস্পতাল

আমাৰ অসম, ৬ এপ্ৰিলঃ অসমৰ বিভিন্ন স্থানৰ লগতে সম্প্ৰতি গুৱাহাটীত ব্যাপক হাৰত কৰ’নাৰ সংক্ৰমণ আৰম্ভ হৈছে৷ চাঞ্চল্যৰ সৃষ্টি কৰি অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ক’ভিড নাই বুলি ঘোষণা কৰিলেও প্ৰকৃত পৰিস্থিতি ইয়াৰ সম্পূৰ্ণ বিপৰীত৷ নিৰ্বাচনী ব্যস্ততাৰ মাজত সংবাদ মাধ্যমতো ক’ভিডৰ খবৰ তল পৰাৰ সময়তে গুৱাহাটীৰ হাস্পতাল ভৰি পৰিছে ক’ভিড ৰোগীৰে৷ সেই ঘটনাও নিৰ্বাচনী  ব্যস্ততাৰ মাজত মিডিয়া তথা আন আন লোকৰ অগোচৰে ৰৈ গৈছে৷ আজি মঙলবাৰে স্বাস্থ্য বিভাগৰ এটা শীৰ্ষ সূত্ৰই গুৱাহাটীৰ হাস্পতাল ক’ভিড ৰোগীৰে ভৰি পৰা বুলি মন্তব্য কৰাৰ পাছত গুৱাহাটীলৈ ক’ভিডৰ আতংক উভতি অহাটো নিশ্চিত হৈ পৰিছে৷ স্বাস্থ্য বিভাগৰ এটা শীৰ্ষ সূত্ৰই ‘আমাৰ অসম’ৰ সৈতে হোৱা কথা-বতৰাত কয় যে গুৱাহাটীৰ কালাপাহাৰস্থিত হাস্পতালখন ক’ভিড ৰোগীৰে ভৰি পৰিছে৷ কালাপাহাৰৰ এই ক’ভিড চিকিৎসালয়ত মুঠতে ২৫০ খন বিচনা আছে৷ সূত্ৰটোৱে জনায়, ইতিমধ্যে এই ২৫০ খন বিচনা ক’ভিড ৰোগীৰে ভৰি পৰিছে৷ কেৱল সেয়াই নহয়, ইয়াৰ পাছতো হাস্পতালখনলৈ দৈনিক কেইবাজনকৈ ক’ভিড ৰোগী আহি আছে৷ এনে পৰিস্থিতিত অস্বাভাৱিক হাৰত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পালে ক’ত শুশ্ৰূষা কৰিব সেই লৈ স্বাস্থ্য বিভাগৰ মাজতে আতংকৰ সৃষ্টি হৈছে৷ কিয়নো ৰাজ্যৰ স্বাস্থ্য বিভাগে অস্থায়ীভাৱে নিৰ্মাণ কৰা ক’ভিড কেন্দ্ৰসমূহ ইতিমধ্যে ভাঙি পেলোৱা হৈছে৷ গুৱাহাটীত একাধিক স্থানত নিৰ্মাণ কৰা অস্থায়ী ক’ভিড কেন্দ্ৰৰ এটাও এতিয়া নাই৷ এই পৰিস্থিতিত চিকিৎসালয়ত ৰোগীৰ বিচনাৰ অভাৱ ঘটিলে অনিবাৰ্যভাৱে পুনৰ পূৰ্বৰ দৰে অস্থায়ী কেন্দ্ৰ নিৰ্মাণ কৰিব লাগিব৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে অসমত পাঁচটা স্থানত মুঠতে পাঁচখন ক’ভিড হাস্পতাল নিৰ্মাণ কৰিব বুলি অসমৰ ৰাইজৰ পৰা ১৯৬ কোটি টকা তুলিছিল৷  সেই দান পোৱাৰ পাছতে হঠাতে ওলোটা পাক মাৰি স্বাস্থ্য বিভাগে পাঁচ বছৰ স্থায়ী হোৱাকৈ নিৰ্মাণ কৰিব বুলি ঘোষণা কৰা ক’ভিড হাস্পতাল কেইখন নিৰ্মাণ নকৰাৰ সিদ্ধান্ত লয়৷ এতিয়া হাস্পতাল ভৰি পৰিলে পুনৰ অস্থায়ী কেন্দ্ৰ নিৰ্মাণ কৰি ক’ভিড ৰোগীৰ চিকিৎসা চলোৱা হ’ব আৰু কাৰোবাৰ বাবে এই অচিলাতে ধন ঘটাৰ সুযোগো ওলাব৷