Logo
image

২০২৫ৰ ভিতৰত প্ৰতি দহজনৰ ৬জনেই হেৰুৱাব কৰ্মসংস্থান

ৱল্ডৰ্ ইকন’মিক ফ’ৰামৰ চাঞ্চল্যকৰ তথ্য

আমাৰ অসম, ৬ এপ্ৰিলঃ কৰ’না অতিমাৰীৰ বাবে সমগ্ৰ বিশ্বত ইতিমধ্যে বহু লোকে কৰ্মসংস্থাপন হেৰুৱাইছে৷ আনকি  আজিও সাধাৰণ লোকৰ চাকৰি সংকটৰ সন্মুখীন হৈ আছে৷ ইয়াৰ মাজতে এইবাৰ ভয়ংকৰ তথ্য প্ৰকাশ পাইছে ৱল্ডৰ্ ইকন’মিক ফ’ৰামৰ প্ৰতিবেদনত৷ এই প্ৰতিবেদন অনুসৰি অহা ২০২৫ চনৰ ভিতৰত প্ৰতি দহজনৰ  মাজৰ কমেও ৬জন লোকে কৰ্মসংস্থাপন হেৰুৱাব৷ ইয়াৰ কাৰণ হিচাপে কোৱা হৈছে যে সাম্প্ৰতিক সময়ত মানুহৰ সলনি  মেছিনৰ জৰিয়তে কাম কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে৷ অহা ২০২৫ চনৰ ভিতৰত মেছিন আৰু মানুহৰ কাম প্ৰায় সমান হৈ পৰিব৷ প্ৰতিবেদনখনত এইবুলিও উল্লেখ কৰা হৈছে যে কৰ’নাৰ পূৰ্বে আৰু কৰ’নাকালৰ লকডাউনৰ পৰৱৰ্তী সময়ত মেছিনৰ ব্যৱহাৰ অত্যধিক বাঢ়িছে৷ উল্লেখ্য যে ১৯ খন দেশৰ ৩২ হাজাৰ কৰ্মচাৰীক সামৰি ৱল্ডৰ্ ইকন’মিক ফ’ৰামে মেছিন আৰু মানুহৰ কাম সম্পৰ্কে এক জৰিপ চলাইছিল৷  জৰিপ কালত ৪০ শতাংশ কৰ্মচাৰীয়ে অহা পাঁচ বছৰত কৰ্মসংস্থাপন হেৰুওৱাৰ আশংকা কৰে৷ আনহাতে ৬০ শতাংশৰো অধিক লোকে তেওঁলোকৰ চাকৰি সুৰক্ষিত কৰাৰ বাবে চৰকাৰক আবেদন জনোৱাৰ কথা প্ৰকাশ কৰে৷