Logo
image

মুখ্যমন্ত্ৰী সোণোৱালে ল’লে ক'ভিড-১৯ ভেকচিনৰ প্ৰথমটো ড’জ

আমাৰ অসম, ৮ এপ্ৰিলঃ বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ক'ভিড-১৯ ভেকচিনৰ প্ৰথমটো ড’জ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ভেকচিন গ্ৰহণৰ পাছতেই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয়, সুৰক্ষিত এই ভেকচিনে ক'ভিড-১৯ মহামাৰীক পৰাভূত কৰাত আমাক সহায় কৰিব। ভেকচিন লোৱাৰ লগতে সুৰক্ষামূলক সকলো নীতি-নিয়ম মানি চলিবলৈ ৰাজ্যৰ নাগৰিকসকলক আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।