Logo
image

গাড়ীত অকলে থাকিলেও মাস্ক পিন্ধক

আমাৰ অসম, ৮ এপ্ৰিলঃ ব্যক্তিগত গাড়ীও ক’ভিড পৰিস্থিতিত ৰাজহুৱা স্থান৷ সেয়ে এজন ব্যক্তিয়ে অকলে এখন গাড়ী চলাই গৈ থকা অৱস্থাতো মাস্ক পৰিধান কৰিব লাগিব৷ দিল্লী উচ্ছ ন্যায়ালয়ে দিয়া এটা ৰায়ত এনেদৰেই ক’ভিড পৰিস্থিতিত মাস্ক পৰিধান কৰাটো সৰ্বত্ৰ, আনকি ব্যক্তিগত গাড়ীতো অপৰিহাৰ্য কৰিছে৷ ন্যায়াধীশ প্ৰতিভা এম সিঙে মাস্ক অপৰিহাৰ্যভাৱে পৰিধান কৰিবলগীয়া এই নিৰ্দেশ দিয়ে এটা গোচৰৰ ৰায়ত৷ ৰায়টোত তেওঁ কয়– ‘আপুনি এখন গাড়ীত অকলে থাকোঁতে আপোনাৰ মাস্ক পৰিধান কৰাত আপত্তি কিয়? সেয়া আপোনাৰ নিৰাপত্তাৰ স্বাৰ্থতে ব্যৱহাৰ হৈছে৷ অতিমাৰীৰ সংকট বাঢ়ি আহিছে৷ প্ৰতিষেধক গ্ৰহণ কৰা-নকৰা প্ৰত্যেকেই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ লাগিলে তেওঁ অকলে গাড়ী চলায়েই গৈছে, মাস্ক পিন্ধিবই লাগিব৷ ইয়াৰ অন্যথা নহ’ব৷’ ন্যায়াধীশে ৰায়টোত কয় যে কোনো স্থানত গাড়ীৰ চালকে গাড়ী ৰখাবলগীয়া হয় আৰু কোনো সময়ত তেওঁ গাড়ীৰ আইনা তললৈ নমাই ৰৈ থাকিবলগীয়া হয়৷ তেনে সময়ত আক্ৰান্ত গাড়ীচালকৰ পৰা আন লোক সংক্ৰমিত হোৱাটো অস্বাভাৱিক নহয়৷ সেইবাবেই অকলে গাড়ী চলাই থকা এজন ব্যক্তিয়েও মাস্ক পৰিধান কৰাটো জৰুৰী বুলি আদালতে বিবেচনা কৰে৷ দিল্লীৰ অধিবক্তা সৌৰভ শৰ্মা আৰু আন তিনিজন ব্যক্তিয়ে মাস্ক পৰিধান নকৰিলে ৫০০ টকা জৰিমনা বিহা চৰকাৰী নিৰ্দেশক প্ৰত্যাহ্বান জনাই এই গোচৰ তৰিছিল৷ দিল্লী উচ্ছ ন্যায়ালয়ে গোচৰটো খাৰিজ কৰি মাস্ক পৰিধান অপৰিহাৰ্য ঘোষণা কৰে৷