Logo
image

অহা ৪ সপ্তাহ ভীষণ উদ্বেগৰ! কেন্দ্ৰৰ সকীয়নি

আমাৰ অসম, ৮ এপ্ৰিলঃ নিতৌ বৃদ্ধি পাই আছে কৰ’নাৰ সংক্ৰমণ৷ দেওবাৰে দিনটোতে দেশত লাখৰ ঘৰ অতিক্ৰম কৰিছিল কৰ’না সংক্ৰমণৰ সংখ্যাই৷ মঙলবাৰে একে কোবে অভিলেখ সংখ্যক লোকৰ দেহলৈ সংক্ৰমিত হৈছে কৰ’না৷ মঙলবাৰে দেশৰ প্ৰায় ১.৭ লাখ লোকৰ দেহত কৰ’না ধৰা পৰিছে৷ ইয়াৰে প্ৰায় আধা অংশই মহাৰাষ্ট্ৰৰ৷ মহাৰাষ্ট্ৰত ৫৫ হাজাৰ লোকৰ দেহত ক’ভিড-১৯ ধৰা পৰিছে৷ আগন্তুক চাৰি সপ্তাহ ভীষণ উদ্বেগৰ হৈ পৰিব বুলি আশংকা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে প্ৰকাশ কৰিছে যে মুকলি স্থানত মাস্ক পৰিধান নকৰাৰ ফলত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণৰ সংখ্যা৷ ক’ভিড সৃষ্ট পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্য বৃহস্পতিবাৰে সন্ধিয়া সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভাৰ্চুৱেল বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ যিবোৰ ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈছে সেইবোৰ ৰাজ্যৰ মুখ্য সচিবে উক্ত বৈঠকত প্ৰতিনিধিত্ব কৰিব বুলি কেন্দ্ৰীয় চৰকাৰে সদৰি কৰিছে৷ উক্ত বৈঠকত কেন্দ্ৰীয় চৰকাৰে কেতবোৰ নতুন নীতি-নিৰ্দেশনা দিয়াৰ সম্ভাৱনা আছে৷ দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য সঞ্চালয়ৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে এখন জৰুৰী বৈঠকত মিলিত হৈছিল৷ এই বৈঠকতে উক্ত বিষয় সন্দৰ্ভত আলোচনা কৰিবলৈ বৃহস্পতিবাৰে বিশেষ বৈঠকৰ সিদ্ধান্ত গ্ৰহণ কৰে দিল্লীয়ে৷ উল্লেখ্য, অসমসহ চাৰি ৰাজ্যৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া মঙলবাৰে সমাপ্ত হয়৷ বাকী আছে পাঁচটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া পশ্চিমবংগৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ বংগৰ মুখ্য সচিব আলাপন বন্দোপাধ্যায়ে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকত ভাগ ল’ব বুলি সদৰি কৰিছে বংগ চৰকাৰে৷ প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পিছদিনা অৰ্থাৎ ৯ এপ্ৰিলত বংগৰ পাঁচখন জিলাত অনুষ্ঠিত হ’ব নিৰ্বাচন৷ ইতিমধ্যে দুই মেদিনীপুৰ, বাঁকুড়া, পুৰুলীয়া আৰু ঝাড়গ্ৰামৰ এছ পি জিলা উপায়ুক্তকো বৈঠকত উপস্থিত থাকিবলৈ কোৱা হৈছে৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে যি নীতি-নিৰ্দেশনা দিব সেই নীতি-নিৰ্দেশনা উক্ত পাঁচখন জিলাকো দিয়া হ’ব৷ এই নিৰ্দেশনাত প্ৰকাশ হ’ব ক’ভিড-১৯ দ্বিতীয় ৱেভ ৰোধ কৰিবলৈ হাতত লোৱা কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনা৷