Logo
image

কৰ’নাৰ শংকাৰ মাজতে আজিৰ পৰা আই পি এল

উদ্বোধনী খেলত আৰ চি বিৰ সন্মুখত মুম্বাই ইণ্ডিয়ানছ

আমাৰ অসম, ৯ এপ্ৰিলঃ দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাই থকাৰ সময়তে শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব আই পি এলৰ চতুৰ্দশ ছীজন৷ আই পি এলৰ সফলতম দল ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়াছৰ বিৰুদ্ধে উদ্বোধনী খেলত প্ৰতিদ্বন্দ্বিতা কৰিব বিৰাট কোহলিৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে৷ কৰ’নাৰ আশংকাৰ বাবে দৰ্শকশূন্য ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল৷ দেশৰ বৰ্তমানৰ পৰিস্থিতিত আই পি এল অনুষ্ঠিত কৰা উচিত নহয় বুলি বিভিন্নজনে মন্তব্য কৰিলেও টুৰ্নামেণ্টখন অনুষ্ঠিত কৰাৰ সিদ্ধান্তত অটল আছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড৷ ক্ৰিকেটপ্ৰেমী ষ্টেডিয়ামলৈ গৈ খেল উপভোগ কৰাৰ সুযোগ নাপালেও টেলিভিশ্বনযোগে তেওঁলোকে ৰোমাঞ্চকৰ খেল চাব পাৰিব বুলি আশাবাদী ক্ৰিকেট ব’ৰ্ড৷ উল্লেখ্য, ইউনাইটেড আৰৱ এমীৰেটছত অনুষ্ঠিত আই পি এলৰ ত্ৰয়োদশ ছীজনো আনুষ্ঠিত হৈছিল দৰ্শক অবিহনে৷ কিন্তু সেইবাৰ টেলিভিশ্বনত খেল উপভোগ কৰা দৰ্শকৰ সংখ্যই অভিলেখ গঢ়িছিল৷ এইবাৰো ক্ৰিকেটপ্ৰেমীৰ অনুৰূপ সঁহাৰি আশা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে৷ অধিনায়ক ৰোহিত শৰ্মাৰ লগতে মুম্বাই ইণ্ডিয়ানছত আছে  কাইৰন পোলাৰ্ড, কুইণ্টন ডে কক, ঈশান কিষাণ, সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক, ক্ৰুনাল পাণ্ডিয়াৰ দৰে বেটছমেন৷ বেটিঙৰ দৰে মুম্বাইৰ বলিঙো যথেষ্ট শক্তিশালী৷ তেনে স্থিতিত বিৰাট কোহলিৰ দলটো সতৰ্ক হ’ব লাগিব৷ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে অষ্টে˜লিয়াৰ গ্লেন মেক্সৱেল আৰু নিউজীলেণ্ডৰ পেচ বলাৰ কাইল জেমিছনৰ বাবে যথেষ্ট ধন খৰচ কৰিছে৷ ভাৰতীয় পৰিবেশত তেওঁলোকৰ প্ৰদৰ্শন  হ’ব লক্ষ্যণীয়৷ আই পি এলৰ ত্ৰয়োদশ ছীজনত যুৱ বেটছমেন দেৱদূত পাড়িক্কালৰ প্ৰদৰ্শন  আছিল প্ৰশংসনীয়৷ এইবাৰো দলটোৱে তেওঁৰ পৰা অনুৰূপ প্ৰদৰ্শন  আশা কৰিছে৷ তেনেদৰে বলিঙত যুজবেন্দ্ৰ চাহলৰ লগতে পেচ বলাৰদ্বয় মহম্মদ ছিৰাজ আৰু নৱদীপ সাইনীৰ প্ৰদৰ্শন হ’ব লক্ষ্যণীয়৷