Logo
image

মেঘালয়ৰ প্ৰতি এহেজাৰ গৰ্ভৱতীৰ ভিতৰত তিনিগৰাকীয়েই এইচআইভি পজিটিভ

মেঘালয়ত ঘটিছে ভয়ংকৰ ঘটনাঃ বিধানসভাৰ বিশেষ কমিটীৰ উদ্বেগ প্ৰকাশ

আমাৰ অসম, ৯ এপ্ৰিলঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বিধানসভাৰ বিশেষ কমিটীৰ এখন প্ৰতিবেদনে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিধানসভাৰ বিশেষ কমিটীৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি মেঘালয়ৰ প্ৰতি এহেজাৰগৰাকী গৰ্ভৱতীৰ ভিতৰত তিনিগৰাকীয়েই হৈছে এইছ আই বি পজিটিভ৷ এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাত বিভিন্ন মহলে উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ বিশেষ কমিটীখনৰ অধ্যক্ষ আম্পাৰিন লিংডোই বুধবাৰে সদৰি কৰা অনুসৰি মেঘালয়ত ৫ হাজাৰোধিক এইছ আই ভি/ এইড্‌ছত আক্ৰান্ত ৰোগী পোৱা গৈছে আৰু ইয়াৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে৷ আৰক্ষী আৰু সমাজ কল্যাণ বিভাগে ব্যৱসায়িক যৌনকৰ্মীসকলৰ ক্ষেত্ৰত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ আৱশ্যক আছে৷ বিশেষকৈ গৰ্ভৱতীৰ ক্ষেত্ৰত এই ৰোগে ভয়াৱহ ৰূপ লৈছে৷ মেঘালয় এইড্‌ছ নিয়ন্ত্ৰণ সমিতিৰ পৰা পোৱা তথ্য অনুসৰি ৰাজ্যখনৰ ২০০ গৰাকী যৌনকৰ্মী এইছ আই ভি পজিটিভ বুলি চিনাক্ত কৰা হৈছে৷ সমিতিখনে ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবেও পৰামৰ্শ আগবঢ়াইছে৷ আনকি আৰক্ষী আৰু স্বাস্থ্য বিভাগৰে আলোচনা কৰি চৰকাৰক জৰুৰীভাৱে প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰো পৰামৰ্শ আগবঢ়াইছে সমিতিয়ে৷