Logo
image

ৰাজ্যত হঠাৎ ক’ভিড ভেক্‌চিনৰ নাটনি

আমাৰ অসম, ১০ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ দেশজুৰি ‘টিকা উৎসৱ’ পালন কৰি দেশৰ জনতাক যিমান সম্ভৱ বেছিকৈ ক’ভিডৰ প্ৰতিষেধক প্ৰদানৰ বাবে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিয়াৰ সময়তে অসমত ক’ভিডৰ প্ৰতিষেধকৰ চৰম নাটনি ঘটিছে৷ স্বয়ং ৰাজ্য চৰকাৰেই অসমত ক’ভিডৰ প্ৰতিষেধকৰ নাটনি ঘটাৰ কথা স্বীকাৰ কৰিছে৷ প্ৰতিষেধকৰ চৰম নাটনিৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যৰ একাধিক চিকিৎসালয়ক আজিৰ পৰা অৰ্থাৎ ১০ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ কোনো ব্যক্তিকে ক’ভিডৰ প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে৷ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে স্বাক্ষৰ কৰা এখন চৰকাৰী পত্ৰৰ জৰিয়তে ডিব্ৰুগড়ৰ আদিত্য হাস্পতাল, মাৰোৱাৰী আৰোগ্য ভৱন, ডামানি নাৰ্ছিংহোম, ব্ৰহ্মপুত্ৰ হাস্পতালক কৈছে– ‘অহা ১০ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আপোনালোকে কেৱল ক’ভিড প্ৰতিষেধকৰ দ্বিতীয় পালিহে প্ৰদান কৰক৷ ১০ এপ্ৰিলৰ পৰা পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে কোনো লোককে প্ৰথম পালি ক’ভিড প্ৰতিষেধক প্ৰদান নকৰিব৷ কিয়নো আমাৰ ওচৰত সম্প্ৰতি প্ৰতিষেধকৰ চৰম নাটনি ঘটিছে৷’ উল্লেখ্য, গুৱাহাটীৰ কেইবাখনো বেচৰকাৰী হাস্পতালতো প্ৰতিষেধকৰ ভয়ংকৰ নাটনি ঘটিছে৷ শুকুৰবাৰে বহু নাৰ্ছিংহোমৰ পৰা প্ৰতিষেধক ল’বলৈ যোৱা লোকক ঘূৰাই পঠায়৷ এপল’ হাস্পতাল, হায়াট হাস্পতাল, নেইমকেয়াৰ হাস্পতাল আৰু আয়ুৰসুন্দ্ৰা হাস্পতালে কাইলৈ বা অহা সোমবাৰে প্ৰতিষেধক প্ৰদান কৰিব পাৰিব বুলি আজি নিশ্চয়তা প্ৰদান কৰিব পৰা নাই৷ আটাইকেইখন হাস্পতাল কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰোতে তেওঁলোকে চৰকাৰৰ ভঁৰালৰ পৰা নিচেই কমকৈ তেওঁলোকক প্ৰতিষেধক যোগান ধৰিছে বুলি জনায় আৰু সেয়ে পৰৱৰ্তী কেইদিনত তেওঁলোকে প্ৰতিষেধক দিব পাৰিব নে নোৱাৰে সেই নিশ্চয়তা প্ৰদান কৰিবলৈ আজি অস্বীকাৰ কৰে৷  সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিডৰ সংক্ৰমণ পূৰ্বতকৈ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ সময়তে অসমত ক’ভিডৰ প্ৰতিষেধকৰ চৰম নাটনি ঘটা বুলি স্বাস্থ্য বিভাগে স্বীকাৰ কৰাৰ ঘটনাই সকলোৰে মনত তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে৷ চৰকাৰে তিনিটা ‘টি’ অৰ্থাৎ ‘টেষ্ট’, ‘ট্ৰেচ’ আৰু ‘ট্ৰিট’ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ক’ভিডৰ সংহাৰৰ মোকাবিলা কৰিবলৈ আগবঢ়াৰ সময়ত প্ৰতিষেধকৰ নাটনি ঘটাটোৱে ৰাজ্যত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে৷ প্ৰসংগতঃ উল্লেখযোগ্য, প্ৰতিষেধকৰ অভাৱত ইতিমধ্যে দেশৰ সৰ্বোচ্ছ সংক্ৰমণ হোৱা চহৰ মুম্বাইত ৭১টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ বন্ধ হৈ পৰিছে৷ মুম্বাইত মুঠতে ১২০টা কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কাৰ্যসূচী চলি আছিল৷ তাৰ ৪৯টা কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ অধীনত আৰু বাকীকেইটা পৰিচালিত হৈছিল বৃহনমুম্বাই পৌৰনিগমৰ অধীনত৷ সম্প্ৰতি প্ৰতিষেধকৰ নাটনিৰ বাবে তাৰ ৭১টা টীকাকৰণ কেন্দ্ৰ বন্ধ হৈ পৰিছে, য’ৰ চহৰৰ গুৰুত্বপূৰ্ণ বাণিজ্যিক অঞ্চলৰ সৰ্ববৃহৎ কেন্দ্ৰটোও বন্ধ হৈ পৰিছে৷ এই পৰিস্থিতিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰি প্ৰশ্ন কৰিছে– ‘যি সময়ত দেশত প্ৰতিষেধকৰ অভাৱত বহু টিকাকৰণ কেন্দ্ৰ বন্ধ হৈ পৰিছে, সেই সময়ত মোদী চৰকাৰে বিদেশী ৰাষ্ট্ৰলৈ প্ৰতিষেধক প্ৰদান কৰি আছে৷ এনে পৰিস্থিতিত কিদৰে দেশত ‘টিকা উৎসৱ’ হ’ব?’ পিছে এনে পৰিস্থিতিতো বিদেশলৈ প্ৰতিষেধক ৰপ্তানি বন্ধৰ কোনো পৰিকল্পনা নাই বুলি স্বাস্থ্য মন্ত্ৰণালয়ে জনাই দিছে৷