Logo
image

মহাজোঁট

আমাৰ অসম, ১০ এপ্ৰিলঃ ৰাজ্যৰ হৰ্ছ ট্ৰেডিঙৰ অন্য এক অধ্যায় সংঘটিত হ’ব পাৰে৷ এই সন্দেহ মহাজোঁটৰ নেতৃত্বৰ৷ বিজেপিয়ে মহাজোঁটৰ এই সন্দেহক লৈ কটাক্ষ কৰিলেও এই মুহূৰ্তত ৰাজ্যিক বিজেপিৰ নেতৃত্বত থকা একাংশৰ হৰ্ছ টেডিঙৰ ক্ষেত্ৰত পূৰ্বৰ ৰেকৰ্ড মুঠেই ভাল নহয়৷ বৰ্তমান ৰাজ্যিক বিজেপিৰ অন্যতম প্ৰভাৱশালী নেতা মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগতে ২০০৯ চনৰ গগৈ চৰকাৰৰ শাসনকালত ৰাজ্যসভাৰ নিৰ্বাচনত সংঘটিত হৈছিল যদিও হৰ্ছ টেডিং৷ বিজেপিৰ তেতিয়াৰ তিনি বিধায়ক ক্ৰমে ডাঃ ৰুমী নাথ, কাৰ্তিক সেন সিনহা আৰু অভিজিত হাজৰিকাক নিজে গাড়ী চলাই বিধানসভালৈ লৈ আহিছিল মন্ত্ৰী ড॰ শৰ্মাই৷ বিজেপিৰ তেতিয়াৰ তিনিওজন বিধায়কে কংগ্ৰেছৰ প্ৰাৰ্থীক ৰাজ্যসভাৰ নিৰ্বাচনত ভোটদান কৰিছিল৷ শেহতীয়াভাৱে বিধানসভাৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত ৰাজ্যত আকৌ হৰ্ছ টেডিং হোৱাৰ আশংকা কৰিছে মহাজোঁটে৷ যাৰ ফলত মহাজোঁটৰ অন্যতম অংশীদাৰ এ আই ইউ ডি এফৰ ১৬জন প্ৰাৰ্থীক শুকুৰবাৰে দুপৰীয়া বিমানযোগে ৰাজস্থানলৈ লৈ যোৱা হয়৷ ভোট গণনা নোহোৱা পৰ্যন্ত এইসকল প্ৰাৰ্থীক ৰাজ্যৰ বাহিৰতে ৰখা হ’ব৷ প্ৰাৰ্থীসকল যাতে হৰ্ছ টেডিঙৰ চিকাৰ হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক নিজৰ নিজৰ মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাই৷ গুৱাহাটীৰ পৰা একেলগে একেখন বিমানযোগে ৰাজস্থানলৈ উপস্থিত হোৱাৰ পিছত তেওঁলোকক পোনে পোনে বিলাসী ৰিৰ্জট ফেয়াৰমণ্ট জয়পুৰলৈ লৈ যোৱা৷ দিনৰ ২ বজাত ইণ্ডিগো বিমানযোগে এ আই ইউ ডি এফৰ প্ৰাৰ্থী কেইজন ৰাজস্থান অভিমুখে ৰাওনা হয়৷ লক্ষণীয়ভাৱে এই সকল প্ৰাৰ্থীৰ সৈতে এ আই চি চিৰ সম্পাদক তথা বিধান সভাৰ নিৰ্বাচনত নামনি অসমৰ দায়িত্বত থকা পৃথিৱীৰাজ সাথেও গৈছে৷ বৰ্তমান ৰাজস্থানত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ আছে৷ মুখ্যমন্ত্ৰী অশোক গেহলট বিধানসভাৰ শেহতীয়া নিৰ্বাচনত অসমত দীৰ্ঘ দিন ধৰি বাহৰ পাতি আছিল৷ অসমৰ দলীয় নিৰ্বাচনী ৰণকৌশল নিৰ্ধাৰণ ক্ষেত্ৰত ৰাজস্থানৰ মুখ্যমন্ত্ৰী গেহলটে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷ আনহাতে অসমৰ দায়িত্বত থকা এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙো ৰাজস্থানৰ আলোৱাৰৰ বাসিন্দা। শুকুৰবাৰে ৰাজস্থানত উপস্থিত হোৱা এ আই ইউ ডি এফৰ প্ৰাৰ্থী সকল ক্ৰমে পশ্চিম বিলাসীপাৰা সমষ্টিৰ হাফিজ বছিৰ আহমেদ, সৰুক্ষেত্ৰীৰ মিনাক্ষী ৰহমান, গৌৰীপুৰৰ নিজানুৰ ৰহমান, বাঘবৰৰ ৰাজীৱ আহমেদ, জলেশ্বৰৰ ৰফিকুল ইছলাম, আলগাপুৰৰ নিজামুদ্দিন চৌধুৰী, ধুবুৰীৰ নজৰুল হক, মানকাচৰৰ আমিনুল ইছলাম, চেঙাৰ আশ্ৰাফুল হুছেইন, সোণাইৰ কৰিম উদ্দিন বৰভূঞা, ভৱানীপুৰৰ ফনীধৰ তালুকদাৰ, ধিঙৰ আমিনুল ইছলাম, কাটনিচেৰাৰ চুজাম উদ্দিন লস্কৰ, হাইলাকান্দিৰ জাকিৰ হুছেইন লস্কৰ, পূব বিলাসীপাৰাৰ সামচুল হুদা৷ ৰাজস্থানত থকাৰ সময়ছোৱাত এ আই ইউ ডি এফৰ প্ৰাৰ্থী সকলক আজমীৰ শ্বৰীফলৈ লৈ যোৱাৰ কথা৷ আনহাতে ইয়াৰ পিছতে এই সকল প্ৰাৰ্থীক বদৰুদ্দিন আজমলে পোনে পোনে ডুবাইলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে। আজমলে নিজে দলৰ প্ৰাৰ্থী সকলক গুৱাহাটীৰ বিমান বন্দৰলৈ লৈ যায়৷ এ আই ইউ ডি এফৰ মুৰব্বীজনে হৰ্ছ টেডিঙৰ আশংকা স্বীকাৰ কৰি উদ্ভব হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে তেওঁ সাজু বুলি স্পষ্ট কৰি দিয়ে৷ উল্লেখ্য যে এ আই ইউ ডি এফৰ সমান্তৰালভাৱে বি পি এফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীও দলৰ প্ৰাৰ্থীসকলক কোকৰাঝাৰলৈ তলব কৰিছে৷ হোটেল গৌৰাং ভেলীত এই সকল প্ৰাৰ্থীক থকাৰ ব্যৱস্থা কৰিছে হাগ্ৰামা মহিলাৰীয়ে৷ শেহতীয়াভাৱে হৰ্ছ টেডিঙক লৈ শংকিত মহাজোঁটে গ্ৰহণ কৰিছে এনে সতৰ্কতামূলক ব্যৱস্থা৷

আমাক হোটেলত আবদ্ধ কৰি ৰখা নাই, কিন্তু হৰ্ছট্ৰেডিঙৰ আশংকা আছেঃ প্ৰমীলাৰাণী

তেওঁলোক জয়ী হ’ব বুলি নিশ্চিত৷ সেয়ে তেওঁলোক ফূৰ্তি কৰিবলৈ যাব৷ ফলাফল ওলোৱাৰ আগত ভয় কৰিবলগীয়া একো নাই কিন্তু আশংকা নথকা নহয় আছে৷ এই মন্তব্য বিপিএফ দলৰ প্ৰাৰ্থী তথা মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ৷ বিধানসভা নিৰ্বাচন অন্ত পৰাৰ লগে লগে হৰ্ছট্ৰেডিঙৰ ৰাজনীতিয়ে উত্তাল কৰিছে ৰাজ্যৰ ৰাজনীতি৷ প্ৰকাশ যে, মহাজোঁটৰ প্ৰাৰ্থীক হৰ্ছট্ৰেডিঙৰ আশংকা কৰি সম্প্ৰতি অসমৰ ৰাজনৈতিক ক্ষেত্ৰত যি উত্তাল পৰিস্থিতিৰ উদ্ভৱ হৈছে বিপিএফৰ প্ৰাৰ্থীসকলক কোক্‌ৰাঝাৰলৈ মাতি অনা বুলি যি প্ৰচাৰ আৰম্ভ হৈছে সেই সন্দৰ্ভত প্ৰমীলাৰাণীয়ে এনেদৰে স্পষ্ট কৰি দিয়ে৷ তেওঁ প্ৰাৰ্থীসকলক কোনোবা হোটেলত আবদ্ধ কৰি ৰখা বুলি ওলোৱা কথাত আ(ৰ্য প্ৰকাশ কৰি কয় যে, গুৱাহাটীৰ সাংবাদিকসকলে জানিব বিচৰাত যে তেওঁ বিষয়টো সন্দৰ্ভত জ্ঞাত হৈছে বুলি সদৰি কৰি হৰ্ছট্ৰেডিঙৰ আশংকা কৰি এনেকুৱা কৰা হৈছে বুলি এনেকুৱাধৰণৰ যিবোৰ কথা ওলাইছে এইবোৰ আচলতে অপপ্ৰচাৰ বুলি অভিহিত কৰে৷ লগতে আমাৰ প্ৰাৰ্থীসকলক এনেকৈ লুকাই ৰখাৰ প্ৰয়োজন নাই বুলি স্পষ্ট কৰি দি অৱশ্যে ডেকা প্ৰাৰ্থীসকলৰ অলপ বিহুৰ বতৰত অলপ ফূৰ্তি কৰাৰ ইচ্ছা হ’ব পাৰে বুলি মন্তব্য কৰে৷  আনহাতে, প্ৰমীলাৰাণীয়ে পোনপটীয়াকৈ বিজেপি দলে সংখ্যাগৰিষ্ঠতা নাপায় বুলি প’ল এক্সিটত ওলাইছে গতিকে আমাৰ কোনো এটা দলৰ পৰা আগতীয়াকৈ বুকিং কৰাৰ সম্ভাৱনা নথকা নহয়, থাকে৷ কিন্তু সেইবুলি আমাৰ দলৰ নেতাই কোনো প্ৰাৰ্থী লুকাই থাকিব মতা নাই৷ কোক্‌ৰাঝাৰলৈ কোনোবা আহিলে গৌৰাং ভেলি হোটেলত থাকে বুলি তেওঁ সদৰি কৰে৷ ৷ উল্লেখযোগ্য যে, বিপিএফৰ ৩০ নং কোক্‌ৰাঝাৰ পূব জনজাতি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী তথা মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ প্ৰাৰ্থী অথবা বিধায়কসকলক হৰ্ছট্ৰেডিঙৰ বাবে কোক্‌ৰাঝাৰলৈ তলব কৰা নাই৷ সাধাৰণতে নিৰ্বাচনৰ পাছত কিছু হিচাপ-নিকাচৰ বাবে মিলিত হোৱাটো সাধাৰণ কথা৷ কিন্তু হৰ্ছট্ৰেডিঙৰ বিষয়টো মোৰ অৱগত নহয় বুলিও জানিবলৈ দিয়ে৷ ৷ লগতে বিটিআৰৰ বাৰটা বিধানসভা সমষ্টিৰ ভিতৰত বিপিএফ দলে এঘাৰটা লাভ কৰাটো নিশ্চিত৷ তদুপৰি, এইবাৰৰ নিৰ্বাচনত বিজেপি দলে একক সংখ্যাগৰিষ্ঠ আসন লাভ নকৰে৷ ৰাজ্যত চৰকাৰ মহাজোঁটৰেই গঠন হ’ব বুলি দাবী কৰি মুখ্যমন্ত্ৰীৰ পদ দিলে ল’বলৈ সাজু বুলিও কয় প্ৰমীলাৰাণী ব্ৰহ্মই৷ তেওঁ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা তুমুল হোৱা নাই বুলি জানিবলৈ দি আৰক্ষী প্ৰশাসনে ইউপিপিএল দলক তেওঁৰ বিৰুদ্ধে ধন বিলোৱাত সহায় কৰা বুলি অভিযোগ উত্থাপিত কৰি মই জিকিমেই বুলি দৃঢ়তাৰে কয়৷ সংবাদ মাধ্যমৰ আগত তেওঁ মুকলিকৈ বেংগলী আৰু আদিবাসী এলেকাত ধন বিলোৱা বুলিও কয়৷ তেওঁ আন সমষ্টি কেইটাত বিপিএফৰ চিন্তা নাই যদিও তামুলপুৰ সমষ্টিটোত প্ৰাৰ্থী নাই বাবে হিচাপত লোৱা নাই বুলি জানিবলৈ দিয়ে৷ ইফালে মাজবাটৰ বিপিএফৰ বিধায়ক তথা প্ৰাৰ্থী চৰণ বড়ো আৰু বিজনীৰ কমল সিং নাৰ্জাৰীৰ কোক্‌ৰাঝাৰৰ গৌৰাং হোটেলত বাহৰ পাতি আছে৷