Logo
image

কয়লা মাফিয়াৰে আৰক্ষীৰ সম্পৰ্ক! ভাইৰেল ফোন টেপিং

আমাৰ অসম, ১০ এপ্ৰিলঃ উত্তৰ-পূৰ্বাঞ্চলৰ কয়লাৰ বাণিজ্যিক হৃদপিণ্ডস্বৰূপ গুৱাহাটীৰ বেলতলাত ছিণ্ডিকেট মাফিয়াৰ এতিয়া দপ্‌দপনি চলিছে৷ থানাৰ অ’চিৰ পৰা শীৰ্ষ আৰক্ষী বিষয়ালৈকে সকলোৱে মেনেজ কৰি ছিণ্ডিকেট চক্ৰই চলাইছে লুণ্ঠনৰাজ৷ গুণ্ডাকৰ নিদিলে কয়লা ভৰ্তি এখনো ট্ৰাক গুৱাহাটীৰ মাজেৰে পাৰ হ’ব নিদিয়ে ছিণ্ডিকেট চক্ৰটোৱে৷ কমিচন দিবলৈ অসন্মত হোৱা ট্ৰাকক আৰক্ষীৰ হাতত ধৰাই দিয়ে মাফিয়াৰ দলটোৱে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও বেলতলাৰ এই ছিণ্ডিকেট চক্ৰটোৱে প্ৰতিখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰে ২৩ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকা৷ দৈনিক শ শ ট্ৰাক গুৱাহাটীৰ পৰা পাৰ কৰোৱাই দিয়াৰ বিনিময়ত ছিণ্ডিকেট চক্ৰটোৱে এদিনতে কিমান টকাৰ কমিচন সংগ্ৰহ কৰে সেয়া নক’লেও স্পষ্ট হৈ পৰিছে৷ শেহতীয়াকৈ বেলতলাৰ কয়লা ছিণ্ডিকেটৰ আঁৰত এটা অনা-অসমীয়া বেপাৰীৰ নাম চৰ্চালৈ আহিছে৷ কয়লা ব্যৱসায়ীৰ সৈতে ছিণ্ডিকেট মাফিয়াটোৰ টেলিফোনিক বাৰ্তালাপৰ অডিঅ’ ভাইৰেল হৈ পৰাত বেলতলাৰ ক’লা সাম্ৰাজ্যৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ ভাইৰেল অডিঅ’টোত স্পষ্ট হৈ পৰিছে অনা-অসমীয়া বেপাৰী অনিল কাশ্যপ ওৰফে চুনুৱে চলাইছে বেলতলাৰ কয়লা ছিণ্ডিকেট৷ ছিণ্ডিকেট চক্ৰটোত মানস নামৰ আন এটা মাফিয়া জড়িত থকাৰ তথ্য প্ৰকাশ পাইছে৷ বিতৰ্কিত ছিণ্ডিকেট মাফিয়া চুনুৱে এজন ব্যৱসায়ীলৈ ফোন কৰি ট্ৰাক পাৰ কৰাৰ বিনিময়ত ছিণ্ডিকেট চক্ৰটোৰ পৰা এণ্ট্ৰি নম্বৰ সংগ্ৰহ কৰিবলৈ ধমক দিছে৷ ‘এণ্ট্ৰি নম্বৰ’ নল’লে আৰক্ষীয়ে কয়লা ট্ৰাক জব্দ কৰাৰ লগতে মানুহকো গ্ৰেপ্তাৰ কৰিব বুলি ভাবুকি প্ৰদান কৰিছে৷ কয়লা বেপাৰৰ সৈতে জড়িত সকলোৰে বাবে এই ‘এণ্ট্ৰি নম্বৰ’ অতি গুৰুত্বপূৰ্ণ৷ ছিণ্ডিকেট মাফিয়াই দিয়া ‘এণ্ট্ৰি নম্বৰ’ প্ৰদৰ্শন কৰিব নোৱাৰিলে কোনো ট্ৰাক আৰক্ষীৰ বাধা অবিহনে চলাচল কৰিব নোৱাৰে৷ ভাইৰেল অডিঅ’টোত বেপাৰী চুনুৱে কয়লা ব্যৱসায়ীজনক তেওঁ বা মানস নামৰ সহযোগীজনৰ পৰা এণ্ট্ৰি নম্বৰ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছে৷ ইয়াৰ বাবদ প্ৰতিখন ট্ৰাকৰ পৰা ২৩ হাজাৰ টকা লাগিব বুলি স্পষ্ট কৰি দিছে৷ যদিহে কয়লা ব্যৱসায়ীজনে আন ব্যৱসায়ীৰ ট্ৰাক পাৰ কৰাব বিচাৰে, তেনেহ’লে তেওঁৰ পৰা ২৫ হাজাৰ টকা সংগ্ৰহ কৰিব পাৰিব৷ অৰ্থাৎ দুই হাজাৰ টকা কমিচন ৰাখি বাকী ২৩ হাজাৰ টকা চুনু বা মানস বাহিনীক আদায় দিব লাগিব৷ অনা-অসমীয়া ছিণ্ডিকেট মাফিয়া চুনুৱে সহযোগী মানসৰ নাম-ঠিকনা সম্পূৰ্ণকৈ ভাইৰেল অডিঅ’টোত কোৱা নাই যদিও বেলতলাত কুখ্যাত মানস চেতিয়াৰ কথাকে কোৱা বুলি ব্যৱসায়ী মহলত চৰ্চা লাভ কৰিছে৷ আনহাতে টেলিফোনিক বাৰ্তালাপটোত বণিয়া চুনু ওৰফে অনিল কাশ্যপে কয়লা ব্যৱসায়ীজনক অ’চিৰ নাম লৈ পূৰ্বতে ট্ৰাক কিয় পাৰ কৰিছিল বুলিও প্ৰশ্ন কৰে৷ অৱশ্যে কোন থানাৰ অ’চিৰ কথা ক’লে সেয়াও স্পষ্ট হোৱা নাই যদিও গুৱাহাটীৰ বশিষ্ঠ থানাৰ অ’চি পাৰ্থপ্ৰতীম গগৈ বা গড়চুক থানাৰ অ’চি নিৰঞ্জন বৰুৱা এই দুজনৰ যিকোনো এজনৰ কথাকে কোৱা বুলি ইংগিত প্ৰদান কৰিছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে৷