Logo
image

সৰ্বশিক্ষাত ২০০ কোটিৰ কেলেংকাৰি

◾ন্যায়ালয়ত পিআইএল

আমাৰ অসম, ১০ এপ্ৰিলঃ অসম সৰ্বশিক্ষা অভিযানত সংঘটিত হৈছে ২০০ কোটিৰো অধিক টকাৰ কেলেংকাৰি৷ ভুৱা সামগ্ৰী যোগান, ভুৱা শিক্ষকৰ দৰমহা দিয়াকে ধৰি বিভিন্ন শিতানৰ জৰিয়তে আত্মসাৎ কৰা হৈছে বৃহৎ পৰিমাণৰ ধনৰাশি৷ ২০১২-১৩ বৰ্ষৰ পৰা ২০১৪-১৫ বৰ্ষৰ ভিতৰত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰি৷ এই ভয়ংকৰ কেলেংকাৰি উন্মোচিত হৈছে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মজিয়াত৷ আমগুৰি নৱ নিৰ্মাণ সমিতি নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদনত উন্মোচিত হৈছে এই ভয়ংকৰ কেলেংকাৰি৷ স্বেচ্ছাসেৱী সংগঠনটোৱে গুৱাহাটী উচ্ছ ন্যায়ালয়ত দাখিল কৰা আৱেদনত উল্লেখ কৰা মতে ২০১২ চনৰ পৰা ২০১৫ চনৰ ভিতৰত অসম সৰ্বশিক্ষা অভিযান মিছনত ২০০ কোটিতকৈও অধিক টকাৰ কেলেংকাৰি সংঘটিত হৈছে৷ এই সময়ত অস্তিত্বহীন টেট শিক্ষকৰ নামত ১৬ কোটি টকা আত্মসাৎ কৰিছে সৰ্বশিক্ষা অভিযানৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে৷ যি সকল শিক্ষকৰ দৰমহাৰ বিনিময়ত এই কোটি কোটি টকা ৰাজকোষৰ পৰা ওলাই গ’ল, বাস্তৱত সেই সকল শিক্ষকৰ কোনো অস্তিত্বই নাই৷ সৰ্বশিক্ষাৰ সৈতে এই কেলেংকাৰিত শেহতীয়াকৈ নাম সাঙোৰ খাই পৰিছে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ নামো৷ টেট শিক্ষকৰ দুবছৰীয়া প্ৰশিক্ষণৰ নামত সৰ্বশিক্ষাৰ পৰা ২৮ কোটি টকা আদায় কৰিছিল কৃষ্ণ কান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ে৷ ইয়াৰে ৯ কোটি টকা ক’ত, কেনেদৰে খৰচ কৰিলে তাৰ কোনো তথ্য নাই বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ হাতত৷ ‘কেগ’ এ এই সন্দৰ্ভত সবিশেষ বিচাৰিছিল যদিও আজিলৈকে বিশ্ববিদ্যালয় কতৃৰ্পক্ষই কোনো উত্তৰ দিব নোৱাৰিলে৷ সেয়াই নহয়, অতিৰিক্ত শিক্ষকৰ দৰমহাৰ নামতো সংঘটিত হৈছে ব্যাপক অনিয়ম৷ কেৱল শিৱসাগৰ জিলাতে অতিৰিক্ত শিক্ষকৰ নামত অতিৰিক্তভাৱে ওলাই গৈছে ৮ কোটিৰো অধিক টকা৷ কংগ্ৰেছ চৰকাৰৰ অন্তিমটো কাৰ্যকালত টেট শিক্ষক নিযুক্তিৰ নামত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছিল নিযুক্তি সমাৱেশ৷ উক্ত সমাৱেশৰ পেণ্ডেল স্থাপনৰ নামত সৰ্বশিক্ষাই মিছনে ব্যয় কৰিছিল ৫.১২ কোটি টকা৷ যিটো কোনোপধ্যে বাস্তৱ সন্মত নহয়৷ বৃহস্পতিবাৰে উক্ত আৱেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ পৰৱৰ্তী শুনানিত এই বিয়াগোম কেলেংকাৰী সন্দৰ্ভত উত্তৰ দিব লাগিব সৰ্বশিক্ষা অভিযানে৷