Logo
image

দেশত এদিনতে ১.৩১ লাখ ‘পজিটিভ’

আমাৰ অসম, ১০ এপ্ৰিলঃ দেশৰ কেইবাখনো ৰাজ্যত ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ ক’ভিডৰ দ্বিতীয় ঢৌক লৈ কেন্দ্ৰীয় চৰকাৰক উদ্বিগ্ন কৰি তুলিছে৷ বিগত ২৪ ঘণ্টাত দেশত ১.৩১ লাখ লোক ক’ভিডত আক্ৰান্ত হৈছে৷ আনহাতে, ক’ভিডত মৃত্যু হৈছে ৭৮০জন ৰোগীৰ৷ মহাৰাষ্ট্ৰত এদিনতে ৫৯ হাজাৰ লোক আক্ৰান্ত হোৱাৰ উপৰি নতুনকৈ ৮ হাজাৰ লোক আক্ৰান্ত হৈছে৷ সম্প্ৰতি বিধানসভা নিৰ্বাচন চলি থকা পশ্চিমবংগত ক’ভিডত আক্ৰান্ত হৈছে ৩,৬৪৮জন লোক৷ ইফালে ক’ভিডৰ প্ৰতিষেধকৰ দ্বিতীয়পালি ড’জ লোৱাৰ পাছতো এইম্‌ছৰ ৩৫জন চিকিৎসক কৰ’নাত আক্ৰান্ত হৈছে৷ ক’ভিডৰ বাবেই উত্তৰপ্ৰদেশ চৰকাৰে সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি ৫০ শতাংশলৈ হ্ৰাস কৰিছে৷ ইপিনে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা ক’ভিডত আক্ৰান্ত হৈছে৷ আনহাতে, অসমত শুকুৰবাৰে নতুনকৈ ২৮১জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ উদ্বেগজনকভাৱে ৰাজ্যত শুকুৰবাৰৰ দিনটোতে ক’ভিডত চিকিৎসাধীন তিনিজন ৰোগীৰ মৃত্যু হোৱাৰ তথ্য স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে৷ ইয়াৰে এজনৰ শিলচৰ মেডিকেল কলেজত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷