Logo
image

ছাগলীয়াৰে সোমাইছে কোটি কোটি টকাৰ ব্ৰইলাৰ

আমাৰ অসম, ১০ এপ্ৰিলঃ বহিঃৰাজ্যৰ নিষিদ্ধ ব্ৰইলাৰক লৈ আৰক্ষী-পশুপালন বিষয়াৰ পৃষ্ঠপোষকতাত ছিণ্ডিকেট মাফিয়াই চলাইছে ক’লা সাম্ৰাজ্য৷ চৰকাৰী নীতি-নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি প্ৰতিদিনেই পশ্চিমবংগৰ পৰা অসমলৈ আহিছে কোটি কোটি টকাৰ ব্ৰইলাৰ৷ পশ্চিমবংগৰ পৰা ছাগলীয়া গেটেৰে সৰবৰাহ কৰা ব্ৰইলাৰ ধুবুৰী জিলাৰ স্থানীয় ফাৰ্মত উৎপাদিত বুলি পশুপালন বিভাগৰ প্ৰমাণ পত্ৰ লৈ আৰক্ষীৰে বুজাবুজি কৰি প্ৰতিদিনে অসমলৈ আমদানি কৰি আহিছে ছিণ্ডিকেট চক্ৰই৷ অভিযোগ অনুসৰি দৈনিক পশ্চিমবংগৰ পৰা অসমলৈ ছাগলীয়া গেটেৰে আহে ৩০-৪০ খন ব্ৰইলাৰ কঢ়িওৱা মিনি ট্ৰাক৷ এই ট্ৰাকসমূহ ধুবুৰীত প্ৰৱেশ কৰাৰ পাছত কোনো বাধা নোহোৱাকৈ ৰাজ্যৰ বিভিন্ন জিলালৈ সৰবৰাহ কৰাৰ ক্ষেত্ৰত আৰক্ষী আৰু পশুপালন বিভাগক মেনেজ কৰি আহিছে ছিণ্ডিকেট চক্ৰটোৱে৷ ইয়াৰ বাবদ প্ৰতিখন ট্ৰাকে ২০ হাজাৰ টকা আদায় দিব লাগে ছিণ্ডিকেট চক্ৰটোক৷ অৱশ্যে ব্ৰইলাৰ সৰবৰাহৰ ক্ষেত্ৰত দালাল চক্ৰটোৱে গ্ৰহণ কৰিছে বিশেষ কৌশলপূৰ্ণ পদক্ষেপ৷ যিহেতু বাৰ্ড ফ্লুৰ বাবে বহিঃৰাজ্যৰ পৰা ব্ৰইলাৰ মূৰ্গী সৰবৰাহত বাধা আছে সেই বাবে ছিণ্ডিকেট চক্ৰটোৱে পশ্চিমবংগৰ ব্ৰইলাৰসমূহ অসমৰ বিভিন্ন জিলালৈ প্ৰেৰণ কৰাৰ বাবে স্থানীয় ফাৰ্মত উৎপাদিত হোৱাৰ পশুপালন বিভাগৰ পৰা প্ৰমাণপত্ৰ সংগ্ৰহ কৰে৷ অভিযোগ অনুসৰি আগমণি, ছাগলীয়া আৰু গোলকগঞ্জৰ পশুপালন বিষয়াই ধনৰ বিনিময়ত এই প্ৰমাণপত্ৰ প্ৰদান কৰি আহিছে৷ ইয়াৰ পাছতেই ছাগলীয়া আৰক্ষী চকীৰ লগতে গোলকগঞ্জ থানাৰ অ’চি নৱজিৎ নাথ আৰু আগমণি থানাৰ অ’চি আমিনুল ইছলামক মেনেজ কৰি পশ্চিমবংগৰ ব্ৰইলাৰ ট্ৰাকসমূহ নিৰ্দিষ্ট জিলালৈ আৰক্ষীৰ বাধা অবিহনে সৰবৰাহ কৰে৷ ছিণ্ডিকেট চক্ৰটোৱে আৰক্ষী আৰু পশুপালন বিভাগক কমিচন দিয়াৰ বাবেই পশ্চিমবংগৰ ব্ৰইলাৰৰ দামো গুৱাহাটীৰ বজাৰত বৃদ্ধি পাইছে৷ ৰাজ্যৰ চহৰসমূহত প্ৰতি কেজি ব্ৰইলাৰ ৩০০ টকা দৰত ক্ৰয় কৰিবলগীয়া হৈছে গ্ৰাহকে৷ পশ্চিমবংগৰ আমদানিকৃত ব্ৰইলাৰ উভৈনদী হৈ পৰাত থলুৱা উৎপাদিত ব্ৰইলাৰ বিক্ৰী নোহোৱাত স্থানীয় ব্যৱসায়ীসকলে মূৰ কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অৱশ্যে সংবাদ মাধ্যমত সঘন বাতৰিৰ পাছতেই আৰক্ষীয়ে শেহতীয়াকৈ দুই-এখন ব্ৰইলাৰ ট্ৰাক জব্দ কৰি নাটক কৰা বুলিও ধুবুৰীৰ সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷

ছাগলীয়াৰে নিতৌ সোমায়েই আছে কোটি কোটি টকাৰ ব্ৰইলাৰ কঢ়িওৱা গাড়ী

ছাগলীয়াইদি অসমত প্ৰবেশ ঘটিছে বহিঃৰাজ্যৰ ব্ৰইলাৰ৷ ছাগলীয়া হৈ বহিঃৰাজ্যৰ ব্ৰইলাৰৰ গাড়ী গৈ পায় ৰাজ্যৰ বিভিন্ন জিলা৷ একাংশ পশু চিকিৎসা বিভাগৰ বিষয়াও জড়িত এই চক্ৰত৷ যেন একো কৰিবলৈ নাৰাজ ছাগলীয়া-গোলকগ? আৰক্ষী ৷ অৱশ্যে মাজে-সময়ে দুই-এখন ব্ৰইলাৰৰ গাড়ী ধৰা পৰে আৰক্ষীৰ দ্বাৰা৷ বৃহস্পতিবাৰে গোলকগ? আৰক্ষীয়ে তিনিখন ব্ৰইলাৰৰ গাড়ী জব্দ কৰি যেন তাকেই প্ৰতীয়মান কৰিব বিচাৰিছে ৷ নিশা বহিঃৰাজ্যৰ পৰা প্ৰবেশ কৰা AS 01 AC 9071, AS 01 JC 3832 আৰু HR 36 D 6415নম্বৰৰ ব্ৰইলাৰৰ তিনিখন গাড়ী ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে গোলকগঞ্জ আৰক্ষীয়ে৷  জানিব পৰা মতে, স্থানীয় ভুৱা কাগজৰে পশ্চিমবংগৰ ব্ৰইলাৰ সজাই ছাগলীয়া পাৰ কৰি প্ৰবেশ কৰে অসমৰ ভূখণ্ডত৷  পশ্চিমবংগৰ পৰা অসমত প্ৰবেশ কৰে হেনো স্থানীয় পশু চিকিৎসা বিষয়াৰ ভুৱা নথিৰে৷ এনেদৰে মুকলিকৈ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰে ব্ৰইলাৰৰ বাহন৷ AS 01 NC 9071, AS 01 JC 3832 আৰু HR 36 D 6415 নম্বৰৰ গাড়ী জব্দ কৰি একপ্ৰকাৰ বাহঃ¸ বাহঃ লোৱাৰ প্ৰয়াস গোলকগঞ্জ আৰক্ষীৰ৷ পশ্চিমবংগ সংযোগী একাংশ বক্ৰপথেৰে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ব্ৰইলাৰৰ গাড়ী প্ৰবেশৰ অভিযোগৰ কথা স্বীকাৰ কৰে গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথে ৷ অকল সেয়াই নহয় নিৰ্বাচনৰ সময়ত হেনো আৰক্ষী কম থকাৰ সুযোগত চলিছিল ব্ৰইলাৰ৷ এতিয়া বোলে সষ্টম গোলকগঞ্জ আৰক্ষী ৷ সেয়েহে ধৰা পৰিল উক্ত ব্ৰইলাৰৰ গাড়ী তিনিখন৷

অসম-বংগ সীমান্তত দিনে-নিশাই সক্ৰিয় দালাল চক্ৰ

যি সময়ত দেশৰ কেইবাখনো ৰাজ্যত বাৰ্ড ফ্লুই আতংকৰ সৃষ্টি কৰিছে, তেনে সময়ত অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ গোপনে  ব্ৰয়লাৰ মুৰ্গীৰ সৰবৰাহ অব্যাহত ৰাখিছে একাংশ ব্যৱসায়ী তথা এটা দুষ্টচক্ৰই৷ আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি নিতৌ সৰবৰাহ কৰিছে বাৰ্ড ফ্লুৰ মূল উৎস ব্ৰয়লাৰ মুৰ্গী৷ ইতিমধ্যে ভাৰত চৰকাৰে  বাৰ্ড ফ্লুৰ প্ৰতি লক্ষ্য ৰাখি পাঁচখনৰো অধিক  ৰাজ্যত ব্ৰয়লাৰ মুৰ্গীৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে৷ তেনে মাৰাত্মক ভাইৰাজ বাৰ্ড ফ্লু যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়াকৈ সতৰ্ক কৰাৰ লগতে ব্ৰয়লাৰ মুৰ্গীৰ আমদানি-ৰপ্তানি নিষেধ কৰিছে অসম চৰকাৰে৷ দেশত বাৰ্ড ফ্লুৱে নতুনকৈ সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰে বুলি চৰকাৰে তৎপৰতাৰে ব্ৰয়লাৰ মুৰ্গীৰ ক্ৰয়-বিক্ৰয় বন্ধ কৰিছে যদিও অসমত তেনে ভাইৰাছ কঢ়িওৱা ব্ৰয়লাৰ মুৰ্গীৰ ক্ৰয়-বিক্ৰয় আজিও সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই৷ মাংসভোজী লোকৰ সংখ্যা অধিক আৰু মাংসৰ চাহিদা অত্যধিক হোৱাৰ সুবিধা লৈ ব্ৰয়লাৰ ব্যৱসায় চলি আহিছে৷ ব্ৰয়লাৰ মুৰ্গী যাতে বহিঃৰাজ্যৰ পৰা অসমলৈ আমদানি নহয় তাৰ ওপৰত চোকা দৃষ্টি ৰখাৰ সময়তে এটা অসাধু চক্ৰই নিশা গোপনে  অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা ব্ৰয়লাৰ মুৰ্গী অসমলৈ সৰবৰাহ কৰাৰ ঘটনাই বাৰ্ড ফ্লুৰ বীজাণু কঢ়িয়াই অনাৰ আশংকা ঘনীভূত হৈছে৷ এটা চক্ৰই ব্ৰয়লাৰ ব্যৱসায়ীৰ সৈতে অতি গোপনে বুজাবুজি কৰি অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ কোচবিহাৰ, আলিপুৰদুৱাৰ, কামাখ্যাগুৰি, বাৰবিশা, তুফানগঞ্জ, ফালাকাটা আদি এলেকাৰ পৰা ব্ৰয়লাৰ ভৰ্তি ট্ৰাক অসমৰ বৰপেটা, ৰঙিয়া, গোৱালপাৰা, চিৰাং, কোক্‌ৰাঝাৰ, বঙাইগাঁও আৰু নলবাৰীলৈ সৰবৰাহ কৰি আহিছে৷ উক্ত ব্ৰয়লাৰ মুৰ্গী ভৰ্তি গাড়ীসমূহ অসম-বংগ সীমান্তৱৰ্তী  তথা বাৰভিছা অতিক্ৰম কৰি সংকোষ নৈৰ পাৰেৰে আহি ৰাষ্ট্ৰীয় পথৰ শ্ৰীৰামপুৰৰ পৰিৱৰ্তে বাজুগাঁও, জাৰাগুৰি, সাপকাটা আদি কৰি ভিতৰুৱা এলেকাৰ পথেৰে আহি জয়মা, গুৰুফেলা হৈ ৰাষ্ট্ৰীয় পথত প্ৰৱেশ কৰে৷ আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি ভিতৰুৱা পথেৰে ব্ৰয়লাৰ গাড়ী চলাচল কৰে৷ বিগত কেইটামান দিনত শ্ৰীৰামপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে ব্ৰয়লাৰৰ গাড়ী জব্দ কৰি বংগ অভিমুখে ঘূৰাই পঠিওৱাৰ লগতে তেনে অবৈধ চক্ৰৰ সৈতে জড়িত বহুকেইজনক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে যদিও আজিপৰ্যন্ত ব্ৰয়লাৰৰ অবৈধ বেহা বন্ধ হোৱা নাই৷ পূৰ্বৰ দৰে প্ৰতিনিশাই বংগৰ পৰা অহা ব্ৰয়লাৰৰ গাড়ীসমূহে উপ-ঢৌকন দি অসমত প্ৰৱেশ কৰিছে৷ তেনে অবৈধ ব্ৰয়লাৰ সৰবৰাহ কৰা চক্ৰৰ সৈতে স্থানীয় একাংশ যুৱক জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ অতি তাৎপৰ্যপূৰ্ণ কথা যে ব্ৰয়লাৰ মুৰ্গীৰ গাড়ী সৰবৰাহ কৰাৰ ক্ষেত্ৰত শ্ৰীৰামপুৰ আৰক্ষী চকীৰ আৰক্ষী কঠোৰ যদিও ৩১নং [গ] ৰাষ্ট্ৰীয় ঘাইপথৰ অন্যান্য প্ৰান্তত থকা আৰক্ষী বিষয়া-কৰ্মীৰ সোপাঢিলা নীতিৰ বাবে সঘনাই ব্ৰয়লাৰৰ সৰবৰাহ হৈ আহিছে৷ ৰাষ্ট্ৰীয় পথ সংলগ্ন আৰক্ষী চকীৰ আৰক্ষী এইক্ষেত্ৰত কঠোৰ হ’লে হয়তো ব্ৰয়লাৰ ভৰ্তি গাড়ী অসমত প্ৰৱেশ কৰিব নোৱাৰিলেহেঁতেন৷ এতিয়া কথা হ’ল মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে?