Logo
image

গোপন স্থানলৈ নিয়া হ’ল বিপিএফ প্ৰাৰ্থীকো

আমাৰ অসম, ১১ এপ্ৰিলঃ ক্ৰমাৎ ৰহস্যঘন হৈ পৰিছে হৰ্ছ ট্ৰেডিঙৰ অধ্যায়৷ বিজেপিৰ ঘনিষ্ঠ একাংশ লোকে মহাজোঁটৰ অংশীদাৰ দলসমূহৰ প্ৰাৰ্থীসকলক সঘন যোগাযোগৰ চেষ্টা চলাই থকাৰ সময়ত প্ৰতিপক্ষক এনে সুযোগৰ পৰা বঞ্চিত কৰিবলৈ নিতৌ নতুন কৌশল অবলম্বন কৰিছে বিপিএফ নেতৃত্বই৷ তামুলপুৰৰ বি পি এফ প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীক বিজেপিয়ে হাইজেক কৰাৰ পাছৰ পৰা উদ্বিগ্নতাত ভূগি আছিল বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী৷ বিজেপিৰ একাংশ নেতাই চন্দন ব্ৰহ্মৰ দৰে বি পি এফৰ জ্যেষ্ঠ প্ৰাৰ্থীৰ সৈতে যোগাযোগৰ চেষ্টা চলোৱাৰ খবৰে হাগ্ৰামা মহিলাৰীক অধিক সন্দিহান কৰি তুলিছিল৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এই বিষয়ে আলোচনা কৰিবলৈ হাগ্ৰামা মহিলাৰীয়ে শুকুৰবাৰে নিশা কোকৰাঝাৰৰ গৌৰাংগ হোষ্টেলত আয়োজন কৰে নৈশ ভোজৰ৷ নৈশ ভোজৰ পূৰ্বে বিপিএফৰ প্ৰাৰ্থীসকলক লৈ এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় হাগ্ৰামা মহিলাৰী৷ বিপিএফৰ এটা শীৰ্ষ সূত্ৰ মতে শনিবাৰে পুৱাই বিপিএফৰ সাতজনীয়া প্ৰাৰ্থীৰ এটা দল ছত্তীশগড়লৈ প্ৰেৰণ কৰা হৈছে৷ বিবিপিএফৰ এই তালিকাত আছে মাজবাট সমষ্টিৰ প্ৰাৰ্থী চৰণ বড়ো, পানেৰীৰ প্ৰাৰ্থী কৰুণা স্বৰ্গীয়াৰী, কোকৰাঝাৰ পশ্চিম সমষ্টিৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী, গোসাঁইগাঁও সমষ্টিৰ প্ৰাৰ্থী মাজেন নাৰ্জাৰী, ছাপাগুৰি সমষ্টিৰ প্ৰাৰ্থী হিতেশ বসুমতাৰী, বৰমা সমষ্টিৰ প্ৰাৰ্থী প্ৰবীন বড়ো আৰু বিজনী সমষ্টিৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰী৷ বিপিএফৰ প্ৰাৰ্থীকেইজনক মোবাইল ফোনো ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাই৷ সূত্ৰটোৰ মতে বিপিএফৰ প্ৰাৰ্থীসকলক নেপাললৈ লৈ যোৱাৰ কথা আছিল৷ ক’ভিড-১৯ সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক নেপালৰ পৰিৱৰ্তে ছত্তীশগড়লৈ লৈ যোৱা হয়৷ ছত্তীশগড় ৰাজ্যখন কংগ্ৰেছ শাসিত হোৱাৰ বাবে নিৰাপদ স্থলৰূপে বাচনি কৰা হৈছে৷ উল্লেখ্য, ‘গেম চেঞ্জাৰ’ ৰূপে খ্যাত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে অসম বিধানসভা নিৰ্বাচনত বিশেষ ভূমিকা গ্ৰহণ কৰিছে৷ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বৰ পৰাই অসমত নিৰ্বাচনী প্ৰচাৰত নামি পৰিছিল বাঘেল৷ ছত্তীশগড়লৈ প্ৰেৰণ কৰা বিপিএফৰ প্ৰাৰ্থীসকলক ক’ত ৰখা হৈছে সেই বিষয়ে গোপনে ৰখা হৈছে৷ মুখ খোলা নাই বিপিএফৰ কোনো নেতাই৷ অৱশ্যে বিপিএফৰ শীৰ্ষ নেতাই প্ৰাৰ্থীসকলক বহিঃৰাজ্যলৈ প্ৰেৰণৰ কথা অস্বীকাৰ কৰা নাই৷ শনিবাৰে বিপিএফৰ জ্যেষ্ঠ নেত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয়– নিৰ্বাচন শেষ হোৱা বাবে প্ৰাৰ্থীসকল ফুৰিব যাব পাৰে৷ অৱশ্যে হৰ্ছ ট্ৰেডিঙৰ আশংকাও নিশ্চয় থাকিব৷ যিহেতু ভোটগ্ৰহণ হ’বলৈ নৌপাওঁতেই আমাৰ প্ৰাৰ্থী ‘হাইজেক’ কৰিছে বিজেপিয়ে৷ উল্লেখ্য, বিটিএডিৰ পৰিষদীয় নিৰ্বাচনৰ পিছত বিপিএফৰ কেইবাজনো নিৰ্বাচিত পাৰিষদক ‘ক্ৰয়’ কৰিছিল বিজেপিয়ে৷ পৰৱৰ্তী সময়ত হাগ্ৰামা মহিলাৰীৰ ভয়ত বিজেপিয়ে বিজেপি আৰু ইউ পি পি এলৰ নিৰ্বাচিত পাৰিষদক গুৱাহাটীৰ হোটেল লিলিত আৱদ্ধ কৰি ৰাখিছিল৷ ইফালে বিজেপিৰ লক্ষ্য হৈ পৰাৰ ভয়ত শুকুৰবাৰে ইউ ডি এফৰ ১৫জন প্ৰাৰ্থীক ৰাজস্থানলৈ প্ৰেৰণ কৰিছে বদৰুদ্দিন আজমলে৷ ভোটগণনাৰ সময়লৈকে ইউডিএফৰ এইসকল প্ৰাৰ্থী ৰাজস্থানৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী অশোক গেহলটৰ প্ৰত্যক্ষ নিৰীক্ষণত থাকিব৷ অতি বিলাসী জীৱন কটোৱাৰ বাবে সকলো ব্যৱস্থা কৰি দিয়া হৈছে এইসকল প্ৰাৰ্থীক দুই এদিনতে কংগ্ৰেছৰ এটা বৃহৎ দলো ৰাজস্থান অথবা ছত্তীশগড়লৈ যোৱাৰ সম্ভাৱনা থকা বুলি কংগ্ৰেছৰ এটা সূত্ৰই প্ৰকাশ কৰিছে৷ মুঠৰ ওপৰত হৰ্ছ ট্ৰেডিঙে যে এতিয়া মহাজোঁটৰ নিদ্ৰা হৰণ কৰিছে সেয়া স্পষ্ট৷

প্ৰাৰ্থী কিনা-বেচা কৰাটো বিপদজনকঃ ড॰ গোহাঁই

প্ৰাৰ্থী কিনা-বেচা কৰা কথাটো খুব বিপদজনক৷ ৰাইজে যিটো দলক চৰকাৰ গঠন কৰিবলৈ জনাদেশ দিয়ে, সেই দলটোৰ প্ৰতিনিধিক কোনো দুষ্ট চক্ৰই কিনা বেচা কৰে৷ এয়া ৰাইজে দিয়া জনাদেশৰ প্ৰতি চূড়ান্ত অপমান৷ প্ৰাৰ্থী কিনা  বেচাৰ ফলত ভোটাৰ আশাহত হয়৷– এই ভাষ্য বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁইৰ৷ শনিবাৰে গুৱাহাটীৰ চানমাৰিস্থিত বাসভৱনত এখন সংবাদ মেল আয়োজন কৰি ড॰ গোহাঁয়ে ভোটাৰসকলক সচেতন হোৱাৰ আহ্বান জনায়৷ তেওঁ আৰু কয়–কিনা-বেচাৰ খেলখনত বিক্ৰী হোৱা ৰাজনৈতিক প্ৰাৰ্থীক ক্ষমা নকৰিব৷ ৰাইজলৈ আহ্বান- ভোটৰ মূল্য ৰক্ষা কৰক, গণতন্ত্ৰক ৰক্ষা কৰক৷ তেওঁ আৰু কয়–মঞ্চ বিহু এখন সুস্থ সমাজৰ বাবেহে এনে পৰিস্থিতিত একেলগে মানুহ গোটাই বিহু অনুষ্ঠান কৰাটো ভুল হ’ব৷ শিল্পীসকলে ৩-৬ লাখ দাবী কৰে৷ কিন্ত এজন সাধাৰণ মানুহৰ বাৰ্ষিক আয় ৭০-৮০ টকা৷ ক’ভিড ৰোগে সেই সাধাৰণ লোকজনক শিল্পীজনতকৈ আৰ্থিকভাৱে বেছি ক্ষতি কৰিব৷ সেয়েহে শিল্পীজনৰ কথাতকৈ আমি সাধাৰণ লোকজনৰ কথা ভবা উচিত৷ নিৰ্বাচন এটা ভাগ্য নিৰ্ণয় কৰা ব্যৱস্থা৷ আমি ইয়াক এৰাই চলাটো অসম্ভৱ৷ নিৰ্বাচনৰ সময় সীমিত৷ বৰাকৰ এটা সংগঠনে আদিবাসী সকলৰ মাতৃভাষা হিন্দী কৰিবলৈ এটা চক্ৰান্ত চলাই আছে৷ হিন্দী হিন্দুৰাষ্ট্ৰ কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে৷ ইতিমধ্যে হিন্দী হিন্দুৰাষ্ট্ৰ কৰাৰ বিৰুদ্ধে দক্ষিণ ভাৰতত এটা প্ৰবল প্ৰতিবাদ চলিছে৷ অসমতো ‘কা’ আন্দোলনৰ সময়ত আমি সচেতন নাগৰিকে প্ৰতিবাদ কৰিছিলোঁ৷ অসমত অসমীয়া ভাষা প্ৰয়োগ নহ’লে হ’ব ক’ত? চাহ বাগানৰ যিসকল শ্ৰমিক তেওঁলোকে বহুত ভাল অসমীয়া কয়৷ বহু সাহিত্যিক, সাংস্কৃতিক কৰ্মী আছে৷ তেওঁলোকক হিন্দী ক’বলৈ হেঁচা দিয়াটো দুৰ্ভাগ্যজনক৷ তাৰ বিৰুদ্ধে তেওঁলোক সচেতন হ’ব লাগিব৷ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজ দিব লাগিব৷