Logo
image

ৰাজ্যত দুদিনৰ বাবেহে আছে ভেক্‌চিন

◾এএমচি, জেএমচিতো ভেক্‌চিন বিচাৰি হাহাকাৰ

আমাৰ অসম, ১১ এপ্ৰিলঃ ৰাজ্যত এতিয়া ক’ভিডৰ ভৰপক সময়৷ ক’ভিড বিধি উলংঘনেৰে নিৰ্বাচনী প্ৰচাৰৰ ফলত চহৰ-গাঁও সকলোতে কৰ’না ভাইৰাছে ছানি ধৰিছে৷ দৈনিক আঢ়ৈশৰ পৰা তিনিশ লোক ক’ভিডত আক্ৰান্ত হোৱাত ক’ভিড প্ৰতিষেধক আৰু ক’ভিড পৰীক্ষা কৰিবলৈ ৰাইজৰ হেতা-ওপৰা লাগিছে৷ ক’ভিড ভাইৰাছে ঘৰৰ ভিতৰত প্ৰৱেশ কৰাত জীৱনৰ মায়া-মোহত ৰাইজ ভেকচিন ল’বলৈ আৰু ক’ভিড টেষ্ট কৰিবলৈ ক’ভিড চেণ্টাৰে চেণ্টাৰে ভিৰ কৰিলেও ৰাজ্যত এতিয়া ভেক্‌চিন আৰু টেষ্ট কিট দুয়োটাৰে নাটনিয়ে দেখা দিছে৷ পৰিস্থিতি এতিয়া এনে পৰ্যায় পালেগৈ যে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ হাতত মজুত থকা ক’ভিড ভেক্‌চিনেৰে আৰু মাত্ৰ দুদিনহে জোৰা মাৰিব পাৰিব৷ স্বাস্থ্য বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি, শনিবাৰে ৰাজ্যত মজুত আছে মাত্ৰ ২.৫০ লাখ ড’জ ভেক্‌চনি৷ যিহেতু প্ৰতিদিনেই অসমত ১.১১ লাখ ড’জ ভেক্‌চিনৰ প্ৰয়োজন হয়, তেনেস্থলত স্বাস্থ্য বিভাগৰ শীতল ভঁৰালত মজুত থকা ভেক্‌চিনেৰে কোনোমতে দুদিনহে চলাই নিব পাৰিব৷ অথচ চলিত সপ্তাহত ক’ভিড সংক্ৰমণৰ হাৰ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাত নাগৰিকসকলে স্বেচ্ছাই ভেক্‌চিন ল’বলৈ আগবাঢ়ি যোৱা দেখা গৈছে৷ কিন্তু ভেক্‌চিনৰ নাটনিৰ বাবেই একাংশ হাস্পতালত ভেক্‌চিন প্ৰদান প্ৰক্ৰিয়া বন্ধ কৰি দিছে স্বাস্থ্য বিভাগে৷ বিশেষকৈ একাংশ বেচৰকাৰী হাস্পতালত ক’ভিড ভেক্‌চিন প্ৰদান বন্ধ কৰি দিয়া বুলি স্বাস্থ্য বিভাগে পত্ৰযোগে অৱগত কৰিছে৷ তদুপৰি কিছু কিছু গ্ৰাম্য স্বাস্থ্যকেন্দ্ৰতো ভেক্‌চিন বন্ধ কৰি তেনে হাস্পতালসমূহত মজুত থকা ভেক্‌চিন চহৰৰ হাস্পতাললৈ স্থানান্তৰ কৰা বুলিও জানিব পৰা গৈছে৷ যাৰ ফলত প্ৰথম ড’জ প্ৰতিষেধক লোৱাৰ পাছত দ্বিতীয় ড’জ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ গ্ৰামাঞ্চলৰ চিকিৎসালয়ত ভেক্‌চিনৰ নাটনিয়ে দেখা দিছে৷ আনকি অসম মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজ হাস্পতালতো ভেক্‌চিনৰ নাটনিৰ বাবে ৰাইজ উভতি আহিব লগা হৈছে৷ উদ্বেগজনক বিষয়টো হৈছে ৰাজ্যত ভেক্‌চিনৰ নাটনিৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালকে ৭ এপ্ৰিলতে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ উপদেষ্টা ডাঃ প্ৰদীপ হালদাৰলৈ HSFW/UIP/COVID/LOG(T)/22/2021/1153 নম্বৰৰ পত্ৰ প্ৰেৰণ কৰিছিল৷ পত্ৰখনত ৰাজ্য চৰকাৰে ১২ জানুৱাৰীতে কেন্দ্ৰই ১৫.৯১ লাখ ড’জ ক’ভিশ্বিল্ড আৰু ৩.৪০ লাখ ড’জ ক’ভাক্সিন ভেক্‌চিন প্ৰেৰণ কৰাৰ তথ্য উনুকিয়াই সংশ্লিষ্ট ভেক্‌চিনৰ ৪.৪০ লাখ ড’জহে বাকী থকাগৈ বুলি উল্লেখ কৰিছে৷ মজুত থকা ভেক্‌চিনেৰে মাত্ৰ ৪ দিন দিব পৰা যাব বুলিও স্পষ্ট কৰি দিয়াৰ লগতে তাৎক্ষণিকভাৱে অসমলৈ অতিৰিক্ত ১৯ লাখ ড’জ ভেক্‌চিন প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছিল৷ অসম চৰকাৰে পত্ৰ প্ৰেৰণৰ তিনি দিন উকলি যোৱাৰ পাছতো কেন্দ্ৰই কোনো সঁহাৰি নজনোৱাত শনিবাৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্‌হাই পুনৰ কেন্দ্ৰলৈ ভেক্‌চিন বিচাৰি সোঁৱৰাই পত্ৰ প্ৰেৰণ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে ভেক্‌চিন প্ৰেৰণ নকৰিলে সোমবাৰ বা মঙলবাৰৰ ভিতৰত ক’ভিড ভেক্‌চিন প্ৰদান প্ৰক্ৰিয়া বন্ধ হৈ পৰাটো নিশ্চিত৷ যাৰ বাবে এতিয়া চিন্তিত হৈ পৰা দেখা গৈছে স্বাস্থ্য বিভাগক৷ লক্ষণীয় বিষয়টো হৈছে, যি সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ১১ এপ্ৰিলৰ পৰা ৪ দিনীয়াকৈ সমগ্ৰ দেশতে ক’ভিড ভেক্‌চিন উৎসৱ পালনৰ বাবে আহ্বান জনাইছে, তেনে সময়তে কেন্দ্ৰই ভেক্‌চিন যোগান নধৰা কাৰ্যই চৰকাৰীৰ সদিচ্ছাক লৈও প্ৰশ্ন উত্থাপন হৈছে৷ ইপিনে সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে নাগৰিকে ক’ভিড টেষ্টৰ বাবেও হাহাকাৰ কৰিছে৷ ৰেপিড এণ্টিজেন টেষ্ট কিটৰ নাটনিৰ বাবে ৬ এপ্ৰিলৰ পৰা যোৰহাট জিলাৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চলি থকা ক’ভিড পৰীক্ষা বন্ধ কৰি দিবলগীয়া হৈছে৷

তিনিচুকীয়াতো ক’ভিড ভেক্‌চিনৰ নাটনি

ক’ভিডত সংক্ৰমিত হোৱা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ লোৱাৰ সময়তে ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে তিনিচুকীয়াতো প্ৰতিষেধকৰ নাটনিয়ে দেখা দিছে৷ তিনিচুকীয়াৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ৰমেন সোণোৱালে আজি ‘আমাৰ অসম’ৰ আগত এই কথা স্বীকাৰ কৰে৷ তেওঁ কয় যে, ক’ভিড প্ৰতিষেধকৰ প্ৰথম পালি এদিন অথবা অতিবেছি দুদিন প্ৰদান কৰিব পৰাকৈহে তিনিচুকীয়াত মজুত আছে৷ পূৰ্বে প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যা বিভিন্ন কাৰণত কম আছিল৷ তেনে সময়ত এদিনত ১,০০০-১,৫০০ লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছিল যদিও বৰ্তমান সময়ত দৈনিক গড়ে ৩,০০০ লোকক প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে৷ উল্লেখ্য যে, ক’ভিডৰ ভয়ানক সংক্ৰমণৰ কৱলত পৰা দেশৰ কেইবাখনো ৰাজ্যত প্ৰতিষেধকৰ নাটনিয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ তেনে সময়তে অসমতো প্ৰতিষেধকৰ নাটনিয়ে অশনি সংকেত কঢ়িয়াই আনিছে৷