Logo
image

বিশেষ ক’ভিডবিধি নামানে বিহু কমিটীয়ে, আজি ধৰ্ণা

আমাৰ অসম, ১১ এপ্ৰিলঃ অসমীয়া জাতিৰ বাপটি সাহোনস্বৰূপ ৰঙালী বিহুৰ আগন্তুক সাংস্কৃতিক কাৰ্যসূচী ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ শেহতীয়া এছ অ’ পি বিধি মানি অনুষ্ঠিত কৰাটো কোনোপধ্যে সম্ভৱ নহয়৷ চৰকাৰে যদি এছ অ’ পি শিথিল নকৰে তেন্তে বিহুক বন্ধ কৰাৰ সাহস দেখুৱাওক৷ শনিবাৰে সন্ধিয়া নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ এছ অ’ পিৰ বিৰুদ্ধে গৰজি উঠিল বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনৰ সমন্বয়ৰক্ষী সমিতি৷ এই উপলক্ষে অনুষ্ঠিত সংবাদ মেলত সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰণৱজ্যোতি গোস্বামীয়ে কয়– বিহুলৈ মাজতে মাত্ৰ চাৰিদিন বাকী থকা অৱস্থাত ক’ভিডৰ দোহাই দি ৯ এপ্ৰিলৰ দিনা স্বাস্থ্য বিভাগে বিহুৰ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ যিখন এছ অ’ পি বিহু সমিতিৰ ওপৰত জাপি দিছে, সি কোনোপধ্যে গ্ৰহণযোগ্য নহয়৷ সেই এছ অ’ পি মানি কোনো বিহু সমিতিয়ে নিশা এঘাৰ বজাৰ ভিতৰত বিহুৰ কাৰ্যসূচী শেষ কৰিব নোৱাৰে৷ তেনেদৰে কোনখন বিহুতলীত কিমান দৰ্শক আহিব, তাক আগতীয়াকৈ কোনোৱে কৈ দিব নোৱাৰে৷ শিল্পীয়ে মাস্ক পৰিধান কৰে নে নকৰে তাৰ বাবে উদ্যোক্তা বা সমিতিয়ে হেঁচা দিব নোৱাৰে৷ ফলত স্থানীয় আৰক্ষী-প্ৰশাসনৰ সৈতে উদ্যোক্তাৰ সংঘাট আহিব৷ চৰকাৰে ক’ভিডৰ সমস্ত দায়িত্ব বিহু সন্মিলন বা সমিতিলৈ থেলি নিজে পলায়নবাদী মনোভাৱ গ্ৰহণ কৰিছে৷ যাৰ বাবে ১১ এপ্ৰিলৰ দিনৰ এঘাৰ বজাত গুৱাহাটীৰ লতাশিল খেলপথাৰত এছ অ’ পি শিথিল কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন কৰা হয়৷ ধৰ্ণাত বিহু উদ্‌যাপন সমিতিসমূহৰ লগতে বিহুৰ লগত জড়িত শিল্পীসকলকো উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে বুলি প্ৰণৱজ্যোতি গোস্বামীয়ে সদৰী কৰে৷ আনহাতে, সংবাদ মেলত সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক প্ৰিন্স ফাইজুল হকে কয় ইতিমধ্যে বহু উদ্‌যাপন সমিতিৰ শিল্পীক আগধন দিয়াৰ পৰা আৰম্ভ কৰি পেণ্ডেল, চাউণ্ড চিষ্টেম, লাইট, মাইককে ধৰি বিহুৰ প্ৰায় ৮০ শতাংশ যাৱতীয় কাম সম্পূৰ্ণ হৈছে৷ তাৰ পাছত ক’ভিডৰ দোহাই দি যিখন এছ অ’ পি জাপি দিবলৈ ওলাইছে, সেইখন অসমবিৰোধী চক্ৰৰ ষড়যন্ত্ৰহে মাথোন৷ নিৰ্বাচনৰ আগত আৰু পাছত স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিহু হ’বই বুলি দাবী কৰাৰ পাছতো নিশা ১১ বজাকে ধৰি বিভিন্ন সীমাবদ্ধতা দি এছ অ’ পি প্ৰকাশ কৰা কাৰ্য ৰহস্যজনক৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে এইবাৰ অসমত বিহুৰ বন্ধৰ দিন বাতিল কৰিছে৷ নিশ্চয় এছ অ’ পিৰ সৈতে ইয়াৰ কিবা যোগসূত্ৰ আছে৷ গতিকে কেন্দ্ৰীয় চৰকাৰে বিহুৰ বন্ধৰ দিন উঠাই লোৱা সিদ্ধান্ত বাতিল কৰিব লাগে বুলি প্ৰিন্স ফাইজুল হকে সদৰী কৰে৷ সংবাদ মেলত সমিতিৰ উপদেষ্টা কৈলাশ শৰ্মা, বলেন ভৰালীকে ধৰি কেইবাজনো কৰ্মকৰ্তা উপস্থিত থাকে৷