Logo
image

ৱাট্‌ছএপত বেংকৰ গ্ৰাহকে কৰা এটা ভুলেই সৰ্বনাশ কৰিব পাৰে

আমাৰ অসম, ৩০ ছেপ্টেম্বৰঃ বৰ্তমান দেশত চাইবাৰ অপৰাধী আৰু বিত্তীয় জালিয়াতি চক্ৰ অধিক সক্ৰিয় হৈ পৰিছে৷ বৰ্তমান দেশত অনলাইন লেন-দেন দ্ৰুতগতিত বৃদ্ধি পোৱাত চাইবাৰ অপৰাধী আৰু জালিয়াতিৰে ধন আত্মসাৎ কৰা চক্ৰই গ্ৰাহকৰ এটা মাত্ৰ ভুললৈ অপেক্ষা কৰি থাকে৷ আজিকালি স্মাৰ্টফোনৰ বিৰাট প্ৰচলনৰ ফলত এই চাইবাৰ অপৰাধীসকলে সহজ-সৰল লোকসকলক ঠগিবলৈ আৰম্ভ কৰিছে৷ গতিকে দেশৰ সৰ্ববৃহৎ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই গ্ৰাহকসকলক সাৱধান কৰি দিছে৷ গ্ৰাহকে ৱাট্‌ছএপত কৰা এটা ভুলেই বেংকত থকা সকলো ধন চাইবাৰ অপৰাধীৰ হাতলৈ যাব পাৰে৷ গতিকে গ্ৰাহকক অতিশয় সাৱধান হ’বলৈ আহ্বান জনাইছে৷ চাইবাৰ অপৰাধী আৰু ধন আত্মসাৎ কৰা চক্ৰই এতিয়া ৱাট্‌ছএপৰ জৰিয়তে বেংকৰ গ্ৰাহকসকলক ঠগিবলৈ লক্ষ্য কৰি লৈছে৷ গতিকে এছ বি আয়ে পাঁচটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী প্ৰেৰণ কৰিছে৷ ৱাট্‌ছএপত চাইবাৰ অপৰাধীয়ে প্ৰেৰণ কৰিব পৰা কেতবোৰ অফাৰৰ বিষয়ে সজাগ হ’বলৈকে এই পাঁচটা সতৰ্কবাণী প্ৰেৰণ কৰিছে এছ বি আয়ে৷ এই সতৰ্কবাণী পাঁচটা হ’ল–

  • লটাৰী জিকা বুলি ৱাট্‌ছএপত মেছেজ প্ৰেৰণ কৰি এছ বি আইৰ এটা নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাব পাৰে অপৰাধী চক্ৰই৷
  • এছ বি আইৰ নামত ৱাট্‌ছএপত কল কৰি চাইবাৰ অপৰাধীয়ে বেংকৰ সবিশেষ তথ্য বিচাৰিব পাৰে৷ গতিকে এই ক্ষেত্ৰত সাৱধান৷ ই-মেইল, এছ এম এছ আৰু ফোনতো এনে কল আহিব পাৰে৷ 
  • এছ বি আইৰ ফালৰ পৰা কোনো লটাৰী বা ভাগ্যৱান গ্ৰাহকৰ উপহাৰ আঁচনি নাই৷ গতিকে ৱাট্‌ছএপত যদি তেনে মেছেজ আহে, তেন্তে তাত গ্ৰাহকে ভোল যাব নালাগে৷ 
  • চাইবাৰ অপৰাধীয়ে কৰা ভুৱা ৱাট্‌ছএপ কল আৰু ফৰৱাৰ্ড কৰা বাৰ্তাক কেতিয়াও বিশ্বাস নকৰিব৷
  • এনে ভুৱা মেছেজ বা কল পোৱাৰ লগে লগে বেংকৰ গ্ৰাহকে এই বিষয়ে জ্ঞান থকা লোকৰ সৈতে আলোচনা কৰিব পাৰে৷