Logo
image

বংগত হাৰিব মমতা! প্ৰশান্ত কিশোৰৰ অডিঅ’ টেপ ভাইৰেল

আমাৰ অসম, ১১ এপ্ৰিলঃ বিগত কেইবাবছৰো ধৰি তৃণমূল কংগ্ৰেছক নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে সহায় কৰি থকা প্ৰশান্ত কিশোৰৰ এটা অডিঅ’ বাৰ্তাক লৈ পশ্চিম বংগত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বিজেপিয়ে তেওঁলোকৰ আনুষ্ঠানিক টুইটাৰ একাউণ্টত প্ৰশান্ত কিশোৰৰ অডিঅ’ টেপটোৰ একাংশ প্ৰকাশ কৰিছে, য’ত প্ৰশান্ত কিশোৰে কেইজনমান সাংবাদিকক পশ্চিম বংগত নৰেন্দ্ৰ মোদী আৰু বিজেপি এইবাৰৰ নিৰ্বাচনত কেইবাটাও কাৰকৰ বাবে অপ্ৰতিৰোধ্য বুলি মন্তব্য কৰিছে৷ প্ৰশান্ত কিশোৰে অডিঅ’টোৰ কণ্ঠস্বৰ তেওঁৰ বুলি স্বীকাৰ কৰি কৈছে যে, বিজেপিয়ে সাহস থাকিলে সম্পূৰ্ণ অডিঅ’টো প্ৰচাৰ কৰক৷ অন্যথা অৰ্ধেক অডিঅ’ বাৰ্তাই ভুল বুজাবুজিৰ সৃষ্টি কৰিব৷ তেওঁ অৱশ্যে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ বাণী প্ৰচাৰ কৰাৰ পৰিৱৰ্তে প্ৰতিপক্ষ তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী সহায়ক অৰ্থাৎ প্ৰশান্ত কিশোৰৰ বাণী বিজেপিয়ে প্ৰচাৰ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে৷ বিজেপিয়ে প্ৰকাশ কৰা এই অডিঅ’টোত প্ৰশান্ত কিশোৰে তেওঁৰ কেইবাজনো ঘনিষ্ঠ সাংবাদিকৰ সৈতে পশ্চিম বংগৰ নিৰ্বাচনৰ পৰিস্থিতি আৰু সম্ভাৱনাক লৈ আলোচনা কৰিছিল৷ সেয়া গোপন আলোচনা নাছিল৷ উক্ত আলোচনাত তেওঁৰ বন্ধু সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত প্ৰশান্ত কিশোৰে কৈছিল– পশ্চিম বংগত মমতা বেনাৰ্জীৰ দৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও জনপ্ৰিয়৷ বিভিন্ন সমীক্ষাত বিজেপিয়ে পশ্চিম বংগত চৰকাৰ গঠন কৰিব বুলি কৰা ভৱিষ্যদ্বানীৰ সত্যতা তেওঁ উক্ত বাৰ্তালাপত অস্বীকাৰ কৰা নাছিল৷ তেওঁ কৈছিল– ‘মোদীৰ নামত ভোট হৈছে৷ হিন্দুসকলে বিজেপিক ভোট দিছে৷ পশ্চিম বংগৰ এইবাৰৰ ভোটৰ মূল ইছ্যু হৈছে মোদী, মেৰুকৰণ, হিন্দীভাষী আৰু অনুসূচিত জনজাতি বা মতুৱা সম্প্ৰদায়৷ শুভেন্দুৱে তৃণমূল এৰি গুচি গৈছে আৰু প্ৰশান্ত কিশোৰে তৃণমূলৰ নিৰ্বাচনৰ গুৰি ধৰিছে– এইবোৰ কোনো ইছ্যু নহয়৷ মোদী ইয়াত জনপ্ৰিয়৷ হিন্দীভাষীৰ এক কোটিৰ অধিক ভোট আছে৷ দলিতৰ সংখ্যা ২৭ শতাংশ৷ তেওঁলোক অধিকাংশই বিজেপিৰ পক্ষে৷’ এজন সাংবাদিকে এইবাৰ মতুৱা সম্প্ৰদায়ে কাক ভোট দিব বুলি কৰা প্ৰশ্নৰ উত্তৰত প্ৰশান্ত কিশোৰে কয়– ‘দুই-তৃতীয়াংশ মতুৱা বিজেপিৰ পক্ষত আছে৷ ২৫ শতাংশই তৃণমূলক ভোট দিব৷ বাওঁপন্থী সকলেও মমতা বেনাৰ্জীক পৰাভূত কৰাটো মূল লক্ষ্য হিচাপে লৈছে, লাগিলে বিজেপিয়েই চৰকাৰ গঠন কৰক৷ পশ্চিম বংগত বিজেপিৰ অসংখ্য কৰ্মী বৃদ্ধি পাইছে৷ দুই-এখন জিলাৰ বাহিৰে এতিয়া বিজেপিৰ সংগঠন সমগ্ৰ ৰাজ্যতে শক্তিশালী৷ কংগ্ৰেছ, বাওঁপন্থীয়ে এসময়ত মুছলমান ভোটৰ ওপৰত নিৰ্ভৰ কৰাৰ দৰে এতিয়া তৃণমূলে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ আশা কৰিছে৷ ৫০-৫৫ শতাংশ হিন্দুৱে সেয়ে বিজেপিক ভোটদান কৰিছে৷ বিজেপিয়ে চৰকাৰ গঠন কৰিলে পশ্চিম বংগৰ জনতাৰ লাভ হ’ব বুলি এটা ধাৰণা বিজেপিয়ে সৃষ্টি কৰিছে আৰু সেই ধাৰণা ১০-১৫ শতাংশ ভোটাৰে বিশ্বাস কৰিছে৷ নৰেন্দ্ৰ মোদী সমগ্ৰ দেশৰ দৰেই পশ্চিম বংগতো এতিয়া কিংবদন্তীস্বৰূপ৷ একাংশ ভোটাৰে সেয়ে মোদীক ভাল পায়েই বিজেপিক ভোট দিছে’৷ ভোটৰ পূৰ্বে প্ৰশান্ত কিশোৰে তৃণমূল কংগ্ৰেছে এশৰো অধিক আসন লাভ কৰিব বুলি টুইট কৰিছিল৷ এতিয়া তেওঁ এনে মন্তব্য কিয় দিছে বুলি বিজেপিয়ে প্ৰশ্ন কৰিছে৷ সন্দেহাতীতভাৱে প্ৰশান্ত কিশোৰৰ এই অডিঅ’ টেপে তৃণমূল কংগ্ৰেছক ভয়ংকৰভাৱে ক্ষতি কৰিব বুলি আশংকা কৰা হৈছে৷