Logo
image

ক’ভিড বিধিক সমৰ্থন জুবিন-পাপনৰ নিশা ১১ৰ পূৰ্বে শেষ হ’বনে জুবিনৰ অনুষ্ঠান?

আমাৰ অসম, ১২ এপ্ৰিলঃ অসমীয়াৰ প্ৰাণৰো প্ৰাণ ৰঙালী বিহুলৈ মাজত আছে মাথোঁ দুটা দিন৷ এফালে ক’ভিড পৰিস্থিতি আৰু আনফালে চৰকাৰে ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কঠোৰ স্থিতি৷ শেহতীয়াকৈ চৰকাৰে বিহু কমিটীসমূহক এছ অ’ পি বিধি মানি বিহুৰ আয়োজন কৰিবলৈ দিয়াত সম্প্ৰতি অসন্তুষ্ট হৈ পৰিছে বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনৰ সমন্বয়ৰক্ষী সমিতি৷ আনহাতে, ৰাজ্যচৰকাৰে ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিহু কমিটিলৈ দিয়া এছ অ’ পি বিধি মানি চলিবলৈ সাজু হৈছে ৰাজ্যৰ একাংশ প্ৰতিষ্ঠিত শিল্পীয়ে৷ তাৰ বিপৰীতে আন একাংশ শিল্পীয়ে চৰকাৰৰ এই নিয়ম মানি চলিবলৈ অসন্তুষ্টি প্ৰকাশ কৰিছে৷ যাৰ ফলত বিহু সমিতি আৰু শিল্পীসকলৰ ভাষ্যৰ মাজতো অমিল দেখা গৈছে৷ আনহাতে যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্তই ক’ভিড বিধিক সমৰ্থন কৰিছে৷ এই সম্পৰ্কে যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে সংবাদ মাধ্যমক কয় ‘ সংগীত শিল্পী সকলে বিগত ডেৰ বছৰে বৰ কষ্টত আছে৷ এইবাৰ অনুষ্ঠান অনুষ্ঠিত হোৱাটো ভাল কথা৷ নিশা ডেৰ, দুই মান বজাত মঞ্চত উঠিলে মূৰ গৰম হৈ যায়৷ সেয়ে অনুষ্ঠান সোনকালে অনুষ্ঠিত কৰিবলৈ দিয়াটো ভাল কথা৷ ১৪ এপ্ৰিলৰ পৰা মোৰ অনুষ্ঠান আৰম্ভ হ’ব৷ খাৰঘূলিৰ পৰা অনুষ্ঠান আৰম্ভ কৰিম৷ ৰাইজে মাস্ক পিন্ধি আহক আৰু সামাজিক দুৰত্ব মানি চলক৷ ৰাজনীতিক বিহুৰ লগত মিলাই লাভ নাই৷’  এই সম্পৰ্কে জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্তই কয়– ‘চৰকাৰী সকলো নিয়ম মানি চলিম৷ অনুষ্ঠান একেবাৰে অনুষ্ঠিত নোহোৱাকৈ এনেদৰেই হওঁক৷ আমি সকলোৱে ৰঙালীৰ আনন্দ ল’ব লাগে৷ চৰকাৰী নিৰ্দেশনা একেবাৰে বেয়া কথা হোৱা নাই৷ নীতি নিয়মৰ মাজেৰে বিহু অনুষ্ঠিত হওঁক৷ ৰাইজ সজাগ হওঁক৷’ আনহাতে, জনপ্ৰিয় শিল্পী নীল আকাশ, কুসুম কৈলাস আদিয়ে চৰকাৰী এছ অ’ পি মানি চলাৰ সমৰ্থন কৰাৰ লগতে ৰাইজক সাৱধান হৈ বিহুৰ অনুষ্ঠানলৈ আহিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায়৷ আনহাতে জনপ্ৰিয় শিল্পী বিপিন চাউদাঙে চৰকাৰী বিধিৰ বাবে তেওঁৰ কেইবাখনো অনুষ্ঠান বাতিল হোৱাৰ কথা সংবাদ মাধ্যমত উল্লেখ কৰে৷ আনহাতে কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই শিল্পী সকলৰ বাবে সময় নিশা ১১ বজাৰ পৰা ১ বজা মানলৈ হ'লে শিল্পী সকলৰ সুবিধা হলহেঁতেন বুলি সংবাদ মাধ্যমক জনায়৷ এই সম্পৰ্কে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই সংবাদ মাধ্যমক কয়– ‘ৰাইজে সাৱধানতা অৱলম্বন কৰা উচিত৷ চৰকাৰে তেওঁলোকৰ কৰণীয়খিনি কৰিব৷ ৰাইজলৈ অনুৰোধ নিজৰ স্বাস্থ্য, নিজৰ জীৱন গতিকে নিজে সাৱধান হওঁক৷ বিগত বছৰত আমি ব’হাগ নাপালোঁ৷ গতিকে এইবাৰ সকলোৱে সাৱধানতা অৱলম্বন কৰি বিহু উপভোগ কৰক৷’ এই সম্পৰ্কে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাই সংবাদ মাধ্যমক কয়– ‘এইক্ষেত্ৰত উদ্যোক্তা, প্ৰশাসন, ৰাইজ আৰু শিল্পীয়ে সমিলমিলভাৱে সিদ্ধান্ত গ্ৰহণ কৰা উচিত৷ নিশা ১১ বজা সময় নিৰ্ধাৰণ কৰাৰ ফলত বহু শিল্পীয়ে মঞ্চ নাপাব৷ নিশা ১২ বজা সময় নিৰ্ধাৰণ কৰিলে থলুৱা শিল্পী সকলে কিছু সকাহ পাব৷’ আনহাতে মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক কয় ‘আমি নিৰ্বাচনী প্ৰচাৰ নিশা ১০ বজাত সামৰিছিলোঁ বিহু কিয় নিশা ১১ বজাত কিয় সামৰণি মাৰিব নোৱাৰিব৷’ উল্লেখ্য, ৰাজ্যৰ প্ৰতিষ্ঠিত শিল্পীয়ে প্ৰতিখন বিহু কমিটীৰ পৰা ৮-৯ লাখ টকা মাননি লয় আৰু তেওঁলোকে দুইৰ পৰা তিনিঘণ্টাৰ বাবে অনুষ্ঠান পৰিবেশন কৰে৷ তেওঁলোকৰ বাদ্যযন্ত্ৰী সকলেও প্ৰায় আধা ঘণ্টা সময় বাদ্যযন্ত্ৰ সমূহ মঞ্চত ‘এৰেঞ্জ’ কৰোঁতে সময় লয়৷ আনহাতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্তই নিশা ১১ বজাত অনুষ্ঠান সামৰিব পাৰিব নে সেয়াও এক প্ৰশ্ন হৈ পৰিছে৷  এই ক্ষেত্ৰত শিল্পী সকলে কেনেদৰে সময়ৰ সঠিক ব্যবহাৰ কৰিব আৰু বিহু সমিতিসমূহেও সময়ৰ কিদৰে ব্যৱহাৰ কৰিব সেয়া লক্ষণীয় হ’ব৷