Logo
image

বিহুৰ সময়ত পৰিভ্ৰমী চৰাইৰ ভিৰ

আমাৰ অসম, ১৩ এপ্ৰিলঃ অসমত আছে ২১৯ বিধ থলুৱা প্ৰজাতিৰ চৰাই৷ কেৱল সেয়ে নহয়, ৮১ বিধ পৰিভ্ৰমী চৰাইৰো অন্যতম প্ৰিয় ঠাই অসম৷ বিহুৰ সময়ত পৰিভ্ৰমী চৰায়ে অসমত ভিৰ কৰে৷ ইতিমধ্যে বিলুপ্তিৰ দিশলৈ গতি কৰা ৩০ বিধ চৰাইৰো এসময়ত অসম আছিল প্ৰিয়তম বিচৰণভূমি৷ –ভোগালী বিহুৰ সময়ত কৰা গণনাত পোহৰলৈ আহিছে এই গুৰুত্বপূৰ্ণ তথ্য৷ উল্লেখ্য, কুলি-কেতেকী-কপৌ-দহিকতৰাকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাইৰে সমৃদ্ধ সুজলা-সুফলা, শস্য-শ্যামলা অসম৷ অসম চৰাইৰ ক্ষেত্ৰত চহকী হোৱা বাবেই অসমৰ সাহিত্য-সংস্কৃতিত সততে পোৱা যায় চৰাইৰ বৰ্ণনা, চৰাইৰ বন্দনা, চৰাইৰ প্ৰীতি, চৰাইৰ বতৰা৷ আমাৰ সংস্কৃতিৰ সৈতে জড়িত হৈ আছে নানা চৰাই-চিৰিকটি৷ প্ৰতিটো ঋতুতে নানা প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আগমন ঘটে অসমভূমিলৈ৷ থলুৱা আৰু পৰিভ্ৰমী চৰাইৰে মুখৰ হৈ পৰে ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুয়োপাৰ৷ আমাৰ বিহুনামসমূহতো আছে নানা চৰাই-চিৰিকটিৰ নাম৷ কুলি-কেতেকীৰ সুৰীয়া মাতে বসন্ত ঋতুৰ আগমনৰ বতৰা লৈ আহে৷ সেইবাবেই গীতিকাৰে কৈছে– কুলি-কেতেকীয়ে ইনালে-বিনালে, মৰমী বিহুটিৰ কথাকে ক’লে...৷ গীতিকাৰে আকৌ কৈছে– ৰৈ ৰৈ কেতেকী বিনা ঐ, অমাতৰ মাত...৷ আকৌ কৈছে– চৰাইৰ মাতে গভীৰ কৰে নিৰ্জনতা, নিৰ্জনতাই মনত পেলায় আইৰ কথা...৷ কবিতা-নাটক-গল্প-উপন্যাস আদিতো চৰাই-চিৰিকটিৰ কথা বহুক্ষেত্ৰত উল্লেখ কৰা হয়৷ চৰাই-চিৰিকটিসমূহে আমাৰ জীৱনত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আছে৷ চৰাইৰ কল-কাকলিৰে আৰম্ভ হয় আমাৰ প্ৰতিটো পুৱা৷ অসমত নানা প্ৰজাতিৰ থলুৱা চৰাই আছে৷ দুৰ্ভাগ্যজনকভাৱে বহু প্ৰজাতিৰ চৰাই এতিয়া লুপ্তপ্ৰায়৷ অসমৰ চৰাইৰ গণনাৰ বাবে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে অসম বাৰ্ড মনিটৰিং নেটৱৰ্ক নামৰ এটা অনানুষ্ঠানিক গোট আৰু বাৰ্ড কাউণ্ট ইণ্ডিয়াই৷ এইবাৰ তেওঁলোকৰ প্ৰচেষ্টাত গ্ৰহণ কৰা হৈছে আন এক পদক্ষেপ– ‘বিহু পক্ষী গণনা’ অনুষ্ঠান৷ এই সম্পৰ্কে বৰপেটা জিলাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা অসম বিহু পক্ষী গণনাৰ সমন্বয়ক ড॰ জয়দেৱ মণ্ডলে ‘আমাৰ অসম’ক কয়– ‘অসমৰ বিভিন্ন প্ৰান্তত থকা পক্ষীবিদ আৰু পক্ষীপ্ৰেমী বহু লোকে একত্ৰিত হৈ পক্ষী সংৰক্ষণৰ বাবে ২০২০ চনৰ পৰা এটা অনুষ্ঠান আৰম্ভ কৰে৷ বিগত বছৰ আৰু এই বছৰৰ ভোগালী বিহুৰ সময়ত অনুষ্ঠিত হৈছিল চাৰিদিনীয়া এই ‘বিহু পক্ষী গণনা’ [বিহু বাৰ্ড কাউণ্ট] নামৰ অনুষ্ঠানটো৷ এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হ’ব ‘ৰঙালী বিহু পক্ষী গণনা-২০২১’৷ এইবাৰ ভোগালী বিহুৰ সময়ত অসমত ২১৯ বিধ থলুৱা প্ৰজাতিৰ চৰাইৰ উপৰি ৮১ বিধ পৰিভ্ৰমী চৰাই আৰু ৩০ বিধ বিলুপ্তপ্ৰায় প্ৰজাতিৰ চৰাইৰ সন্ধান পোৱা গৈছিল৷ অসম বাৰ্ড মনিটৰিং নেটৱৰ্ক নামৰ এটা অনানুষ্ঠানিক গোট আৰু বাৰ্ড কাউণ্ট ইণ্ডিয়াই এনে ধৰণৰ বাৰ্ড কাউণ্ট অসমৰ বিভিন্ন প্ৰান্তত বিগত দুবছৰ ধৰি কৰি আহিছে, যাৰ মূল উদ্দেশ্য হৈছে মানুহক প্ৰকৃতি আৰু প্ৰাকৃতিক উপাদানসমূহৰ প্ৰতি সজাগ কৰোৱা, গ্লোবেল অনলাইন প্লেটফৰ্মসমূহৰ লগত সাধাৰণ মানুহক পৰিচিত কৰি দিয়া৷ এইবাৰ আমি ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈকে ৰঙালী বিহু পক্ষী গণনাৰ আয়োজন কৰিছোঁ৷ অসমৰ যিকোনো ঠাইৰ পৰা ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিলৰ ভিতৰত দিনটোৰ যিকোনো সময়ত দেখা চৰাইৰ তালিকা ebird.org/india শীৰ্ষক ৱে’বছাইটত আপলোড কৰক৷ মন কৰিব, প্ৰত্যেকখন চেক্‌লিষ্ট কমেও ১৫ মিনিটৰ হ’ব লাগিব৷ অসমৰ প্ৰত্যেকখন জিলাৰ প্ৰত্যেক প্ৰান্তৰ মানুহৰ সহযোগিতা তথা সক্ৰিয় অংশগ্ৰহণ কামনা কৰা হৈছে৷ এই বিষয়ে আগ্ৰহীসকলে আমাৰ ৱেবচাইট bihubirdcount@gmail.comত চকু ফুৰালে সবিশেষ জানিব পৰিব৷ বিশ্বৰ বিভিন্ন প্ৰান্তত তথা আমাৰ দেশৰ বিভিন্ন প্ৰান্তত উৎসৱ-পাৰ্বণত পক্ষী গণনা কৰা হয়৷ আমাৰ এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন প্ৰজাতিৰ চৰাইৰ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰো প্ৰয়াস কৰা হৈছে৷ ৰাইজৰ মাজত সজাগতা বৃদ্ধি পালে বহু প্ৰজাতিৰ চৰাই-চিৰিকটি বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যাব৷’