Logo
image

কুম্ভমেলাত ফুটিল কৰ’নাবোমা

আমাৰ অসম, ১৩ এপ্ৰিলঃ হৰিদ্বাৰৰ হৰ কি পুৰী ঘাটত আৰম্ভ হোৱা মহাকুম্ভমেলা কৰ’নাৰ প্ৰকাণ্ড বোমা হিচাপে পৰিগণিত হৈছে৷ সোমবাৰে পুৱা সাত বজাত আৰম্ভ হোৱা কুম্ভমেলাৰ মহাস্নানত দুপৰীয়া বাৰ বজালৈকে ২১ লাখ ভক্তই ভাগ লয়৷ সমগ্ৰ দিনটোত ৪০ লাখৰো অধিক ভক্তই গংগাৰ হৰিদ্বাৰস্থিত হৰ কি পুৰী ঘাটত স্নান কৰাৰ সময়ত সামাজিক ব্যৱধান নামৰ কোনো ব্যৱস্থা নাছিল৷ দেশৰ বিভিন্ন স্থানৰ পৰা অহা গেৰুৱা বসন পৰিহিত সাধু-সন্ন্যাসী আৰু হিন্দু ভক্ত জাকে জাকে গংগাৰ ঘাটত নামি গৈ স্নান কৰাৰ সময়ত আয়োজকসকলেও সামাজিক ব্যৱধান আৰু ক’ভিড বিধি পালনৰ কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বুলি স্পষ্ট কৰি দিছে৷ কুম্ভমেলাৰ দায়িত্বত থকা আৰক্ষী মহাপৰিদৰ্শক সঞ্জয় গুঞ্জায়েলে সংবাদ মাধ্যমৰ আগত কয় যে, এনেদৰে সমবেত হোৱা লাখ লাখ ভক্তৰ মাজত সামাজিক ব্যৱধান ৰখা আৰু ক’ভিড বিধি পালন কৰিবলৈ বাধ্য কৰোৱাটো অসম্ভৱ৷ শাহী স্নানৰ বাবে যি গতিত ভক্তৰ আগমন ঘটিছে তেওঁলোকক কোনো নিয়মেৰে বান্ধি ৰখাটো সম্ভৱ নহয় বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ কয় যে, এনে পৰিস্থিতিত ভক্তৰ মাজত সামাজিক ব্যৱধান ব্যৱস্থা বলৱৎ কৰা হ’লে পদপিষ্ট হৈ অসংখ্য ভক্তৰ মৃত্যু ঘটিলহেঁতেন অথবা তেনে ভয়ংকৰ ঘটনা সংঘটিত হ’লহেঁতেন৷

উল্লেখ্য, হৰিদ্বাৰৰ মহাকুম্ভ মেলাক ক’ভিড বোমা হিচাপেই আখ্যা দিয়া হৈছে৷ কিয়নো কেৱল কালিৰ দিনটোতে হৰিদ্বাৰত সমবেত চাৰি শতাধিক ভক্ত কৰ’নাত আক্ৰান্ত হোৱাটো ধৰা পৰিছে৷ হৰিদ্বাৰলৈ অহাৰ পূৰ্বে সকলো ভক্তকে আৰটিপিচিআৰ পৰীক্ষাৰ জৰিয়তে ক’ভিড পজিটিভ নহয় বুলি ৭২ ঘণ্টাৰ কম সময়ৰ প্ৰমাণপত্ৰ আনিবলৈ নিৰ্দেশ দিয়া হৈছিল৷ তেনে প্ৰমাণপত্ৰ থকা ভক্তকহে হৰিদ্বাৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে৷ কিন্তু উত্তৰাখণ্ডৰ পৱিত্ৰ ভূমি হৰিদ্বাৰত পূৰ্বৰে পৰাই কৰ’নাৰ সংক্ৰমণ চলি আছিল৷ ফলত ইয়াত উপস্থিত হোৱাৰ পাছত শ শ ভক্তৰ শৰীৰলৈ কৰ’না ভাইৰাছৰ সংক্ৰমণ ঘটিছে আৰু ইজনৰ পিছত সিজনকৈ কৰ’না পজিটিভ হ’বলৈ আৰম্ভ কৰিছে৷ ফলত বাৰ বছৰৰ বিৰতিত আয়োজিত হিন্দু ধৰ্মাৱলম্বীৰ এই অন্যতম বৃহৎ অনুষ্ঠান হৰিদ্বাৰৰ কুম্ভমেলা এতিয়া কৰ’না বোমালৈ পৰিণত হৈছে৷