Logo
image

বিহু চলিছে, হাস্পতাল ভৰিছে

◾চৰকাৰৰ সকীয়নিৰ মাজতে চলিছে বিহু অনুষ্ঠান

◾ৰাজ্যত সংক্ৰমণ দ্ৰুতগতিত

আমাৰ অসম, ১৭ এপ্ৰিলঃ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণপৰ্ব সমাপ্ত হোৱাৰ লগে লগেই ৰাজ্যত আৰম্ভ হ’ল ক’ভিডৰ নতুন অধ্যায়৷ চৰকাৰৰ কঠোৰ নীতি-নিয়মৰ মাজত বিহু চলিছে যদিও দিনকদিনে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত নিতৌ বহুসংখ্যক লোক আক্ৰান্ত হৈছে৷ চৰকাৰী-বেচৰকাৰী হাস্পতালসমূহ ভৰি পৰিছে ক’ভিড আক্ৰান্তৰে৷ পৰিস্থিতি এনেকুৱাও হৈছে যে বহু ঠাইত হাস্পতালত বিছনা নোহোৱা হৈছে৷ আনহাতে ক’ভিডৰ বাবে আন আন বেমাৰৰ ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰতো ভয়ংকৰ সমস্যাৰ সৃষ্টি হৈছে৷ ইয়াৰ মাজতে চলিছে বিহুৰ অনুষ্ঠান৷ উল্লেখ্য, অসমত নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়তেই দেশৰ বিভিন্ন ঠাইত ক’ভিডকেন্দ্ৰিক পৰিস্থিতি দিনকদিনে জটিল হৈ পৰিছিল যদিও অসমত শাসক-বিৰোধী কোনো পক্ষই সেই কথালৈ ভ্ৰূক্ষেপেই কৰা নাছিল৷ ৰাইজে কথাবোৰ আঙুলিয়াই দিছিল যদিও চৰকাৰে ভয়ৰ কাৰণ নাই বুলি কৈ আশ্বাস দিছিল৷ বিৰোধী পক্ষই একে নামাতি মনে মনে আছিল৷ ভোটগ্ৰহণ শেষ হোৱাৰ লগে লগে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত ক’ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে৷ প্ৰায় একে সময়তে আহিল ব’হাগ বিহু৷ চৰকাৰে বিহু পাতিবৰ বাবে অনুমতি দিলে যদিও বিহুৰ বাবে প্ৰস্তুত কৰি দিলে বিশেষ এছঅ’পি৷ বিহু অনুষ্ঠানৰ বাস্তৱিকতাৰ সৈতে বিশেষ সম্পৰ্ক নথকা কেতবোৰ নীতি-নিয়ম সহিতে চৰকাৰে ঘোষণা কৰা এছঅ’পিৰ বহুতে বিৰোধিতা কৰিলে, বহুতে সমৰ্থন নকৰিলে যদিও মনে মনে থাকিল আৰু কিছুসংখ্যকে এছঅ’পি মানি ল’লে৷ এইদৰেই মিশ্ৰ প্ৰতিক্ৰিয়া, উদ্বেগ আৰু বিভ্ৰান্তিৰ মাজেৰেই ১৪ এপ্ৰিলৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল বাপতিসাহোন ৰঙালী বিহুৰ উদ্‌যাপনপৰ্ব৷ একাংশ বিহু কমিটীয়ে মুকলিমূৰীয়াকৈ এছঅ’পিৰ বিৰোধিতা কৰা নাই যদিও কামে-কাজে এছঅ’পি ভংগ কৰিলে বা এছঅ’পি ভংগ কৰিবলৈ বাধ্য হ’ল৷ কিয়নো বিহুৰ অনুষ্ঠান কেতিয়াও এশ শতাংশ পূৰ্বপৰিকল্পিত নহয়৷ বিহুৰ অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বতৰ, দৰ্শক, শিল্পীকে ধৰি বিভিন্ন প্ৰসংগ– যিবোৰ সময়নিৰ্ধাৰিত কাৰ্যসূচীৰ ভিতৰত কটকটীয়াকৈ আৰু আখৰে আখৰে নিয়ম মানি চলিব নোৱাৰি৷ অৱশ্যে ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সকলো সজাগ আৰু সচেতন হ’বই লাগিব৷ সেইবাবেই চৰকাৰৰ সকীয়নিৰ মাজতে অসমত চলিছে বিহু অনুষ্ঠান৷ বহু বিহু কমিটীয়ে অবান্তৰ-অবাস্তৱ এছঅ’পিৰ বাবে বিহুৰ কাৰ্যসূচী বাতিল কৰিলে৷ বহু কমিটীয়ে কেৱল পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ অনুষ্ঠানেৰেই এইবাৰৰ বিহু সামৰিলে৷ অৱশ্যে বহুতে সমস্যাৰ মাজতো বহু কষ্টৰে উদ্‌যাপন কৰিছে হেঁপাহৰ ৰঙালী বিহু৷ তাতে যোৱা বছৰ ক’ভিডৰ বাবে বিহু পাতিবই নোৱাৰিলে৷ কিন্তু শেহতীয়াকৈ স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কৰা ঘোষণাই বিহু কমিটীসমূহকো চিন্তিত কৰিছে৷ স্বাস্থ্যমন্ত্ৰীয়ে কৈছে যে ২৫ৰ পৰা ৩০ এপ্ৰিলৰ ভিতৰত ৰাজ্যত ক’ভিড সন্দৰ্ভত চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব৷ ইফালে, একেজন মন্ত্ৰীয়ে আকৌ এইবুলিও কৈছে যে ব’হাগ বিহুৰ পাছত চৰকাৰে ক’ভিড সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব৷ একেজন মন্ত্ৰীৰে দুটা ভাষ্যই ৰাইজক বিভ্ৰান্ত কৰিছে যদিও একাংশই এইবুলিও কৈছে যে ব’হাগ বিহু মানে স্বাস্থ্যমন্ত্ৰী শৰ্মাই সম্ভৱতঃ সাতবিহুৰ কথা কৈছে৷ সেইমৰ্মে ২০ এপ্ৰিলত সাতবিহুৰ সামৰণি পৰিব৷ তাৰ পাছত চাৰি-পাঁচ দিন চৰকাৰে পৰিস্থিতি পৰ্যবেক্ষণ কৰিব আৰু ২৫ৰ পৰা ৩০ এপ্ৰিলৰ ভিতৰত ক’ভিড সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব৷ একে সময়তে চৰকাৰে মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিকৰ দৰে পৰীক্ষাসমূহৰ কথাও চিন্তা কৰিব৷ চৰকাৰে এছঅ’পি দিছে যদিও আৰু বহু বিহু কমিটীয়ে সেইবোৰ মানি চলাৰ কথা কৈছে যদিও অসমৰ এখনো বিহুতলীত এশ শতাংশ দূৰত্ববিধি মানি চলা নাই, এয়া মানি চলাটো কাৰ্যতঃ সম্ভৱেই নহয়৷ মাস্ক পৰিধানৰ ক্ষেত্ৰতো একে ঘটনা ঘটিছে৷ অৱশ্যে প্ৰায় সকলো বিহু কমিটীয়ে ছেনিটাইজেশ্বন আৰু মাস্ক পৰিধানৰ ক্ষেত্ৰত গুৰুত্ব দিছে যদিও দূৰত্ববিধিৰ ক্ষেত্ৰত সকলো অসহায় হৈ পৰিছে৷ আনকি বিহুতলীৰ সুৰক্ষাৰ দায়িত্বত থকাসকলো মনে মনে থাকিবলগীয়া হৈছে৷ বিহু কমিটীসমূহে এছঅ’পি আখৰে আখৰে পালন কৰিছে নে নাই সেয়া চাবলৈ যোৱা আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ বিষয়াসকলেও মাস্ক পৰিধান কৰা আৰু ছেনিটাইজেশ্বনৰ পৰামৰ্শ দি উভতি আহিছে– কাৰণ দূৰত্ববিধিৰ কথা ক’বলৈ তেওঁলোকে কোনো অৱকাশ পোৱা নাই৷ কাৰণ পৰিস্থিতি দূৰত্ববিধি এশ শতাংশ মানি চলিব পৰা বিধৰ নহয়৷ ইয়াৰ মাজতে নিশা ১১ বজাৰ ভিতৰত বিহুৰ অনুষ্ঠান সমাপ্ত কৰা-নকৰাক লৈ বিহু অনুষ্ঠানসমূহত মিশ্ৰিত প্ৰতিক্ৰিয়া আৰু ঘটনা-পৰিঘটনা পৰিলক্ষিত হৈছে৷ এছঅ’পি নমনা বিহু কমিটীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে৷ ৰাজ্যজুৰি বিহু চলিছে, ক’ভিড আক্ৰান্তৰে হাস্পতাল ভৰি পৰিছে৷ এনে জটিল পৰিস্থিতিৰ মাজতে এইবাৰ অসমীয়াই উদ্‌যাপন কৰিছে হেঁপাহৰ ৰঙালী বিহু৷

ক’ভিড আতংকৰ মাজতে সমুজ্জ্বল তিনি সহস্ৰাধিক বিহুতলী

সমগ্ৰ দেশক কৰ’না মহামাৰীৰ দ্বিতীয়টো ঢৌৱে জোকাৰি গৈছে৷ নিতৌ ন ন ব্যক্তি আক্ৰান্ত হৈছে মহামাৰীত৷ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো কৰ’নাৰ সংক্ৰমণ নিতৌ বৃদ্ধি পাবলৈ ধৰিছে৷ এনে ভয়াবহ পৰিস্থিতিৰ মাজতো ৰাজ্যবাসীয়ে উদ্‌যাপন কৰে হেঁপাহৰ ৰঙালী বিহু৷ ক’ভিডৰ পৰিপ্ৰেক্ষিতত বিগত বৰ্ষত বিহু উদ্‌যাপনৰ পৰা বিৰত থকা অসমীয়া জাতিয়ে সেয়ে এইবাৰ ব্যাপক আনন্দ-উছাহেৰে বাপতিসাহোন বিহুটি উদ্‌যাপন কৰে৷ স্বাস্থ্য বিভাগে জাৰি কৰা গাইডলাইন মানি ৰাজ্যবাসীয়ে উদ্‌যাপন কৰে ৰঙালী উৎসৱ৷ প্ৰাপ্ত তথ্য অনুসৰি সমগ্ৰ ৰাজ্যত মুঠ ৩১৩৭ খন ৰাজহুৱা বিহু কমিটীয়ে পতাকা উত্তোলনেৰে বিহুৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ বুধবাৰে চ’ত আৰু বহাগৰ সংক্ৰান্তিৰ দিনা ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে গৰু বিহু উদ্‌যাপন কৰা হয়৷ মাহ-হালধিৰে গো-ধনক নোৱাই ধুৱাই, লাও, বেঙেনা খুৱাই, গৃহস্থই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰে৷ কংক্ৰিটৰ মহানগৰীতো পূব গুৱাহাটী বিহু সন্মিলনকে ধৰি কেইবাখনো বিহু সন্মিলনীয়ে গৰু বিহু উদ্‌যাপন কৰে৷ সুদীৰ্ঘ অপেক্ষাৰ অন্তত চেনেহৰ বিহুটো পালন কৰিবলৈ পোৱা ৰাজ্যবাসীৰ মাজত পাৰভগা উছাহ দেখিবলৈ পোৱা যায়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহু উদ্‌যাপন কৰে৷ বিভিন্ন জাতি-জনগোষ্ঠীয়ে নিজস্ব পৰম্পৰাৰে ৰঙালী উদ্‌যাপন কৰা দেখা যায়৷ ঢোলৰ গুম্‌গুমনি আৰু পেঁপাৰ মাতত সমগ্ৰ ৰাজ্যবাসী মতলীয়া হৈ পৰে৷ বিভিন্ন স্থানৰ লগতে গুৱাহাটীৰ জজ খেলপথাৰতো বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহু অনুষ্ঠিত কৰা হয়৷ উক্ত অনুষ্ঠানত বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া অনুষ্ঠানো পৰিৱেশন কৰা হয়৷ ১৯৮২ চনৰ পৰা আছু’ৰ উদ্যোগত অনুষ্ঠিত কৰি অহা এই মুকলি বিহু অনুষ্ঠানত প্ৰতি বছৰৰ দৰে এইবাৰো কেইবাটাও বিহু হুঁচৰি দলে বিহুনৃত্য পৰিৱেশন কৰাৰ লগতে বিভিন্ন জনগোষ্ঠীয় নৃত্য দলে অনুষ্ঠান পৰিৱেশন কৰে৷ উক্ত অনুষ্ঠানত এই বেলি ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়৷ তেনেদৰে ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীয়ে লতাশিল খেলপথাৰত আয়োজন কৰা বিহু অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকীও মন্ত্ৰী-বিধায়কে অংশ লৈ বিহুৰ আনন্দ উপভোগ কৰে৷ পহিলা বহাগৰ পুৱা ইজনে সিজনক বিহুৱান যাচি ৰাজ্যবাসীয়ে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়৷ তেনেদৰে নামঘৰ-সত্ৰ তথা মন্দিৰতো সেৱা লয়৷ বহাগৰ পহিলা দিনটোত মাজুলীৰ আউনীআটী সত্ৰত ৩৬৭ বছৰীয়া পৰম্পৰাৰে অনুষ্ঠিত হয় বোকা খেল৷ এই খেলত চেমনীয়াহঁতে অতি আনন্দ উল্লাসেৰে অংশ গ্ৰহণ কৰা দেখা যায়৷ অসমৰ চহা জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বিহুৰ মাদকতা কেৱল গাঁৱতেই সীমাবদ্ধ হৈ থকা নাই৷ এই উছাহৰ সোঁত এতিয়া মঞ্চ তথা কংক্ৰিটৰ মহানগৰীৰ এপাৰ্টমেণ্টলৈ বৈ গৈছে৷ গাঁৱৰ বিহুৰ পৰিৱেশৰ সৈতে খাপ নাখালেও কংক্ৰিটৰ মহানগৰীত মঞ্চ বিহুৰ আনন্দ উপভোগ কৰে মহানগৰবাসীয়ে৷ গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত গৰু বিহুৰ দিনটোৰ পৰা অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানসমূহত জনপ্ৰিয় গায়ক-গায়িকাৰ সংগীতানুষ্ঠানে ৰাইজক মতলীয়া কৰে৷ স্বাস্থ্য বিভাগৰ গাইডলাইন অনুসৰি নিশা ১১ বজাৰ ভিতৰত সাংস্কৃতিক অনুষ্ঠান বন্ধ কৰিব লাগে যদিও দুয়োটা দিনত একাধিক বিহু সমিতিয়ে সেই নিয়ম উলংঘন কৰা দেখা যায়৷ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে খাৰঘুলি বিহু মঞ্চত দুপৰ নিশালৈ গীত পৰিৱেশন কৰা পৰিলক্ষিত হয়৷ তেনেদৰে লতাশিল খেলপথাৰত অনুষ্ঠিত বিহু অনুষ্ঠানত বিপিন চাউদাঙৰ অনুষ্ঠানো ১১ বজাৰ ভিতৰত সমাপ্ত নহ’ল৷ উল্লেখ্য, বিহুৰ এছ অ’ পি উলংঘন কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে৷ তেওঁ ক’ভিড প্ৰট’কল মানি সকলোকে বিহুৰ আনন্দ উপভোগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে আইন ভংগকাৰী বিহু কমিটীসমূহৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ’ব বুলিও সকীয়াই দিয়ে৷ এই সন্দৰ্ভত গুৱাহাটী বিহু সন্মিলনীৰ সম্পাদক নীলোপম দাসে কয়– ‘আমি ইতিমধ্যে বহু অনুষ্ঠান বাতিল কৰিছো৷ প্ৰথম দিনা আমি যিমান পাৰো ১১ বজাৰ ভিতৰত অনুষ্ঠান শেষ কৰাৰ চেষ্টা কৰিছিলো৷ কিন্তু এয়া ইমান সহজ নহয়৷ কিয়নো এজন গায়কে অনুষ্ঠান পৰিৱেশন কৰাৰ পূৰ্বে তেওঁৰ বাদ্যযন্ত্ৰীৰ দলটোক সাজু হ’বলৈ অতি কমেও ৪০-৫০ মিনিট সময় লাগে৷ সেই বাবে প্ৰথম দিনা আমি ১১ বজাৰ ভিতৰত সমাপ্ত কৰিব নোৱাৰিলো৷ তদুপৰি ঐতিহ্যমণ্ডিত লতাশিল বিহু মঞ্চত এপাক নাচিবলৈ বা অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে বহুতৰে হেঁপাহ থাকে৷ সেই হেঁপাহত চেঁচাপানী ঢালিবলৈ আমাৰ মন নাযায়৷ তথাপিও আমি যিমান পাৰো অনুষ্ঠানৰ কাৰ্যসূচী চুটি কৰিছিলো৷ আমন্ত্ৰণ কৰি অনা বহু হুঁচৰি দলক মাননি দি অনুষ্ঠান পৰিৱেশন নকৰাকৈয়ে পঠিয়াই দিছিলো৷ তথাপিতো আমি নিয়ম মানিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই৷ ইয়াৰ পিছতো যদি আমাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহ’লে আমাৰ উপায় নাই৷ আমি আমাৰ পক্ষ ৰাখিম৷’ গুৱাহাটীৰ গণেশগুৰিত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৰঙালী বিহু পালন কৰা হৈছে৷ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে৷ দ্বিতীয় দিনাৰ কাৰ্যসূচী মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰাক্তন অ’এছডি ড॰ প্ৰকাশ কাশ্যপে৷ ক’ভিডবিধি পালন কৰি অনুষ্ঠিত কাৰ্যসূচী মুকলি কৰি প্ৰকাশ কাশ্যপে কয়– বিহুৱে অসমক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত, বিশ্বৰ দৰবাৰত এক সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে৷ বিহু আৰু ব্ৰহ্মপুত্ৰ থাকে মানে অসম আৰু অসমীয়া জীয়াইথাকিব৷ উল্লেখ্য, ৰঙালী বিহুৰ এই শুভক্ষণত অসমবাসীক বিহুৰ ওলগ জনাই আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে৷ এক টুইটযোগে জ’ বাইডেনে তেওঁ আৰু তেওঁৰ পত্নী জিল বাইডেনৰ তৰফৰ পৰা অসমবাসীলৈ বিহুৰ শুভেচ্ছা জনায়৷ তেনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও টুইটযোগে অসমীয়াতে ৰঙালী বিহুৰ শুভেচ্ছা জনায়৷