
লছ এঞ্জেলেছ অলিম্পিক ২০২৮ত অন্তৰ্ভুক্ত হ’ল বক্সিং
কোষ্টা নাভাৰিনো [গ্ৰীচ], ২১ মাৰ্চঃ লছ এঞ্জেলেছ অলিম্পিক ২০২৮ত বক্সিং অন্তৰ্ভুক্ত হৈছে৷ বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ [আই অ’ চি] সদস্য ৰাষ্ট্ৰসমূহে ক্ৰীড়া মহোৎসৱখনত বক্সিঙৰ অন্তৰ্ভুক্তিত সৰ্বসন্মতভাৱে ভোট দিয়ে৷ আই অ’ চিৰ ১৪৪ সংখ্যক ছেছনত এই সিদ্ধান্ত লোৱা হয়৷ লছ এঞ্জেলেছ অলিম্পিকত বক্সিঙৰ অন্তৰ্ভুক্তি বিচৰা সকলক হাত দাঙি সঁহাৰি জনাবলৈ কৈছিল আই অ’ চিৰ সভাপতি থমাছ বাকে৷ সকলো সদস্যই বক্সিঙৰ অন্তৰ্ভুক্তিত সঁহাৰি জনায়৷
কোনো এজন সদস্যই এই সিদ্ধান্তৰ বিৰো¸ধিতা নকৰিলে৷ ফেব্ৰুৱাৰী ২০২২ত আই অ’ চি ছেছনে অনুমোদন জনোৱা লছ এঞ্জেলেছ অলিম্পিকৰ প্ৰাৰম্ভিক ক্ৰীড়া সূচীত বক্সিং অন্তৰ্ভুক্ত হোৱা নাছিল৷ যোৱা মাহত ৱ’ল্ডৰ্ বক্সিঙক আই অ’ চিয়ে সাময়িকভাৱে স্বীকৃতি দিয়াৰ পাছত এই সিদ্ধান্ত লোৱা হয়৷ আন্তঃৰাষ্ট্ৰীয় বক্সিং সন্থাক [আইবা] একাষৰীয়া কৰি নতুন গৰ্ভনিং বডীলৈ কৰ্তৃত্ব স্থানান্তৰ কৰিছে আই অ’ চিয়ে৷ আন্তঃৰাষ্ট্ৰীয় বক্সিং সন্থাত [আইবা] দেখা দিয়া অনি(য়তাৰ বাবে ফেব্ৰুৱাৰী ২০২২ ৰ আই অ’ চি ছেছনে অনুমোদন জনোৱা ২০২৮ লছ এঞ্জেলেছ অলিম্পিকৰ প্ৰাৰম্ভিক ক্ৰীড়া সূচীত বক্সিং অন্তৰ্ভুক্ত হোৱা নাছিল৷