Logo
image

দেশত অক্সিজেনৰ নাটনি

আমাৰ অসম, ১৭ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমস্ত মন্ত্ৰীগন ৪ ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনত ভোট ভিক্ষা কৰি টলৌ টলৌকৈ ঘূৰি ফুৰোতে মাৰাত্মক ক’ভিড পৰিস্থিতিত দেশত ৰোগীৰ অক্সিজেনৰ চৰম নাটনি ঘটিছে আৰু এই জৰুৰীকালীন পৰিস্থিতিত ৫০,০০০ মেট্ৰিকটন মেডিকেল অক্সিজেন বা ইজি২ বিদেশৰ পৰা যুদ্ধকালীনভাৱে আমদানি কৰাৰ বাবে বৈদেশিক মন্ত্ৰণালয়ৰ বিশেষ মিছনক নিৰ্দেশ দিছে৷ দেশৰ ১২ খন ৰাজ্যত ইতিমধ্যে ক’ভিড আক্ৰান্তক যোগান দিব পৰাকৈ অক্সিজেনৰ নাটনি ঘটাতো বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীৰ উচ্ছস্তৰীয় বৈঠকত মুকলি হৈ পৰাত দেশজুৰি আতংকৰ উদ্ভব হৈছে৷ কেন্দ্ৰই জৰুৰীকালীনভাৱে অক্সিজেন যোগান ধৰাৰ বাবে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, গুজৰাট, উত্তৰ প্ৰদেশ, দিল্লী, ছত্তীশগড়, কৰ্ণাটক, কেৰালা, তামিলনাডু, পঞ্জাব, হাৰিয়ানা আৰু ৰাজস্থানক চিনাক্ত কৰিছে, কিয়নো এই ১২ খন ৰাজ্যত ক’ভিডৰ সংক্ৰমণ অতি দ্ৰুত আৰু অক্সিজেনৰ চাহিদাৰ বিপৰীতে যোগান নাই৷ এই ১২ ৰাজ্যক শেহতীয়াকৈ ৪৮৮০, ৫৬১৯, ৬৫৯৩ টন অক্সিজেন যোগান ধৰিলেও সেয়া ব্যৱহাৰ কৰা হৈছে আৰু দেশৰ মেডিকেল অক্সিজেন ভাণ্ডাৰ শূন্যপ্ৰায়৷ পৰিস্থিতি বেগতিক দেখি প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰৰ বৈঠকত দেশত অক্সিজেন বৃহৎ হাৰত উৎপাদনৰ নিৰ্দেশ দিয়ে৷ কিন্তু স্বাস্থ্য মন্ত্ৰণালয়ৰ বিষয়াই জনাই যে এই মুহূৰ্তত মেডিকেল অক্সিজেনৰ যি চাহিদা সেয়া দেশত উৎপাদন কৰি জোৰা মৰা সম্ভৱ নহয়৷ ফলত বিদেশৰ পৰা যুদ্ধকালীনভাৱে ৫০,০০০ মেট্ৰিকটন অক্সিজেন আমদানি কৰাৰ নিৰ্দেশ জাৰি কৰা হয়৷ প্ৰশ্ন উঠিছে, কেৱল নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ কেবিনেট সতীৰ্থগণে গাঁৱে-ভূঞে টলৌ টলৌকৈ ভোট বিচাৰি ঘূৰি থকাৰ সময়ত দেশৰ বেয়া হৈ অহা ক’ভিড পৰিস্থিতিলৈ পিঠি দি আছিল নেকি? নহ’লে এনে পৰিস্থিতিৰ পূৰ্বানুমান কৰি আগতেই দেশতে বৃহৎ হাৰত অক্সিজেন উৎপাদন কৰিব পাৰিলেহেঁতেন৷ উল্লেখ্য, বিগত ২৪ ঘণ্টাত দেশত ২,১৭,৩৬৩জন ক’ভিড আক্ৰান্ত হৈছে আৰু ১,১৮৫ জনৰ মৃত্যু হৈছে৷ এনে পৰিস্থিতিৰ পূৰ্বে সন্মুখীন হোৱা চৰকাৰখনে এইবাৰ তাৰ পূৰ্বানুমান কৰাত ব্যৰ্থ হ’ল কিয়? ইতিমধ্যে তাজমহল, ফটোপুৰ বিক্ৰী, আগ্ৰা ফৰ্ট ইত্যাদি দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হৈছে৷ অৱশ্যে একে সময়তে চলি আছে হিন্দু ধৰ্মাৱলম্বীৰ কুম্ভমেলা৷

দিল্লীত ৫০ শতাংশ কৰ্মচাৰীৰে চলিব কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়

দেশৰ ৰাজধানী চহৰ দিল্লীত ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ মাত্ৰ ২৪ ঘণ্টাতে দেশত ২ লাখৰো অধিক লোক ক’ভিডৰ  চিকাৰ হৈছে৷ ক’ভিডৰ ভয়াৱহতাক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ৷ কিয়নো ইতিমধ্যে কেইবাখনো ৰাজ্যত ক’ভিডে ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে একপ্ৰকাৰ মৃত্যু উপত্যকালৈ পৰিণত কৰিছে৷ ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থতে কেন্দ্ৰীয় চৰকাৰৰ  সকলো চৰকাৰী কাৰ্যালয় এতিয়াৰে পৰা ৫০ শতাংশ কৰ্মচাৰীৰ উপস্থিতিৰে দৈনন্দিন কাম-কাজ আগবঢ়োৱাৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে৷ গৃহমন্ত্ৰণালয়ে বৃহস্পতিবাৰে এক নিৰ্দেশনাযোগে কেন্দ্ৰীয় চৰকাৰী কাৰ্যালয়সমূহত ৫০ শতাংশ কৰ্মচাৰীক উপস্থিত থাকি কাম-কাজ চলাই নিয়াৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে৷  এদিন এৰি এদিন কৰ্মচাৰীসকলে এতিয়াৰে পৰা কৰ্তব্য পালন কৰাৰ সম্ভাৱনা আছে৷ গৃহ মন্ত্ৰণালয়ে ঘৰৰ পৰা কাম কৰাৰ বাবেও কৰ্মচাৰীসকলক পৰামৰ্শ প্ৰদান কৰিছে৷