Logo
image

মিথ্যা আৰু মৃত্যু

◾ভোটগ্ৰহণ শেষ নোহোৱাপৰ্যন্ত ‘অভিযান’ স্থগিত ৰাখিছিল কৰ’নাই!

আমাৰ অসম, ১৮ এপ্ৰিলঃ নিৰ্বাচনৰ ভোটগ্ৰহণ শেষ নোহোৱা পৰ্যন্ত ক’ভিডে অসমত ‘অভিযান’ স্থগিত ৰাখিছিল! অসম ক’ৰনা মুক্ত বুলি চৰম মিথ্যাচাৰ আৰু ফাঁকিবাজেৰে বিজেপিৰ নেতা-মন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পৰিণতি ভোগ কৰিবলগীয়া হৈছে ৰাজ্যৰ জনসাধাৰণে৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ বিজেপিৰ প্ৰতিজন নেতাই অসম ক’ভিডৰ পৰা মুক্তি পোৱা বুলি ৰাজহুৱাভাৱে ঘোষণা কৰাই নহয়, নিৰ্বাচনী প্ৰচাৰ সভাত ক’ৰনাক জয় কৰা বুলি সফলতাৰ ঢাক-ঢোল বজোৱাৰ পৰাও পিছ পৰি নাথাকিল৷ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ক’ভিডক জয় কৰাত অসম দেশৰ ভিতৰতে সফল বুলি নিৰ্বাচনী প্ৰচাৰ সভাত বাঃ বাঃ দিয়া দেখা গ’ল৷ নিৰ্বাচনী সভাত ক’ভিড বিধি উলংঘন কৰাৰ ফল বিষম বুলি সচেতন মহলে উনুকিয়াই দিয়াৰ পাছতো স্বাস্থ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত বাৰম্বাৰ মাস্ক পিন্ধাৰ প্ৰয়োজন নাই বুলিহে যুক্তি দিলে৷ হাজাৰ হাজাৰ মানুহৰ উপস্থিতিত প্ৰচাৰ সভাৰ লগতে বাইক ৰেলী বাহিৰ কৰি নিৰ্বাচনী উদ্দেশ্য সফল কৰাৰ স্বাৰ্থত সামাজিক দূৰত্বও মানি চলাৰ প্ৰয়োজনীয়তাকো অস্বীকাৰ কৰিলে৷ এইসকল নেতা, মন্ত্ৰী তথা চৰকাৰৰ কথাত বিশ্বাস কৰি ৰাইজেও কোনো সতৰ্কতা অবিহনে অংশ ল’লে নিৰ্বাচনী প্ৰচাৰত৷ কিন্তু নিৰ্বাচনৰ পূৰ্বৰ পৰা নিৰ্বাচনৰ শেষলৈ সঁচায়ে অসমত কৰ’না নিয়ন্ত্ৰণাধীন আছিল নেকি? নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত এজনো লোক কৰ’নাত আক্ৰান্ত বা মৃত্যু হোৱা নাছিল নেকি? বাস্তৱত মন্ত্ৰী তথা চৰকাৰ প্ৰশাসনে কৰা দাবী আছিল মিথ্যাচাৰহে মাত্ৰ৷ অসম কৰ’নামুক্ত বুলি ৰাইজৰ আগত ভুৱা প্ৰচাৰ চলোৱা হ’ল৷ যি ভুৱা প্ৰচাৰ তথা মিথ্যাচাৰে সৰ্বসাধাৰণৰ প্ৰাণৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ ‘আমাৰ অসম’ৰ হাতত আহি পৰিছে বিজেপি নেতৃত্বৰ মিথ্যাচাৰৰ বহু দলিল৷ নিৰ্বাচনৰ অধিসূচনা ঘোষণাৰ আগে-পিছে এই সময়ছোৱাত প্ৰশাসনে জাৰি কৰা একাধিক ক’ভিড মৃত্যুৰ প্ৰমাণ পত্ৰ আমাৰ হাতত আহি পৰিছে৷ যিসময়ত ৰাজনৈতিক নেতাসকলে অসম কৰ’না মুক্ত বুলি  প্ৰচাৰ চলাইছিল, সেই সময়তে কেৱল গুৱাহাটী মহানগৰীত প্ৰতিমাহত কমেও ৫ জনকৈ লোক ক’ভিডত মৃত্যুৰ প্ৰমাণ পত্ৰত স্বাক্ষৰ কৰিছিল প্ৰশাসনে৷ গুৱাহাটীতে যদি মাহে প্ৰায় ৫ জনকৈ লোকৰ ক’ভিডত মৃত্যু হৈছিল তেনেহ’লে ৰাজ্যৰ তালিকা কিমান দীঘলীয়া হ’ব পাৰে সেয়া অনুমান কৰক৷ লক্ষণীয়ভাৱে নিৰ্বাচনী প্ৰচাৰৰ সময়ত অসমত ক’ভিড পৰীক্ষাও ৰহস্যজনকভাৱে স্বাস্থ্য বিভাগে হ্ৰাস কৰিছিল৷ তৎসত্ত্বেও বহু লোক আক্ৰান্ত হোৱাৰ লগতে নিতৌ ক’ভিড ৰোগীৰ মৃত্যু হৈছিল৷ ‘আমাৰ অসম’এ লাভ কৰা প্ৰমাণ-পত্ৰ অনুসৰি বিগত বৰ্ষৰ নৱেম্বৰ আৰু ডিচেম্বৰত গুৱাহাটীত এজনকৈ লোকৰ ক’ভিডত মৃত্যু হৈছিল৷ ২৬ ডিচেম্বৰত গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ সুৰেশ কুমাৰ আগৰৱালা নামৰ লোকজন এপ’ল’ হাস্পতালত মৃত্যু হোৱা বুলি মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্তই নিজহাতে স্বাক্ষৰ কৰিছিল প্ৰমাণ-পত্ৰত৷ আনহাতে চলিত বৰ্ষৰ জানুৱাৰী মাহত ৫ জন, ফেব্ৰুৱাৰী মাহত ৫ জন, মাৰ্চ মাহত ৪ জন আৰু এপ্ৰিল মাহত এই পৰ্যন্ত ৬ জনৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ এইসকল ৰোগী পোষ্ট ক’ভিডজনিত কাৰণত মৃত্যু হোৱা নাছিল৷  তেওঁলোক ক’ভিডত আক্ৰান্ত হৈ বিভিন্ন ৰোগৰ বাবেহে মৃত্যু হৈছিল৷ আনহাতে মৃতকৰ তথ্য নিৰীক্ষণ কৰিলে ৰাজ্যত ক’ভিডত নৱেম্বৰ মাহত ৫১ জন, ডিচেম্বৰ মাহত ৬৪ জন, জানুৱাৰী মাহত ৩৭ জন, ফেব্ৰুৱাৰী মাহত ১০ জন, মাৰ্চ মাহত ১৩ জন আৰু এপ্ৰিল মাহত বৰ্তমানলৈ ২৪ জন লোকৰ মৃত্যু হৈছে৷ অৰ্থাৎ যিসময়ত স্বয়ং মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী ক’ভিডৰ বাবে কোনো শংকা নাই বুলি ৰাইজক প্ৰৰোচনা কৰি নিৰ্বাচনী প্ৰচাৰ সভাত সমৰ্থকৰ সৈতে চেলফি তোলাত ব্যস্ত আছিল, সেই সময়ত ক’ভিডত আক্ৰান্ত হৈ বহুতেই মৃত্যুক আকোৱালি লৈছিল৷ স্বাভাৱিকতেই প্ৰশ্ন হয়, নিৰ্বাচনৰ ভৰপক সময়ত এনে মৃত্যুৰ পাছতো কিয় ক’ভিড নিয়ন্ত্ৰণাধীন বুলি প্ৰচাৰ চলোৱা হ’ল? নিৰ্বাচনী প্ৰচাৰ সভাত সমৰ্থক-কৰ্মীৰ উপস্থিতি তথা ভিৰক লৈ কিয় প্ৰতিযোগিতা কৰা হ’ল? সামাজিক দূৰত্ব বিধি আৰু মাস্ক পিন্ধাৰ প্ৰয়োজন নাই বুলি সৰ্বধাৰণক বিপদৰ মুকলি ঠেলি দিয়া হ’ল কিয়? যাৰ পৰিণাম এতিয়া ভোগ কৰিবলগীয়া হৈছে ৰাজ্যবাসীয়ে ৷ নিৰ্বাচন আয়োগৰ ক’ভিড বিধি মানি নচলাৰ বাবেই কুফলৰ ভাৰ ল’ব লগা হৈছে অসমৰ ৰাইজে৷ ইয়াৰ পাছতো শনিবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানুৱাৰীত অসমত ক’ভিড নাছিল বুলি সংবাদ মেলত পুনৰ মিথ্যাচাৰত লিপ্ত হোৱা দেখা গ’ল৷ জানুৱাৰীত গুৱাহাটীতে ক’ভিডত ৬ জন লোকৰ মৃত্যু হৈছে৷ এই মৃত্যু পোষ্ট ক’ভিডত আক্ৰান্তৰ নহয়৷ কিয়নো বিগত ১৩ জানুৱাৰীত জি এম চি এইচত কাহিলীপাৰাৰ মিঠুন ঘোষ [৩৬] নামৰ লোকজনৰ ক’ভিডত মৃত্যু হোৱা বুলি কামৰূপ মহানগৰ জিলা উপায়ুক্তই প্ৰমাণপত্ৰতস্বাক্ষৰ কৰি ভূতনাথ শ্মশানত সৎকাৰৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল৷ আনকি স্বাস্থ্যমন্ত্ৰীয়ে অতি হাস্যকৰভাৱে ৩ এপ্ৰিলৰ পাছতহে অৰ্থাৎ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰচাৰ অন্ত পৰাৰ পাছত অসমত ক’ভিডৰ সংক্ৰমণ আৰম্ভ হোৱা বুলিও উদ্ভট বক্তব্য প্ৰদান কৰিছে৷ কিয়নো ৩ এপ্ৰিলৰ পূৰ্বে প্ৰতিদিনাই ক’ভিড আক্ৰান্তৰ তথ্য ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে ৰাজহুৱা কৰি অহা দেখা গৈছিল৷ খোদ দায়িত্বশীল মন্ত্ৰীয়েই মিথ্যাচাৰত লিপ্ত হৈ ক’ভিড নাই বুলি প্ৰচাৰ চলোৱাৰ পাছত পৰিমাণ ভংয়কৰ হোৱাৰ দিশে গতি কৰাত শেহতীয়াকৈ সুৰ সলনি কৰিবলৈও বাধ্য হৈ পৰিছে৷ যাৰ বাবে মন্ত্ৰীয়েই নহয়, চৰকাৰ, প্ৰশাসন তথা স্বাস্থ্য বিভাগকো ক’ভিড সংক্ৰামণক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে৷