Logo
image

জুনত ভয়ংকৰ ৰূপ ল’ব কৰ’নাই

আমাৰ অসম, ১৮ এপ্ৰিলঃ অহা জুন মাহৰ প্ৰথম সপ্তাহলৈকে কৰ’নাই ভয়ংকৰ ৰূপ ধাৰণ কৰিব৷ শেহতীয়া এক সমীক্ষাৰ প্ৰতিবেদনত এই আশংকা কৰা হৈছে৷ উল্লেখ্য যে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ কৰ’নাই এতিয়া কাৰ্যতঃ মৃত্যু মিছিলৰ সৃষ্টি কৰিছে৷ সমীক্ষাটোৰ মতে বিগত দহদিনত ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যা দুগুণ হোৱা পৰিলক্ষিত হৈছে৷ যোৱা ফেব্ৰুৱাৰী মাহত ভাৰতত দৈনিক দহ হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছিল৷ কিন্তু মাৰ্চ মাহত এই সংখ্যা দৈনিক আশী হাজাৰ হয়৷ ইয়াৰ পূৰ্বে কৰ’নাত আক্ৰান্ত হোৱা এই সংখ্যা দেখা গৈছিল বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত৷ চলিত বৰ্ষৰ প্ৰথম অৱস্থাত কৰ’নাত মৃত্যুৰ হাৰ আছিল ০.৮৭ শতাংশ৷ দ্বিতীয় ঢৌৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰাত অহা জুন মাহৰ প্ৰথম সপ্তাহত দেশৰ কৰ’না পৰিস্থিতি আৰু ভয়ংকৰ হৈ উঠাৰ আশংকা কৰা হৈছে৷ সমীক্ষাটোৰ মতে বিগত দিনসমূহৰ পৰিসংখ্যালৈ চাই জুনৰ প্ৰথম সপ্তাহত ভাৰতত কৰ’নাত মৃত্যুৰ সংখ্যা ২,৩০০ৰো অধিক হোৱাৰ আশংকা আছে৷ এনে পৰিস্থিতিত এতিয়া সকলোৰে বাবে ভেক্‌চিনৰ প্ৰয়োজন আহি পৰিছে বুলি উল্লেখ কৰা হৈছে সমীক্ষাটোৰ প্ৰতিবেদনত৷