Logo
image

কৰ’নাৰ ছুপাৰ স্প্ৰেডাৰ কোন

আমাৰ অসম, ১৮ এপ্ৰিলঃ কৰ’নাৰ ছুপাৰ স্প্ৰেডাৰ কোন? নিৰ্বাচনী প্ৰচাৰ নে বিমান ৰে’ল ষ্টেচন৷ ইয়াৰ ব্যাখ্যা আগবঢ়ালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷  শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এক সংবাদমেলত মন্ত্ৰী ড॰ শৰ্মাই কয় যে ৰাজ্যত শেহতীয়াকৈ ইউ কে ষ্ট্ৰেইনৰ অতি দ্ৰুতগতিত সোঁচৰা ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে৷ ক’ভিডৰ এই ষ্ট্ৰেইনটো অত্যন্ত পাতল আৰু ই বতাহত সহজে চলা-ফিৰা কৰিব পাৰে৷ মন্ত্ৰীগৰাকীৰ দাবী অসমৰ ৯০ শতাংশ অঞ্চলতে ক’ভিড নাই৷  ৰাজ্যৰ বাহিৰৰ পৰা ৰে’ল বিমানেৰে অহা মানুহৰ দেহতহে এই নতুন ষ্ট্ৰেইনৰ ক’ভিড পোৱা গৈছে৷ নিৰ্বাচনী প্ৰচাৰ সভা আৰু  ক’ভিডৰ সংক্ৰমণৰ কোনো সম্পৰ্ক স্থাপন কৰিব পৰা নাযায়৷  ক’ভিডৰ সংক্ৰমণৰ সৈতে ৰে’ল-বিমানেৰে অহা লোকৰহে সম্পৰ্ক স্থাপন হয়৷ যিসমূহ স্থানত বৃহৎ বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হৈছিল তাত ক’তো ক’ভিড ৰোগী ধৰা পৰা নাই৷ প্ৰসংগক্ৰমে মন্ত্ৰীজনে বিজনী, নাজিৰা, সোণাৰি আদি স্থানৰ কথা উল্লেখ কৰে৷ তথ্যসহ মন্ত্ৰীজনে কয় যে ৩ এপ্ৰিলৰ পৰাহে অসমত নতুনকৈ ক’ভিড ৰোগীৰ সংখ্যা বাঢ়িছে৷ ২০ৰ পৰা ২৬ মাৰ্চলৈ প্ৰতিদিনে ৩৬ টা ক’ভিড ৰোগী ধৰা পৰাৰ বিপৰীতে ২৭ৰ পৰা ২ এপ্ৰিললৈ ৫১টা ক’ভিড ৰোগী ধৰা পৰিছিল৷ আনহাতে ৩ৰ পৰা ৯ এপ্ৰিললৈ ১৪৩ টা, ১০ৰ পৰা ১৬ এপ্ৰিললৈ প্ৰতিদিনে ৪৮৪ টাকৈ ক’ভিড ৰোগী ধৰা পৰিছে৷  ২০ৰ পৰা ২৬ মাৰ্চলৈকে ১৩ হাজাৰ, ২৭ৰ পৰা ২ এপ্ৰিললৈ ১০ হাজাৰ, ৩ৰ পৰা ৯ এপ্ৰিললৈ ১৭ হাজাৰ আৰু ১০ৰ পৰা ১৬ এপ্ৰিললৈ ৫৪ হাজাৰ ক’ভিড টেষ্ট কৰা হৈছিল৷ ৰাজ্যত সম্প্ৰতি ৩,২৫৮ জন ক’ভিড ৰোগী ঘৰতে থকাৰ বিপৰীতে ৮১১ জন ক’ভিড ৰোগী হাস্পতালত চিকিৎসাধীন হৈ আছে৷ সম্প্ৰতি  অক্সিজেন বেড, আই চি ইউ, ভেণ্টিলেশ্বন, ৰেমডেছিভিৰ ইঞ্জেকচনকে ধৰি ক’ভিডৰ মোকাবিলা কৰিব পৰা সকলো ধৰণৰ ঔষধপাতি তথা আন্তঃগাঁথনি মজুত আছে৷ বিমান বন্দৰ তথা ৰে’ল ষ্টেচনসমূহত যাত্ৰীয়ে বাহিৰৰ পৰা লৈ অহা ক’ভিড ৰিপ’ৰ্ট গ্ৰাহ্য কৰা নহ’ব৷ ৰে’ল-বিমানেৰে বাহিৰৰ পৰা যাত্ৰীসকলে নতুনকৈ ক’ভিডৰ আৰ টি পি চি আৰ টেষ্ট কৰিব লাগিব৷ ক’ভিড পৰিস্থিতিৰ বাবে বিবাহ-সবাহ আদি সামাজিক কাৰ্যসূচী বন্ধ নহয়৷

যোৰহাটত এদিনতে ১৮জন আক্ৰান্ত

যোৰহাট জিলাত ক’ভিড বীজাণু সক্ৰিয় হৈ থকা লোকৰ সংখ্যা ১৫৮জনলৈ বৃদ্ধি পাইছে৷ এনে পৰিপ্ৰেক্ষিতত জিলাখনৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ আজি জিলাখনত নতুনকৈ ১৮জন লোকৰ শৰীৰত ক’ভিড বীজাণু ধৰা পৰে৷ উল্লেখ্য, এপ্ৰিল মাহত এই পৰ্যন্ত ২০৬জন লোকৰ শৰীৰলৈ ক’ভিড বীজাণু সংক্ৰমিত হৈছে৷ এনেদৰে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লগতে সৰ্বসাধাৰণ ৰাইজ উদ্বিগ্ন হৈ পৰিছে৷ ইফালে শনিবাৰে স্বাস্থ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যিসমূহ জিলাত ১০০জনৰ অধিক ক’ভিড ৰোগী আছে সেইসমূহ জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহ জিলা উপায়ুক্তই বন্ধ ঘোষণা কৰিব বুলি প্ৰকাশ কৰে৷ এনে পৰিপ্ৰেক্ষিতত ১৫৮জন ক’ভিড ৰোগী থকা যোৰহাট জিলাত প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ হ’ব বুলি জিলাখনৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিয়ে প্ৰকাশ কৰিছে৷ অৱশ্যে এই ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশনাৰ বাবে অপেক্ষা কৰি থকা হৈছে বুলি উপায়ুক্তগৰাকীয়ে লগতে জানিবলৈ দিয়ে৷ সেয়ে শিক্ষা বিভাগৰ নিৰ্দেশনা পালেই জিলাখনৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ হৈ পৰিব৷ ক’ভিড পৰিস্থিতিত অভিভাৱকসকল উদ্বিগ্ন হৈ থকাৰ মাজতে এপ্ৰিলৰ প্ৰথম ভাগৰ পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাত সন্তানৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতিও লক্ষ্য ৰাখি অভিভাৱসকলে সন্তানক বিদ্যালয়লৈ পথিয়াবলৈ আৰম্ভ কৰিছিল৷ অৱশ্যে ব্যক্তিগত খণ্ডৰ একাংশ বিদ্যালয় আজি পৰ্যন্ত পাঠদান আৰম্ভ হোৱা নাই৷ দুই-এদিনতে এই বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ প্ৰস্তুতি চলোৱা হৈছিল৷ তাৰ মাজতে প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ হোৱাৰ সম্ভাৱনাই কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনত প্ৰভাৱ পেলাব বুলি আশংকাৰ সৃষ্টি হৈছে৷

কাজিৰঙাত পুনৰ দুই পৰ্যটক আক্ৰান্ত

সমগ্ৰ বিশ্বৰ লগতে কাজিৰঙাতো মহামাৰী ক’ভিডে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দুজন পৰ্যটক পুনৰ ক’ভিড ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে৷  কাজিৰঙাৰ কঁহৰাৰ এখন ব্যক্তিগত পৰ্যটন নিবাস ‘‘কাজিৰঙা হলিডে’ত” থকা পৰ্যটকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে৷ পুনেৰ পৰা অহা জ্জ্ব জনীয়া পৰ্যটকৰ দলটোৰ দুজনৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে৷ জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যে কালি নিশা আঠজনীয়া পুনেৰ পৰ্যটকৰ দল এটা মেঘালয় ভ্ৰমণ কৰি কাজিৰঙাত উপস্থিত হৈছিল৷ শুকুৰবাৰে নিশা কঁহৰাত অৱস্থিত ব্যক্তিগত পৰ্যটন নিবাসত ৰাত্ৰি যাপন কৰি শনিবাৰে পাছবেলা পৰ্যটকৰ দলটোৱে ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী কৰাৰ কথা আছিল যদিও ক’ভিড পৰীক্ষাত দলটোৰ দুগৰাকী মহিলা পৰ্যটকৰ দেহত ক’ভিড ৰোগৰ বীজাণু ধৰা পৰাত সকলো উলট-পালট হৈ পৰে৷ জানিব পৰা মতে, আঠজনীয়া পৰ্যটকৰ দলটোৱে আজি কঁহৰা আদৰ্শ চিকিৎসালয়ত ক’ভিড পৰীক্ষা কৰোৱাত পুনে নিবাসী গৌৰী শ্বাইকে [৩১] আৰু প্ৰিয়ংকা পালাৰকাৰৰ [ ২৫ ]দেহত ক’ভিড ৰোগৰ বীজাণু ধৰা পৰে৷ ইতিমধ্যে দুয়োজন পৰ্যটকক গোলাঘাটস্থিত ক’ভিড হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ ইফালে পৰ্যটকৰ দলটোৰ আন ৬জন পৰ্যটকৰ ক’ভিড টেষ্টৰ ফলাফল নিগেটিভ বুলি চিকিৎসকে জানিবলৈ দিছে৷ উল্লেখ্য, আজি ক’ভিড পজিটিভ ধৰা পৰা দুজন পৰ্যটকক লৈ এতিয়ালৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পাঁচজন পৰ্যটক আৰু তিনিজন পৰ্যটন নিবাসৰ কৰ্মীক লৈ মুঠ আঠজন লোক ক’ভিড ৰোগত আক্ৰান্ত হৈছে৷ তথ্যৰ পৰা জানিব পৰা মতে, ইয়াৰ পূৰ্বে কাজিৰঙাৰ কঁহৰাত অৱস্থিত ব্যক্তিগত ফ্লু’লৰিকান পৰ্যটন নিবাসত বাহৰ পাতি থকা বেংগালুৰুৰ মহিলাসহ তিনিজন ইয়াৰ পাছত কঁহৰাৰ বগৰীজুৰিত অৱস্থিত টি জি পৰ্যটন নিবাসৰ দুজন, ডি আৰ ডি অতিথি গৃহৰ এজন কৰ্মচাৰী আৰু আজি পুনৰ পুনেৰ দুজন পৰ্যটক ক’ভিড ৰোগত আক্ৰান্ত হোৱা বাতৰিয়ে কাজিৰঙা অঞ্চলত শংকিত কৰিছে স্থানীয় ৰাইজক৷ 

শিৱসাগৰত ২৪ ঘণ্টাত ৯জন আক্ৰান্ত

ৰাজ্যৰ আন স্থানৰ লগতে শিৱসাগৰতো ক্ৰমাৎ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা৷ বিগত এটা পষেকত দৈনিক জিলাখনত এনে আক্ৰান্তৰ সংখ্যা দুজন বা তিনিজন চিনাক্ত হৈছিল যদিও শেহতীয়াকৈ আজিৰ দিনটোত হঠাৎ জিলাখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ঘটনাই সাধাৰণ ৰাইজক চিন্তিত কৰি তুলিছে৷ শিৱসাগৰ জিলা স্বাস্থ্য বিভাগে আজি সন্ধিয়া সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰা মতে, আজিৰ দিনটোত মুঠ ৯জনকৈ ব্যক্তি চিনাক্ত হৈছে৷ আক্ৰান্তসকলৰ দুজন শিৱসাগৰ পুলিচ ৰিজাৰ্ভৰ৷ দুয়োজন আৰক্ষীৰ জোৱানে শেহতীয়াকৈ নিৰ্বাচনী কৰ্তব্য সামৰি শিৱসাগৰলৈ ঘূৰি আহিছিল৷ আজিৰ দিনটোত শিৱসাগৰ পুৰণি চিভিল হাস্পতালৰ ৰেপিড এণ্টিজেন পৰীক্ষণ কেন্দ্ৰত মুঠ ১৭৫জনৰ পৰীক্ষা কৰা হয় যদিও মাত্ৰ এজন পুৰুষ চিনাক্ত হয়৷ নাজিৰাৰ ৰেপিড এণ্টিজেন পৰীক্ষণ কেন্দ্ৰত দুজন, শিৱসাগৰ চিভিল হাস্পতালৰ ৰেপিড এণ্টিজেন পৰীক্ষণ কেন্দ্ৰত ৪জন আক্ৰান্ত চিনাক্ত হয়৷ জিলাখনত আজিৰ দিনটোত মুঠ আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৷ কালিলৈকে শিৱসাগৰ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা আছিল ৪৭৷ আজি আক্ৰান্ত ৯জনকে ধৰি জিলাখনত ক’ভিডৰ দ্বিতীয়টো ঢৌত মুঠ আক্ৰান্তৰ সংখ্যাই আজি সন্ধিয়া ৫৬ সংখ্যা স্পৰ্শ কৰিলে৷ ইফালে ক্ৰমাৎ অধিক জটিলতাৰ দিশলৈ গতি কৰা জিলাখনৰ লগতে শিৱসাগৰ চহৰতো মাস্ক পৰিধান নকৰা, সামাজিক দূৰত্ব নমনা ব্যক্তিৰ সমাৱেশ অধিক পৰিলক্ষিত হৈছে৷ অথচ ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰা বলবৎ থকাৰ পাছতো কেনেদৰে একাংশ নাগৰিকে ভাৰতীয় দণ্ডবিধি আইনক ভৰিৰে মোহাৰি ক’ভিডক নিমন্ত্ৰণ জনাই আহিছে তাক লৈ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

লামডিঙত বহিঃৰাজ্যৰ পৰা অহা ৫ শ্ৰমিকৰ দেহত কৰ’না

কৰ’নাৰ হটস্পট হৈ পৰিছে ৰে’লনগৰী লামডিঙ৷ চহৰখনত দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা৷ আজি লামডিঙৰ অনিকা হোটেলত নতুনকৈ ৫ জনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ এইসকল বহিঃৰাজ্যৰ পৰা নিৰ্মাণ কোম্পানীত কাম কৰিবলৈ অহা শ্ৰমিক বুলি হোজাই জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে৷ শ্ৰমিককেইজন হৈছে চি সত্যনাৰায়ণ, পূৰ্ণদীপ ৰায়, সুশান্ত ৰায়, শম্ভু ৰায়, , পীয়ূষ চৌধুৰী৷ আজিৰ দিনটোত ক’ভিড পজিটিভ হোৱা অন্য তিনিজন হ’ল লামডিং ৰে’লৱে হাইস্কুলৰ শিক্ষক তপন কুমাৰ দে, ৰতেশ্বৰ দাস, আৰু পান্নালাল ৰয়৷ উল্লেখ্য, লামডিঙৰ ৰে’লৱে হাইস্কুলৰ শিক্ষক নাৰায়ণ সিং চৰ্দাৰ নিৰ্বাচনী কৰ্মত নিয়োজিত হৈ আছিল৷ তেওঁৰ দেহত প্ৰথম ক’ভিডৰ লক্ষণ ধৰা পৰাৰ পাছত তেওঁৰ পৰিয়ালৰ পূজা সিং চৰ্দাৰ, আযুশ সিং চৰ্দাৰ আৰু আনিশা সিং চৰ্দাৰসহ মুঠ চাৰিজনৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ বিদ্যালয়খনৰ পংকজ আইজ নামৰ কৰ্মচাৰীজনৰো দেহত ক’ভিড ধৰা পৰাত এতিয়া লামডিং ৰে’লৱে হাইস্কুলৰ ৯০ শতাংশ কৰ্মচাৰীৰ দেহতেই কৰ’না ধৰা পৰিছে বুলি স্বাস্থ্য বিভাগে সদৰি কৰিছে৷ লামডিঙৰ মুঠ ১৪টা স্থানত মাইক্ৰ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ হোজাই জিলা প্ৰশাসনে, অনিকা হোটেল, লামডিং ছাউথ হিল কলনী, লামডিং লোক কলনী, ইঞ্জিনিয়াৰিং কলনী, ৰে’লৱে হাইস্কুল আদি অঞ্চলক মাইক্ৰ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ বৰ্তমানলৈকে লামডিঙত ৬২জনৰ দেহত কৰ’না সংক্ৰমণ ধৰা পৰিছে বুলি স্বাস্থ্য বিভাগৰ এক সূত্ৰত প্ৰকাশ৷ ইফালে আতংকিত হৈ পৰিছে লামডিংবাসী৷ কৰ’নাৰ দ্ৰুত সংক্ৰমণৰ ফালে চাই জিলা প্ৰশাসনে লামডিঙত কাৰ্ফিউ লগোৱাৰ বিষয়ে আলোচনা অব্যাহত ৰাখিছে৷ জানিব পৰা মতে, শুকুৰবাৰে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ আমোলাৰ উপস্থিতিত হোজাইৰ উপায়ুক্তৰ কাৰ্যালয়ত এই বিষয়ে এক পৰ্যালোচনা সভাৰ আয়োজন কৰা হৈছিল৷ অৱশ্যে কাৰ্ফিউ লগোৱা সন্দৰ্ভত প্ৰশাসনৰ ফালৰ পৰা কোনো আনুষ্ঠানিক জাননী এই বাতৰি যুগুতোৱা পৰলৈকে প্ৰকাশ কৰা হোৱা নাই৷

কলিয়াবৰত আৰু দুজন পজিটিভ

কলিয়াবৰত আজি আৰু দুজন ক’ভিড পজিটিভ ধৰা পৰাৰ কথা পোহৰলৈ আহিছে৷ এগৰাকী বহিঃৰাজ্যৰ পৰা অহা মহিলাও আছে৷ জানিব পৰা মতে, আজি পুৱাই ৰাজ্যৰাণী এক্সপ্ৰেছ ট্ৰেইনত অহা এগৰাকী মহিলা যাত্ৰীৰ দেহত ক’ভিড পজিটিভ হিচাপে চিনাক্ত কৰা হয়৷ শিলঘাট ৰে’ল ষ্টেচনত স্বাস্থ্য বিভাগে কৰা পৰীক্ষাৰ বিষয়টো পোহৰলৈ আহিছে৷ ক’ভিড পজিটিভ চিনাক্ত মনিষা বাউৰীয়া নামৰ ২৬ বছৰীয়া মহিলাগৰাকীৰ ঘৰ ৰাজস্থানত৷ ইতিমধ্যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা মহিলাগৰাকীক ক’ভিড কেয়াৰ চেণ্টাৰলৈ নিয়াৰ প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে৷ আনহাতে, জখলাবন্ধা চিকিৎসালয়ত কৰি থকা ৰেপিড টেষ্টত আজি আন এজনৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰে৷ তেওঁৰ নাম চিকনি বৰহোলাৰ নবি হুছেইন৷ এই লৈ কলিয়াবৰত দ্বিতীয়টো ঢৌত ক’ভিড পজিটিভৰ সংখ্যা ১০জনলৈ বৃদ্ধি পালে৷

শিমলুগুৰিৰ মহিলাৰ মৃত্যু, শিক্ষক আক্ৰান্ত

দেশ তথা ৰাজ্যত  দ্বিতীয়বাৰ ক’ভিড-১৯ সংক্ৰমণে ব্যাপক ৰূপ লোৱাৰ সময়তে যোৱা কালি লখিমপুৰ জিলাৰ শিমলুগুৰিৰ বালিকুচি গাঁৱৰ এগৰাকী মহিলা ক’ভিড-১৯ত আক্ৰান্ত হৈ ডিব্ৰুগড. মেডিকেল কলেজ হাস্পতালত মৃতু্য হয়৷ মৃত ৰুণু দাস [৩৫] নামৰ মহিলাগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হৈ হাস্পতালখনত চিকিৎসাধীন হৈ আছিল৷ আনহাতে, আজি শিমলুগুৰিৰ ঔগুৰিৰ তৰুণ নাজাৰ্ৰী নামৰ এজন শিক্ষকৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰে৷ শিক্ষকজন বৰ্তমান হোম কোৱাৰেণ্টাইনত আছে৷ যোৱা দুদিন ধৰি শিক্ষক নাজাৰ্ৰী তীব্ৰ জ্বৰত আক্ৰান্ত হৈ থকাৰ পাছত আজি শিমলুগুৰি সাহায্যকাৰী চিকিৎসালয়ত ক’ভিড টেষ্ট কৰাত শৰীৰত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰে৷

মেৰাপানীত পুনৰ দুজন আক্ৰান্ত

কৰ’নাৰ দ্বিতীয় লহৰে দেশজুৰি সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতিৰ মাজতেই অসম নগাৰাজ্যৰ সীমান্তৰ মেৰাপানীতো দুজন ক’ভিড আক্ৰান্ত ৰোগী চিনাক্ত হৈছে৷ মেৰাপানী সমূহীয়া চিকিৎসালয়ত  আজি ক’ভিড পৰীক্ষণ কৰোঁতে দুজনৰ শৰীৰত ক’ভিড পজিটিভ নিশ্চিত হয়৷ চাওদাংপথাৰ মেৰাচুকৰ  এগৰাকী গৰ্ভৱতী মহিলাৰ লগতে তেওঁৰ স্বামী জনৈক গগৈয়ো ক’ভিড আক্ৰান্ত বুলি চিকিৎসালয়ৰ সূত্ৰৰ পৰা জানিব পৰা হৈছে৷ উল্লেখ্য যে, আক্ৰান্ত পুৰুষজন দহদিনৰ পূৰ্বে  বেংগালুৰুৰ পৰা আহিছিল৷  আজি গৰ্ভৱতী পত্নীসহ দুয়ো মেৰাপানী চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোঁতে দুয়োৰে দেহত ক’ভিড ধৰা পৰে৷ চিকিৎসকসকলে দুয়োজনৰে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে৷

মানকাচৰত দুদিনত পাঁচজন পজিটিভ

দক্ষিণ শালমাৰাৰ-মানকাচৰ জিলাত পুনৰ  দুজন লোক কৰ’নাত আক্ৰান্ত হৈছে৷ জানিব পৰা মতে, মানকাচৰ আৰক্ষী থানৰ অন্তৰ্গত বুছাকাটা গাঁৱৰ যুৱক দুজন যোৱা ১৫ দিন আগতে গুজৰাটৰ পৰা ঘৰলৈ উভতি আহিছিল৷ মানকাচৰৰ বুছাকাটা গাঁৱৰ ছফিকুল ইছলাম [১৮] আৰু ৰকিফুল ইছলাম [১৯] নামৰ যুৱকদ্বয়ে গুজৰাটৰ পৰা উভতি অহাৰ পাছৰে পৰা জ্বৰত ভুগিছিল৷ পাছত   গজাৰীকান্দী চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাত দুয়োজন কৰ’নাত আক্ৰান্ত হোৱা বুলি চিকিৎসকে চিনাক্তকৰণ কৰে৷ তাৰ পাছত চিকিৎসকে  দুয়োকে হোম কোৱাৰেণ্টাইনলৈ  প্ৰেৰণ কৰে৷ ইপিনে যোৱা কালি দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাৰ  একেটা পৰিয়ালৰ তিনিজন লোক ক’ভিড-১৯ পজিটিভত আক্ৰান্ত  হোৱা বুলি চিকিৎসকে সদৰি কৰিছে৷ জানিব পৰা মতে, মানকাচৰৰ মোশালডাংগা গাঁৱৰ  নৰুজ্জামাল শ্বেখ আৰু   তেওঁৰ পত্নী হালিমা খাতুন আৰু  জ্ঝ বছৰীয়া ছোৱালী  ৰেণুকা পাৰভিন ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হয়৷  কালি  গজাৰীকান্দী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত  ক’ভিড-১৯ পৰীক্ষা কৰাত তিনিজনৰ শৰীৰত ক’ভিড-১৯ পজিটিভত আক্ৰান্ত বুলি চিনাক্তকৰণ হয়৷ বৰ্তমান তিনিওজনকে হোম কোৱাৰেণ্টাইনত  ৰখা হৈছে৷ এতিয়ালৈ জিলাখনত পাঁচজন লোক ক’ভিড-১৯ পজিটিভ  আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে৷

ৰঙাপৰাত তিনিজনৰ দেহত ক’ভিড সংক্ৰমণ

দ্বিতীয় পৰ্যায়ৰ ক’ভিডে ৰাজ্যৰ লগতে শোণিতপুৰ জিলাখনতো ভয়াৱহভাৱে সংক্ৰমণ ঘটাত ৰাইজৰ মাজত ব্যপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আজি জিলাখনৰ ৰঙাপৰা প্ৰাথমিক চিকিৎসালয়ত ক’ভিড পৰীক্ষা কেন্দ্ৰত পৰীক্ষা কৰাত তিনিজনকৈ লোকৰ দেহত  ক’ভিড পজিটিভ চিনাক্ত হয় ইয়াৰে এগৰাকী ৫৪ বছৰীয়া মহিলা আৰু দুজন পুৰুষ৷ এজনৰ বয়স ৪৭ বছৰ আৰু আনজনৰ বয়স ৩০ বছৰ৷ ইতিমধ্যে পুৰুষ দুজনক ডেকাৰগাঁও ক’ভিড  চিকিৎসালয়লৈ লৈ যোৱা হয়৷ ৫৪বছৰীয়া মহিলাগৰাকীক বৰ্তমান নিজা ঘৰতে ৯ দিনৰ বাবে  হোম আইছ’লেশ্বনত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷

কাৰ্বি আংলং জিলাত পুনৰ ১২জন পজিটিভ

কাৰ্বি আংলং জিলাত আজিৰ দিনটোত ১২জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ ডিফু মেডিকেল কলেজৰ পৰা প্ৰকাশ পোৱা তালিকাত এই তথ্য প্ৰকাশ পাইছে৷ উল্লেখ্য যে, বিগত কিছুদিন ধৰি কাৰ্বি আংলং জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা৷ আজি প্ৰকাশ পোৱা তালিকাত কিছু সংখ্যকৰ ভ্ৰমণ বৃত্তান্ত আছে যদিও কিছু সংখ্যকৰ ভ্ৰমণ বৃত্তান্ত নাই বুলি জানিব পৰা গৈছে৷ জিলাখনত বৰ্তমান ৬৬টা সক্ৰিয় কেচ থকা বুলি জানিব পৰা গৈছে৷

শুৱালকুছিত এজনৰ মৃত্যু, আঠজন আক্ৰান্ত

ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাই অহা মহামাৰী ক’ভিডৰ দ্বিতীয় ইনিংছত আজি শুৱালকুছিৰ এজন লোকৰ মৃত্যু হয়৷ মৃত্যু হোৱা লোকজনৰ নাম খনিন কলিতা [৬৯]৷ ঘটনাৰ বিৱৰণ অনুসৰি উক্ত লোকজনৰ পৰিয়ালে কালি শুৱালকুছি খণ্ড প্ৰাথমিক চিকিৎসালয়ত ক’ভিড পৰীক্ষা কৰিছিল৷ পৰীক্ষাত পিতৃ খনিন কলিতা আৰু ডাঙৰ পুত্ৰৰ ক’ভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে বাকী পৰিয়ালৰ নিগেটিভ ফলাফল ওলায়৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী খনিন কলিতাক জি এম চিৰ ক’ভিড হাস্পতালত চিকিৎসা কৰে যদিও আজি তেওঁৰ মৃত্যু হয়৷ অৱশ্যে খনিন কলিতা দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগতো আক্ৰান্ত হৈ আছিল৷ আনহাতে, শুৱালকুছি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা সংবাদ মাধ্যমক জনোৱা অনুসৰি আজি শুৱালকুছিত আৰু আঠজন ক’ভিড পজিটিভ ৰোগী ধৰা পৰে৷ সেইসকল ক্ৰমে দুই নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মনোৰঞ্জন দাস বংশৰ, মঞ্জু কাকতি শুৱালকুছি, কন্দৰ্প দাস বামুন্দী শিলগুৰী, নৱজ্যোতি দাস হালোগাঁও, ৰূপেশ্বৰ দাস হালোগাঁও, ঈষাণী কাকতি শুৱালকুছি, কৈলাস শৰ্মা শুৱালকুছি আৰু নগেন্দ্ৰ নাথ কাকতি শুৱালকুছি৷ আক্ৰান্ত সকলোকে হোম আইছ’লেশ্বনত ৰাখিছে৷

বিশ্বনাথত পুনৰ ৯জন পজিটিভ

বিশ্বনাথত পুনৰ ৯ জনৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে৷ ৰেপিড এণ্টিজেন টেষ্টত এওঁলোকৰ দেহত  ক’ভিড পজিটিভ পোৱা গৈছে৷ ব্যক্তিকেইজন হৈছে নীলপুৰ চাহ বাগিচাৰ ৪নং লাইনৰ অজুৰ্ন ওৰাং, গলিয়াৰ জ্যোতি লামা, বৌ বজাৰৰ চান্দিনী দেৱী, গাংমৌথানৰ দীপালী গোৱলা, পানী ভড়ালৰ  ভাৰ্গৱ বৰুৱা, ২ নং পেটুলিবাৰীৰ সন্তুষ বৈশাখ, মধুপুৰৰ পৰিস্মিতা বৰা আৰু অৰ্ভিকা মেধি, বাঘমাৰীৰ অজয় কুমাৰ ঝা৷ আটাইকেইজন ক’ভিড পজিটিভক হোম আইছ’লেশ্বন কৰা হৈছে৷

বটদ্ৰৱাৰ হাতীযুঁজোৱা গাঁৱত এজন আক্ৰান্ত

নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী হাতীযুঁজোৱা গাঁৱৰ এজন লোকৰ দেহত  কৰ’না ধৰা পৰে ৷ ব্যক্তিজনৰ নাম আব্দুল মজিদ৷ ৬২বছৰীয়া ব্যক্তিজন বিগত কিছুদিন ধৰি ভৰিৰ বিষ অনুভৱ কৰাত বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে আহে৷ শনিবাৰে তেওঁৰ ক’ভিড পৰীক্ষা কৰাত পজিটিভ বুলি চিনাক্ত কৰা হয়৷ বৰ্তমান ব্যক্তিজন চিকিৎসকৰ পৰামৰ্শ মতে হোম কোৱাৰেণ্টাইনত ৰখা হয়৷

নগাঁৱত আক্ৰান্তৰ সংখ্যা ১৫৮জনলৈ বৃদ্ধি

ক’ভিডৰ দ্বিতীয়টো ঢৌত নগাঁও জিলাত আক্ৰান্তৰ সংখ্যা ১৫৮জন হৈছে৷ বিগত মাত্ৰ ১৭টা দিনত ক’ভিড আক্ৰান্তৰ সংখ্যা ডেৰশ পাৰ হোৱাত জিলাবাসী শংকিত হৈ পৰিছে৷ আজি জিলাখনৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰৰ লগতে বিভিন্ন স্থানত স্বাস্থ্য বিভাগৰ দলে ক’ভিড টেষ্ট কৰে৷ আজি সৰ্বমুঠ ২৯২ জন লোকৰ ক’ভিড টেষ্ট কৰা হয়৷ ইয়াৰ ভিতৰত ৩২জন লোক ক’ভিড পজিটিভ চিনাক্ত হয়৷ ইয়াৰে এজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত ভৰ্তি কৰা হৈছে৷ আনসকলক নিজ গৃহতে আছুতীয়াভাৱে পৰ্যৱেক্ষণত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ আজি আক্ৰান্ত বুলি চিনাক্তসকলৰ ভিতৰত অধিকাংশই নগাঁও চহৰৰ৷ জানিব পৰা মতে, স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুযায়ী জিলাখনত দৈনিক পাঁচ হাজাৰৰো অধিক লোকৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে৷ নগাঁৱত বৰ্তমান ক’ভিড আক্ৰান্তৰ অধিকাংশৰে নাই কোনো ভ্ৰমণ ইতিহাস৷ নগাঁৱত পূৰ্বৰে পৰা কৰ’না বীজাণু থকা বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰে৷ জিলাখনত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত শনিবাৰে জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ জিলাখনত পুনৰ ক’ভিড হাস্পতাল মুকলিৰ বিষয়ে আলোচনা কৰা হয় জিলা প্ৰশাসনৰ সৈতে হোৱা বৈঠকত৷