Logo
image

চিনাকি উইকেটত চাপহীনভাৱে খেলাৰ আশা ৰিয়ানৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপৰ্টাৰ, ২৫ মাৰ্চঃ  ‘আই পি এল দল এটাক নেতৃত্ব দিব পৰাটো মোৰ বাবে গৌৰৱৰ কথা৷ ইয়াৰ বাবে মই ৰাজস্থান ৰয়েলছৰ প্ৰতি চিৰকৃতজ্ঞ৷ মই পূৰ্বে ৰাজ্যিক দলক নেতৃত্ব দিছিলো যদিও এনে স্তৰত কেতিয়াও  দায়িত্ব পোৱা নাছিলো৷ মোৰ কেৰিয়াৰৰ উত্তৰণত ৰাজস্থান ৰয়েলছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ আৰম্ভণিৰ পৰাই মোৰ পাছত দলটো থিয় হৈ আছে৷ এইবাৰ অধিনায়কৰ দায়িত্ব দি মোৰ প্ৰতি যি গভীৰ আস্থা ৰয়েলছৰ টীম  মেনেজমেণ্টে  প্ৰকাশ কৰিছে  তাক লৈ মই আপ্লুত, লগতে দলক প্ৰত্যাশিত সফলতা দিবলৈও মই সাজু৷’– এই মন্তব্য ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ৷ উল্লেখ্য যে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ  [আই পি এল]  ঘৰুৱা মেচ গুৱাহাটীত খেলিবলৈ অহা ৰাজস্থান ৰয়েলছে বুধবাৰে  বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কলকাতা নাইটৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিব৷


  সংবাদমেলত অংশ লৈ ৰিয়ানে মেচৰ প্ৰস্তুতি তথা অধিনায়ক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে মিডিয়াৰ লগত বাৰ্তালাপ কৰি নিজৰ অনুভূতি ব্যক্ত কৰে৷ গুৱাহাটীত দুয়োখন মেচতে ঘৰুৱা অনুৰাগীৰ সন্মুখত ৰয়েলছ দলক নেতৃত্ব দিব পৰাটো  ৰোমাঞ্চকৰ অভিজ্ঞতা হ’ব বুলিও অসম সন্তানজনে ব্যক্ত কৰে৷ আনহাতে, এ চি এ ষ্টেডিয়ামৰ উইকেট, খেলপথাৰ তথা গেলাৰীৰ দৰ্শক তেওঁৰ বাবে চিনাকি হোৱাত নেতৃত্বৰ চাপ নাথাকে বুলিও তেওঁ কয়৷ ৰিয়ানে কয়–‘বুধবাৰৰ  দিনটো মোৰ বাবে উল্লেখনীয়৷ আমি প্ৰথম মেচ হায়দৰাবাদত খেলিছিলো৷ কিন্তু বুধবাৰে  আমাৰ প্ৰথম ঘৰুৱা মেচ, লগতে মোৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে খেলিব৷ আশাকৰো আমি ঘৰুৱা সমৰ্থকৰ আশীৰ্বাদ আৰু মৰম খেলপথাৰত পাম৷ ঘৰত খেলাৰ সুযোগে আমাক সফলতা দিয়াতো নিশ্চিতৰূপত সহায় কৰিব৷