
আইপিএল খেলৰ বাবে গুৱাহাটীত যান-বাহনৰ গতি পথ সালসলনি
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৫ মাৰ্চঃ গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত চ্ছ আৰু ৩০ মাৰ্চত অনুষ্ঠিত হ’ব আইপিএলৰ দুখনকৈ মেচ৷ বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া এই মেচৰ বাবে যান-বাহন চলাচলৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে৷ সেই অনুসৰি, উক্ত দুদিন বিয়লি ২ বজাৰ পৰা নিশা ১২ বজালৈ জি এছ ৰোড, বি কে কাকতি ৰোড, এ কে আজাদ ৰোড, , এ কে দেৱ ৰোড, কুল বসুমতাৰী পথ, ভূপেন হাজৰিকা পথ, মৰাভৰলু ৰোড, , বিষ্ণুপুৰ পথ, এ টি ৰোড, এ চি ৰোড আৰু বিৰুবাৰীৰ পৰা জিএমচিএইচ ৰোডৰ লগতে কাহিলিপাৰা পথত গধুৰ যান-বাহন চলাচলত নিষেধজ্ঞা জাৰি কৰা হৈছে৷ এ কে আজাদ ৰোড বিয়লি ৩ বজাৰ পৰা ৱান ৱে’ ঘোষণা কৰাৰ লগতে এই সময়ছোৱাত লালগণেশ তিনিআলিৰ পৰা চাইকেল ফেক্টৰী অভিমুখী যান-বাহন চলাচলত অনুমতি প্ৰদান কৰাৰ বিপৰীতে চাইকেল ফেক্টৰীৰ পৰা লালগণেশ তিনিআলিলৈ এ কে আজাদ ৰোডত যান-বাহন চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে৷ ইপিনে, বিয়লি ৪.৩০ বজাৰ পৰা লালগণেশ তিনিআলিৰ পৰা চাইকেল ফেক্টৰীলৈ কেবল অনুমতি থকা বাহনহে প্ৰবেশ কৰিবলৈ দিয়া হ’ব৷
আনহাতে, ২৬ আৰু ৩০ মাৰ্চত কুল বসুমতাৰী পথক বান ৱে’ ঘোষণা কৰাৰ লগতে বিয়লি ৩ বজাৰ পৰা এই পথছোৱাত কেবল অনুমতি থকা বাহনহে প্ৰবেশ কৰিবলৈ দিয়া হ’ব৷ বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া এই মেচ দুখনৰ বাবে যান-বাহন আৰক্ষীয়ে ষ্টেডিয়ামলৈ যাবলগীয়া যাত্ৰী কঢ়িয়াই অনা বাহনসমূহক বৰ্ষাপাৰা তিনিআলি অথবা ধীৰেনপাৰা তিনিআলিত যাত্ৰী নমাই দিয়াৰ পিছত নিৰ্দিষ্ট পাৰ্কিং এলেকাত ৰখাবলৈ নিৰ্দেশ দিছে৷ একেদৰে মৰাভৰলু পথত যান-বাহনৰ প্ৰবেশ নিষিদ্ধ কৰাৰ লগতে ভূপেন হাজৰিকা পথত বাষ্ট্ৰীয় ঘাইপথৰ পৰা অহা বাহনসমূহ প্ৰবেশত অনুমতি দিছে৷