
আইচিচি আম্পায়াৰৰ এলিট পেনেলত বাহাল নীতীন মেনন
নতুন দিল্লী, ২৫ মাৰ্চঃ আই চি চিয়ে আম্পায়াৰৰ এলিট পেনেলৰ নতুন তালিকা প্ৰকাশ কৰিছে৷ এই সন্মানীয় পেনেলত অন্তৰ্ভুক্ত হৈছে দক্ষিণ আফ্ৰিকাৰ আল্লাহুদ্দিন পালেকাৰ আৰু ইংলেণ্ডৰ এলেক্স ৱাৰ্ফে৷ পেনেলত একমাত্ৰ ভাৰতীয় হিচাপে বাহাল আছে নীতীন মেনন৷ বিশ্বৰ শ্ৰেষ্ঠ মেচ অফিচিয়েল সকলৰ মাজত তেওঁ নিজৰ মৰ্যাদা ধৰি ৰাখিবলৈ সক্ষম হয়৷ ৰিচাৰ্ড ইলিংৱৰ্থৰ পাছত দ্বিতীয় স্থানত আছে মেনন৷ মাইকেল গ’ফ আৰু জোৱেল উইলছন পেনেলৰ পৰা অপসাৰণ হৈছে৷ তেওঁলোকৰ স্থানত অন্তৰ্ভুক্ত হৈছে পালেকাৰ আৰু ৱাৰ্ফ৷ আই চি চিৰ অধ্যক্ষ জয় শ্বাহে পেনেলত নতুনকৈ অন্তৰ্ভুক্ত হোৱা সকলক শুভেচ্ছা জনাইছে৷
প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰে পালেকাৰে পেনেলত স্থান পোৱাৰ বাবে আই চি চিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে৷ এই যাত্ৰাত লাভ কৰা সমৰ্থনৰ বাবে পালেকাৰে তেওঁৰ মেণ্টৰ, সতীৰ্থ আৰু পৰিয়ালক ধন্যবাদ জনায়৷ ৱাৰ্ফে আই চি চিৰ লগতে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে৷ আনহাতে, ভাৰতৰ জয়াৰমন মদনগোপালে এমাৰ্জিং পেনেলত স্থান লাভ কৰিছে৷ বি চি চি আয়ে জনোৱা মতে ৫০ বৰ্ষীয় মদনগোপালে বিদেশত টেষ্ট আৰু এদিনীয়া পৰিচালনাৰ বাবে যোগ্যতা অৰ্জন কৰিলে৷ তামিলনাডুৰ প্ৰাক্তন খেলুৱৈ মদনগোপালে এখন টেষ্ট, ২২ খন এদিনীয়া আৰু ৪২খন টি-টুৱেণ্টী আন্তঃৰাষ্ট˜ীয় পৰিচালনা কৰিছে৷