Logo
image

প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ দেহাৱসান

◾প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ দেহাৱসান।

◾দীৰ্ঘদিন ধৰি দিছপুৰ হাস্পতালত চিকিসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্মন।

◾দেওবাৰে সন্ধিয়া ৬.২০ বজাত শেষ নিশ্বাহ ত্যাগ কৰে ৮৯ বছৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

◾ডাঃ ভূমিধৰ বৰ্মন ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈ নলবাৰী জিলা কংগ্ৰেছ (ই) কমিটীৰ সভাপতি আছিল।

◾১৯৮৫-৮৬ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আছিল ডাঃ বৰ্মন।

◾১৯৯৭-৯৮ চনত তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি আছিল

◾ইয়াৰ উপৰিও তেখেতে অসম কংগ্ৰেছ কমিটীৰ ভাৰপ্ৰাপ্ত সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

◾১৯৭৮ চনত টিহুত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ তেওঁ সভাপতি আছিল।

◾২০০৬ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক বেলশৰ অধিৱেশনৰো সভাপতি আছিল ডাঃ বৰ্মন।